নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনৈতিক জল্পনা-কল্পনাৰ অন্ত পেলাই মুখ্যমন্ত্ৰী পদৰ পৰা ইস্তফা সিদ্দাৰামায়াৰ

কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা ইস্তফা দিছে ছিদ্দাৰামায়াই। বিগত কেইবাদিন ধৰি চলি থকা সকলো ৰাজনৈতিক জল্পনাৰ অন্ত পৰিছে কৰ্ণাটকত। ইস্তফা দিয়াৰ পিছত তেওঁ কয়, “হাইকমাণ্ডে যি কৈছিল মই ঠিক সেইদৰে কৰিছোঁ। পাৰ্টিৰ শীৰ্ষ নেতৃত্বই মোক প্ৰথমতেই ইস্তফা দিবলৈ কৈছিল। ৰাজ্যপাল আহিলে তেওঁ এই ইস্তফা গ্ৰহণ কৰিব বুলি মোৰ পূৰ্ণ বিশ্বাস আছে, কাৰণ সংবিধান অনুসৰি সেইদৰে কৰা উচিত।”

বৰ্তমান কৰ্ণাটকৰ ৰাজ্যপাল ৰাজ্যত উপস্থিত নথকাৰ বাবে সিদ্দাৰামায়াই ৰাজ্যপালৰ সচিবৰ হাতত ইস্তফাপত্ৰ দাখিল কৰে।

২০০৬ চনত দলত যোগদান কৰাৰ পিছৰে পৰা লাভ কৰা সমৰ্থনৰ বাবে তেওঁ ছোনিয়া গান্ধী, ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে, কংগ্ৰেছ কৰ্মী, বিধায়ক আৰু সাংসদসকলক ধন্যবাদ জনায়।

তেওঁ কয়, “সংবিধানেই সৰ্বোচ্চ আৰু আমি সদায় সংবিধানে দেখুওৱা পথত চলাৰ চেষ্টা কৰিছোঁ। সংবিধানত নিৰ্ধাৰিত নীতি অনুসৰিয়েই আমি কথা কৈ আহিছোঁ। জনসাধাৰণে আমাক এক নিবেদিত অনুসৰী হিচাপে গ্ৰহণ কৰিছিল। আমাৰ সমৰ্থক আৰু অনুৰাগীসকল সদায় আমাৰ লগত থিয় দিছিল।”

তেওঁ আৰু কয়, “মই কৰ্ণাটকৰ ৭ কোটি লোকক সেৱা কৰাৰ সুযোগ পাইছোঁ। মোক দুবাৰ মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ দিয়া হৈছিল। দুবাৰ বিৰোধী দলৰ নেতা হোৱাৰো সুযোগ পাইছিলোঁ। এই সুযোগ দিয়াৰ বাবে মই ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু আমাৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক ধন্যবাদ জনাইছোঁ। তেওঁলোকে এই সুযোগ নিদিলে মই কেতিয়াও মুখ্যমন্ত্ৰী হ’ব নোৱাৰিলোঁহেঁতেন।”

মুখ্যমন্ত্ৰী আৰু বিৰোধী দলৰ নেতা হিচাপে নিজৰ কাৰ্যকালৰ কথা স্মৰণ কৰি সিদ্দাৰামাইয়াই কয় যে তেওঁ কৰ্ণাটকৰ ৭ কোটি জনসাধাৰণক সেৱা কৰাৰ সুযোগ পাইছিল। বিৰোধীক সমালোচনা কৰি তেওঁ কয় যে কংগ্ৰেছৰ গেৰান্টি আঁচনিয়ে ৰাজ্যৰ কোষাগাৰ খালী কৰি দিব বুলি ভুল তথ্য প্ৰচাৰ কৰা হৈছিল, য’ত প্ৰধানমন্ত্ৰীৰ নামো জড়িত আছিল।

সিদ্দাৰামাইয়াই কয়, “মই আগতেই কৈছিলোঁ যে যেতিয়াই হাই কমাণ্ডে মোক নিৰ্দেশ দিব, মই ইস্তফা দিম। সেই অনুসৰিয়েই আজি মই ইস্তফা দাখিল কৰিছোঁ। এতিয়া নতুন মুখ্যমন্ত্ৰীৰ বাবে পথ মুকলি কৰা হৈছে বুলি ধৰা হৈছে। আমাৰ দলৰ প্ৰতি আৰু জনকল্যাণৰ প্ৰতি দায়িত্ব অব্যাহত থাকিব। ইয়াত কোনো হতাশাৰ কথা নাই। আমাৰ দলে ১৩৫+১ আসন লাভ কৰি জয়ী হৈছিল আৰু দুজন নিৰ্দলীয় প্ৰাৰ্থীয়েও আমাৰ চৰকাৰক সমৰ্থন আগবঢ়াইছিল।”

ডিজিটেল ডেস্ক, ২৮ মে’

You might also like