নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত ৩৬৭খন কেণ্টিনত ৫ টকাতে মাছ–ভাত

দাম বৃদ্ধিয়ে মাধমাৰ শোধোৱাৰ সময়তে পশ্চিমবংগৰ নৱগঠিত বিজেপি চৰকাৰে এক সুদূৰপ্রসাৰী পদক্ষেপ গ্রহণ কৰিছে৷ মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীয়ে ঘোষণা কৰে যে ৰাজ্যখনত ৩৬৭খন মা কেণ্টিনত গ্রাহকে এতিয়াৰ পৰা ৫ টকাতে আহাৰ গ্রহণ কৰিব৷

তদুপৰি সপ্তাহটোৰ দুদিন একে দামতে মাছ–ভাতো খাব পাৰিব গ্রাহকে৷ আজি কল্যাণীত প্রশাসনিক বৈঠকৰ শেষত মা কেণ্টিনক লৈ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ কথা সদৰী কৰে শুভেন্দু অধিকাৰীয়ে৷

তেওঁ কয়– বর্তমান পশ্চিমবংগত ৩৬৭খন মা কেণ্টিন আছে৷ এই আটাইকেইখন কেণ্টিন অব্যাহত থাকিব৷ বর্তমান কেণ্টিনৰ সংখ্যা বৃদ্ধি নাপালেও যিকেইখন আছে, তাত ৫ টকাতে আহাৰ খুৱাম৷

তদুপৰি সপ্তাহত দুদিন মাছো খাব পাৰিব৷ সদ্যসমাপ্ত নির্বাচনৰ সময়ত তৃণমূল কংগ্রেছে বিজেপিৰ বিৰুদ্ধে মাছ–মাংসৰ বিৰোধী বুলি অপপ্রচাৰ চলাইছিল৷ তেওঁলোকে বিজেপি ক্ষমতালৈ আহিলে ৰাজ্যৰ জনসাধাৰণে মাছ–মাংস খাব নোৱাৰিব বুলি প্রচাৰ চলাইছিল৷

কিন্তু শুভেন্দু অধিকাৰী চৰকাৰে তৃণমূলৰ এই অভিযোগ ভুল প্রমাণ কৰিলে৷ উল্লেখ্য যে পশ্চিমবংগৰ তৃণমূল চৰকাৰে ২০২১ চনত দৰিদ্র আৰু আর্তজনৰ বাবে ৫ টকাত দুপৰীয়াৰ আহাৰ যোগান ধৰিবলৈ মা কেণ্টিন প্রকল্প আৰম্ভ কৰিছিল৷

এই প্রকল্পৰ অধীনত মা কেণ্টিনসমূহত ৫ টকাৰ বিনিময়ত ভাত, দাইল, পাচলি আৰু কণী দিয়া হৈছিল৷ কিছুদিন পূর্বে বিজেপি নেতা দিলীপ ঘোষে এই কেণ্টিনসমূহত মাছ, ভাত খুওৱা হ’ব বুলি দাবী কৰিছিল৷ ইয়াৰ পিছতে চৰকাৰে এই সিদ্ধান্ত গ্রহণ কৰে৷

ডিজিটেল ডেস্ক, ২৭ মে’

You might also like