৮৭ দিনৰ পিছত ইৰানত মুকলি ইণ্টাৰনেট
ইণ্টাৰনেট শ্বাট ডাউনৰ ইতিহাসত ইৰানে এক দুর্ভাগ্যজনক বিশ্বাভিলেখ গঢ়িছে৷ আমেৰিকাৰ সৈতে যুদ্ধৰ বিভীষিকা আৰু আভ্যন্তৰীণ অস্থিৰতাৰ বাবে বিগত প্রায় তিনি মাহ বিচ্ছিন্ন হৈ থকা ইণ্টাৰনেট সেৱা অৱশেষত ইৰানত পুনৰ সক্রিয় কৰা হৈছে৷
ইৰান চৰকাৰৰ মুখপাত্র ফাতেমে মোহাজেৰানিয়ে ঘোষণা কৰে যে ৰাষ্ট্রপতি পেজেস্কিয়ানৰ নির্দেশ মর্মে সমগ্র দেশখনত ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰা হৈছে৷ ইয়াৰ লগে লগে ৮৭ দিনীয়া ডিজিটেল ব্লেক আউটৰ পৰা মুক্তি পালে ইৰানৰ ৯ কোটিৰো অধিক জনতাই৷
মঙলবাৰে সংবাদ মাধ্যমক সম্বোধন কৰি চৰকাৰী মুখপাত্রগৰাকীয়ে কয়– ইণ্টাৰনেট নিষেধাজ্ঞা পর্যালোচনাৰ বাবে গঠিত এক বিশেষ চাইবাৰ স্পেচ টাস্ক ফ’র্চে এখন বৈঠকত মিলিত হয়৷
উক্ত বৈঠকৰ পৰামর্শৰ পিছতে ৰাষ্ট্রপতি পেজেস্কিয়ানে সংশ্লিষ্ট মন্ত্রালয়ত ইণ্টাৰনেট মুকলি কৰি দিয়াৰ নির্দেশ দিয়ে৷ মুখপাত্রগৰাকীয়ে লগতে কয় যে অনাগত দিনত দেশবাসীৰ মৌলিক অধিকাৰসমূহ সুৰক্ষিত কৰিবলৈ চৰকাৰ সক্ষম হ’ব৷
ইণ্টাৰনেট নিষেধাজ্ঞাক লৈ চৰকাৰে জনসাধাৰণৰ মাজত থকা উদ্বেগ দূৰ কৰিবলৈ উচিত পদক্ষেপ গ্রহণ কৰিছে৷ উল্লেখ্য যে আন্তঃৰাষ্ট্রীয় ইণ্টাৰনেট নিৰীক্ষণ সংস্থা নেট ব্লকছৰ মতে ইয়াৰ পূর্বে গৃহযুদ্ধৰ বাবে ছুডানে সর্বাধিক ৩৬ দিন ইণ্টাৰনেট বন্ধ কৰি ৰাখিছিল৷
কিন্তু আমেৰিকাৰ সৈতে যুদ্ধ আৰু দেশৰ ভিতৰত চলা চৰকাৰবিৰোধী আন্দোলনৰ পৰিপ্রেক্ষিতত ইৰানত একেৰাহে ৮৭ দিন ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰখা হৈছিল৷ ইণ্টাৰনেট সেৱা বন্ধই দেশখনৰ অর্থনীতি আৰু শিক্ষাত ব্যাপক প্রভাৱ পেলাইছিল৷ শেহতীয়া সিদ্ধান্তই দেশখনত শান্তিৰ বাতাৱৰণ ঘূৰি অহাটোকে সূচাইছে৷
ডিজিটেল ডেস্ক, ২৭ মে’