নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএল শেষ হোৱাৰ পূর্বে নেতৃত্ব এৰিলে ঋষভ পণ্টে

ডিজিটেল ডেস্ক, ৩০ মে’ : আইপিএল শেষ হোৱাৰ পূর্বেই অধিনায়ক পদৰ পৰা পদত্যাগ কৰিলে ঋষভ পণ্টে৷ আইপিএলৰ মেগা নিলামত ২৭ কোটি টকাত ঋষভ পণ্টক ক্রয় কৰাৰ পিছতো লক্ষ্ণৌৱে আকাংক্ষিত সফলতা লাভ কৰিব নোৱাৰিলে৷ দুবাৰকৈ প্লে’ অফত প্রৱেশ কৰাত ব্যর্থ হয় দলটো৷

চলিত আইপিএলতো দলটোৰ প্রদর্শন আছিল পুতৌজনক৷ দলটোৰ এই ব্যর্থতাৰ বাবেই প্রতিযোগিতাখন সমাপ্ত হোৱাৰ পূর্বে অধিনায়ক পদৰ পৰা পদত্যাগ কৰিলে পণ্টে৷ শুকুৰবাৰে এই কথা ঘোষণা কৰিলে ফ্রেনছাইজীটোৰ ক্রিকেট পৰিচালক টম মোডীয়ে৷

দলটোৰ প্রশিক্ষক টম মোডীয়ে কয় যে ঋষভে নিজেই ফ্রেনছাইজীৰ ওচৰত এই অনুৰোধ জনাইছিল৷ আমি শ্রদ্ধাৰে গ্রহণ কৰিছোঁ৷ এনে সিদ্ধান্ত কেতিয়াও সহজ নহয়৷ অধিনায়ক হিচাপে ড্রেছিং ৰুমত তেওঁৰ অৱদানৰ বাবে আমি কৃতজ্ঞ৷

উল্লেখ্য যে ২০২৫ চনৰ নিলামত লক্ষ্ণৌৱে ২৭ কোটিত পণ্টক ক্রয় কৰিছিল৷ অধিনায়ক হিচাপে দুয়োটা ছিজনতে তেওঁ দলটোক প্লে’ অফলৈ লৈ যোৱাত ব্যর্থ হৈছে৷ চলিত আইপিএলত লক্ষ্ণৌৱে ১৪খন মেচৰ মাত্র ৬খনতহে জয়লাভ কৰিছে৷ ইপিনে, অধিনায়ক হিচাপে ২৮খন মেচৰ ভিতৰত পণ্টে মাত্র ১০খনতহে জয়ৰ মুখ দেখিছিল৷

You might also like