নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ডিগ্রীৰ পাহাৰ

অসমত কলেজ–বিশ্ববিদ্যালয়ৰ সংখ্যা বৃদ্ধিৰ লগে লগে শিক্ষিত লোকৰ সংখ্যাও ক্রমাৎ বৃদ্ধি পাইছে৷ অসমত চৰকাৰী মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ সমান্তৰালকৈ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ সংখ্যাও বৃদ্ধি হৈছে৷ বর্ধিত শিক্ষানুষ্ঠানৰ লগে লগে উচ্চ শিক্ষিত লোকৰ সংখ্যাও বাঢ়িছে৷ অসমত প্রতি বছৰে প্রায় ৭৫ৰ পৰা ৯০ হাজাৰ শিক্ষার্থীয়ে স্নাতক ডিগ্রী লাভ কৰে৷ ৪০ৰ পৰা ৫০ হাজাৰ শিক্ষার্থীয়ে স্নাতকোত্তৰ ডিগ্রী লাভ কৰে৷ এই উত্তীর্ণৰ সংখ্যা বৃদ্ধিৰ লগে লগে এটা কথা স্পষ্ট যে সমাজত উচ্চ শিক্ষিত লোকৰ সংখ্যাও বাঢ়িছে৷ এই পৰিসংখ্যালৈ মন কৰিলে এনে লাগে সমাজখন পূর্বতকৈ অধিক সৎ, সক্রিয়, সহনশীল মানুহেৰে ভৰি পৰিব লাগিছিল, কিন্তু তেনে পৰিৱেশ আজি দুর্লভ৷ চৌদিশে দুর্নীতি, অসামাজিক কার্যকলাপ৷ ইয়াৰ অন্তৰালত কোনবোৰ মানুহ জড়িত হৈ আছে, আমি মন কৰিলেই দেখিবলৈ পাওঁ৷ অলপতে এজন এচিএছ বিষয়াই দুর্নীতি কৰোঁতে হাতে–লোটে ধৰা পৰে৷ এখন সমাজে যিসকল লোকক সন্মানৰ চকুৰে চায়, সেই মানুহবোৰেই যদি অনৈতিক কাম–কাজত লিপ্ত হয়, ইয়াতকৈ নিৰাশাজনক খবৰ কি হ’ব পাৰে। শিক্ষিত লোকসকলক মানুহে সন্মান কৰে, সেই সন্মানখিনি সাধাৰণ মানুহৰ মনত জীয়াই ৰাখিবলৈ সৎ, ভদ্র–নম্র, সহনশীল হ’ব লাগিব, সমাজক পোহৰমুখী বাটেৰে আগুৱাই নিবলৈ চেষ্টা কৰিব লাগিব৷ কিন্তু আজি শিক্ষিতৰ অধিকাংশই দুর্নীতিত নিমজ্জিত হৈছে৷ যাৰ বাবে ইজনৰ পিছত সিজন বিষয়া–কর্মচাৰী গ্রেপ্তাৰ হৈ আছে৷ এই সকলোবোৰৰ বাবে কম–বেছি পৰিমাণে দায়ী শিক্ষা ব্যৱস্থা৷ আজিৰ শিক্ষাই মানুহক কেৱল ডিগ্রী দিছে, কিন্তু মূল্যবোধৰ শিক্ষা দিবলৈ সক্ষম হোৱা নাই৷ সেয়ে আজিও বহু শিক্ষিতৰ মুখত এটাই কথা– টকা নহ’লে সকলো মিছা৷ যিকোনো উপায়েৰে টকা লাগে৷ ‘টকাই সকলো’ ধাৰণাই সমাজখনক এফালৰ পৰা ধ্বংস কৰি গৈছে৷ সেয়ে হয়তো পঢ়ি থকা সময়ত দুর্নীতিৰ বিষয়ত দীঘলীয়া ৰচনা লিখি চাকৰি পোৱাৰ লগে লগে ‘টকাই শ্রেষ্ঠ’ ধাৰণাৰে দুর্নীতি কৰিবলৈ আৰম্ভ কৰে৷ সম্প্রতি শিক্ষাৰ পৰিৱেশ এনে ধৰণৰ–নম্বৰ কেনেকৈ বেছিকৈ পাম সেই শিক্ষা সকলোৱে দিয়ে, কিন্তু মানুহ কেনেকৈ হ’ম সেই শিক্ষা দিয়া মানুহৰ সংখ্যা কম৷ এতিয়া সমাজত লাহে লাহে শিক্ষিতৰ সংজ্ঞাও সলনি হৈছে৷ পূর্বতে শিক্ষিত মানে আছিল–জ্ঞানী, সমাজসেৱী৷ কিন্তু এতিয়া শিক্ষিতৰ সংজ্ঞা হ’ল–কেৱল ডাঙৰ ঘৰ, গাড়ী, চাকৰি৷ বহুতে আজিকালি ডিগ্রীটো কেৱল সমাজৰ আগত মুখ দেখুৱাবলৈহে লয়– কিবা শিকিবলৈ নহয়৷
