নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুজৰাটক পৰাস্ত কৰি IPL-2026ৰ ফাইনেলত RCB

ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে প্রথমটো দল হিচাপে চলিত আইপিএলৰ ফাইনেলত স্থান নিশ্চিত কৰিছে৷ ধৰমশালাত অনুষ্ঠিত প্রথমখন কোৱালিফায়াৰত বেংগালুৰুৱে গুজৰাট টাইটানছক ৯২ ৰানত পৰাস্ত কৰে৷

অৱশ্যে মেচখনত পৰাস্ত হ’লেও গুজৰাটে ৰাজস্থান আৰু ছানৰাইজার্ছৰ মাজত হ’বলগীয়া এলিমিনেটৰ মেচখনৰ বিজয়ী দলটোৰে দ্বিতীয়খন কোৱালিফায়াৰত মুখামুখি হ’ব৷

মেচখনত আৰচিবিয়ে জয়ৰ বাবে বান্ধি দিয়া ২৫৫ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰিবলৈ আহি জেকব ডাফি আৰু ৰাছিখ ছালামৰ দুর্দান্ত বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ গুজৰাটে ১৯.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৬২ ৰানহে কৰে৷

দলটোৰ হৈ সর্বাধিক ৬৮ ৰান কৰে ৰাহুল টেৱাটিয়াই৷ বাটলাৰে ২৯ আৰু সুদর্শনে ১৪ ৰান কৰে৷ অধিনায়ক গিলে ২, নিশান্ত সিন্ধুৱে ৫, ৱাশ্বিংটন সুন্দৰে ৮, জেচন হ’ল্ডাৰে ০ আৰু ৰছিদ খানে ৮ ৰান কৰি বিদায় লয়৷ আৰচিবিৰ হৈ ডাফিয়ে সর্বাধিক ৩টা আৰু ছালাম, ভুবনেশ্বৰ আৰু ক্রুনাল পাণ্ডিয়াই ২টাকৈ উইকেট লাভ কৰে৷

ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি অধিনায়ক ৰজত পাটিদাৰৰ ৩৩টা বলত অপৰাজিত ৯৩ ৰানৰ সহায়ত ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে নির্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২৫৪ ৰান কৰে৷

ভেংকটেশ আয়াৰ আৰু বিৰাট কোহলিয়ে ইনিংছ মুকলি কৰে যদিও দলীয় স্ক’ৰ ২১ ৰানত ভেংকটেশৰ ৰূপত আৰচিবিয়ে প্রথমটো উইকেট হেৰুৱাই চাপত পৰে৷ ভেংকটেশে ৭টা বলত ১৯ ৰান কৰি বিদায় লয়৷

অৱশ্যে কোহলি আৰু দেৱদত্ত পাড়িকালে চমকপ্রদ বেটিং দাঙি ধৰি দলটোক সবল স্থিতিত উপনীত কৰায় ৷ দুয়োৰে মাজত ৭২ সংগ্রহ হোৱাৰ সময়ত কোহলিয়ে বিদায় লয়৷ কোহলিয়ে ২৫টা বলত ৫টা চাৰি আৰু এটা ছয়েৰে ৪৩ ৰানৰ অৱদান আগবঢ়ায়৷

কোহলি আউট হোৱাৰ ক্ষন্তেক পিছতে পাড়িকাল আউট হোৱাত দলটো পুনৰ বিপদত পৰে৷ পাড়িকালে ১৯টা বলত ৩০ ৰান কৰে৷ ইপিনে, অধিনায়ক পাটিদাৰে ক্রুনাল পাণ্ডিয়াৰ সৈতে লগ লাগি দলক শক্তিশালী স্থিতিত উপনীত কৰায়৷ দুয়োৰে মাজত চতুর্থ উইকেটত ৯৫ ৰান সংগ্রহ হোৱাৰ সময়ত ক্রুনাল ব্যক্তিগত ৪৩ ৰানত আউট হয়৷

অৱশ্যে পাটিদাৰে বিস্ফোৰক ৰূপ ধাৰণ কৰি দলটোক শক্তিশালী স্থিতিত উপনীত কৰায়৷ পাটিদাৰে ৩৩টা বলত ৫টা চাৰি আৰু ৯টা ছয়েৰে ৯৩ ৰান কৰি অপৰাজিত হৈ থাকে৷ টীম ডেভিদে মাত্র ৪ ৰান কৰি বিদায় লোৱাৰ বিপৰীতে জিতেশ শর্মাই ৫টা বলত ১৫ ৰান কৰি অপৰাজিত হৈ থাকে৷

ডিজিটেল ডেস্ক, ২৭ মে’

You might also like