নিয়মীয়া বাৰ্তা, গেলেকী, ২৯ মে’ : শুকুৰবাৰে পুৱাৰ ভাগতে নাজিৰাৰ গেলেকী ন-আলিত শ্ৰমিক কঢ়িয়াই অনা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত এগৰাকী অন্তঃসত্ত্বা মহিলাসহ প্ৰায় ৩৫গৰাকী পুৰুষ-মহিলা শ্ৰমিক আঘাতপ্ৰাপ্ত হয়।
ঘটনা মৰ্মে আজি পুৱা প্ৰায় ৭ বজাত নাজিৰাৰ হাতীপট্টি আৰু বগীচাপৰি অঞ্চলৰ পৰা আনদিনাৰ দৰে গেলেকী আঠখেলস্থিত চাহ বাগিচালৈ কাম কৰিবৰ বাবে হাতীপট্টিৰ প্ৰাঞ্জল পাংগিঙৰ মালিকানাধীন এ এছ-০৪ বি চি-৯৮৩৮ নম্বৰৰ টাটা এ চি বাহনখনেৰে প্ৰায় ৩৫গৰাকী পুৰুষ-মহিলা শ্ৰমিক কঢ়িয়াই নিছিল। গেলেকী ন-আলিৰ পথত বাহনখনৰ আগেদি এজনে দৌৰি পথৰ ইটোপাৰলৈ যোৱাত তীব্ৰ বেগত যোৱা গাড়ীখনৰ চালকে ব্ৰেক মৰাত পথৰ মাজতে গাড়ীখন বাগৰি পৰে। এই দুৰ্ঘটনাত গাড়ীখনত যোৱা ভনী লাইক নামৰ দুমহীয়া অন্তঃসত্ত্বা মহিলাগৰাকীসহ প্ৰায় ৩৫গৰাকী লোক আঘাতপ্ৰাপ্ত হয়।
স্থানীয় ৰাইজে লগে লগে গেলেকীৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযোগত ততাতৈয়াকৈ আহতসকলক গেলেকী প্ৰাথমিক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে। এই দুৰ্ঘটনাত কান্দা কৰ্মকাৰ, কৰণ ভূমিজ, ৰাঘৱ নায়ক, টিচন কৰ্মকাৰ, বিজয় কৰ্মকাৰ, প্ৰদীপ তাঁতী, পেৰু কৰ্মকাৰ, দুৰ্গা কৰ্মকাৰ, অৰ্জুন ভূঞা, ভোলাপন তাঁতী, মাসন ৰবিদাস, উপেন ভূমিজ, নীহাৰিকা মেছ, ৰাম তাঁতী, পৱন ভূঞা, জিতেন ভূঞা আদিকে ধৰি প্ৰায় ৩৫গৰাকী পুৰুষ -মহিলা শ্ৰমিক আঘাতপ্ৰাপ্ত হয়। এই দুৰ্ঘটনাত পতিত হোৱা শ্ৰমিকসকলৰ ভালেকেইজনৰ হাত, ভৰি ভঙাৰ লগতে মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত গেলেকীৰ পৰা নাজিৰা লিগিৰী পুখুৰীস্থ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ভালেকেইজন শ্ৰমিক অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত জয়সাগৰস্থ শিৱসাগৰ অসামৰিক চিকিৎসালয় আৰু ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।