বহুতে সময়–সুবিধা পালেই কয়– আজিকালি পঢ়া–শুনা কৰা মানুহতকৈ নপঢ়া কেইজনৰহে টকা–পইচা অধিক৷ গতিকে, কিবাকে নম্বৰকেইটা লৈ পাছ কৰিলেই হ’ল৷ সেয়ে শিক্ষার্থীয়ে নম্বৰৰ বাবে পৰীক্ষাৰ এমাহৰ আগৰ পৰাহে ভালদৰে পঢ়ে আৰু পৰীক্ষাত নম্বৰ বোটলে৷ মুঠতে মানুহে লাহে লাহে ডিগ্রীক ভাল পাবলৈ আৰম্ভ কৰিছে, কিন্তু জ্ঞান, বিদ্যাক ক’ৰবাতেই এৰিছে৷ চাকৰিৰ পিছত দৌৰিছে, সেৱাৰ মনোভাবক বিসর্জন দিছে৷ টকাক ভাল পাবলৈ শিকিছে, সত্যক দূৰতেই এৰিছে৷ এই পৰিস্থিতি এতিয়া চৌপাশে সুলভ৷ শিক্ষানুষ্ঠানবোৰেও কমন আৰু নোটছক অধিক গুৰুত্ব দিয়ে৷ যাতে ল’ৰা–ছোৱালীয়ে কম কষ্টত অতি সহজে মুখস্থ কৰি অধিক নম্বৰ অর্জন কৰিব পাৰে৷ আচলতে উচ্চ শিক্ষাত মুখস্থ বিদ্যাতকৈ অধিক প্রজেক্ট–প্রেক্টিকেলত্ গুৰুত্ব দিয়াব লাগে৷ নম্বৰৰ সংখ্যা প্রজেক্ট–প্রেক্টিকেলত্ বৃদ্ধি কৰি থিয়’ৰীত কমাব লাগে৷ মুঠতে শিক্ষার্থীক অধিক দক্ষ আৰু সৎ, সাহসী কৰি গঢ়ি তুলিব লাগে৷ চৰিত্র গঠনত অধিক গুৰুত্ব দিব লাগে৷ আজি বহুতৰে বহু ডিগ্রী থাকিলেও বহুতেই কম্পিডটাৰ, লেপটপৰ ব্যৱহাৰ সঠিকভাৱে কৰিব নোৱাৰে, বহু শিক্ষিতই এমএছ এক্সেল, ই–মেইলৰ কথাখিনিকেই নাজানে৷ অথচ তেওঁলোকৰ হাতত অনবৰতে এটা দামী ম’বাইল থাকে৷ আমি কেৱল ডিগ্রীত গুৰুত্ব নিদি দক্ষতা, জ্ঞানক গুৰুত্ব দিব লাগিব৷ চৰকাৰে দুর্নীতিগ্রস্ত বিষয়া, কর্মচাৰীক প্রমাণসহকাৰে দোষী সাব্যস্ত হ’লে সম্পত্তি বাজেয়াপ্ত কৰি, চাকৰি বাতিল কৰিব লাগিব আৰু দক্ষতাক অধিক গুৰুত্ব দিব লাগিব৷ সমাজেও দুর্নীতিগ্রস্ত লোকক বর্জন কৰি, সৎ মানুহৰ জয়গান অধিক গাব লাগিব৷ নহ’লে এইদৰে আগবাঢ়িলে এদিন ডিগ্রীৰ পাহাৰত জুই লাগিব, যি জুয়ে সমগ্র সমাজখনকে গ্রাস কৰিব৷ সেয়ে জুই লগাৰ পূর্বেই সমাজ সচেতন হ’ব লাগিব৷ পৰিয়ালতো সন্তানে কিমান নম্বৰ পালে তাত গুৰুত্ব দিয়াতকৈ দৈনিক কলেজত কি শিকিলে, কি পঢ়ালে তেনে কথাত অধিক গুৰুত্ব দিয়া প্রয়োজন৷ অর্থাৎ বছৰত সন্তানে কিমান শতাংশ পালে তাত মনোনিৱেশ কৰাতকৈ দৈনিক কিমান শতাংশ বুজিলে, কিমান ভাল কথা আয়ত্ত কৰিলে, সেইটোত অধিক গুৰুত্ব দিব লাগিব৷ আমি পাহৰিব নালাগে–শিক্ষাৰ উদ্দেশ্য কেৱল চাকৰি লোৱা, ধনী হোৱা, ডাঙৰ মানুহ হোৱাই নহয়, চাকৰি দিবলৈ, সৎ হ’বলৈ, সকলো মানুহক সন্মান দি ভালক গুৰুত্ব দিবলৈও শিকিব লাগিব৷ কেৱল ডিগ্রীৰ বাবেই শিক্ষা নহয়, সমাজৰ নির্মাণৰ বাবেও শিক্ষা– এই কথাখিনি আমি সময় থাকোঁতেই উপলব্ধি কৰিব লাগিব।

You might also like