নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিফা বিশ্বকাপত বীয়েৰৰ নাটনি, এসপ্তাহৰ বীয়েৰ ৪ দিনতে শেষ

ডিজিটেল ডেস্ক, ২০ জুন : ফিফা বিশ্বকাপ চলি থকাৰ সময়তে আমেৰিকাত সুৰাৰ নাটনি৷ বিশেষকৈ বষ্টনত৷ পর্দাৰ আঁৰত স্কটলেণ্ড ফুটবল দলৰ অনুৰাগী৷ বর্তমান বষ্টনত আছে প্রায় ৫০ হাজাৰ স্কটলেণ্ড অনুৰাগী৷ চলিত বিশ্বকাপত নিজৰ দেশৰ দলটোক উৎসাহ যোগাবলৈ বষ্টনত উপস্থিত হৈছে সহস্রাধিক অনুৰাগী৷ এসপ্তাহৰ বীয়েৰ চাৰি দিনতে সেৱন কৰিলে স্কটলেণ্ডৰ অনুৰাগীয়ে৷ বষ্টনৰ বাসিন্দাসকলে এসপ্তাহত যিমান বীয়েৰ সেৱন কৰে, তাৰ চাৰি গুণ বীয়েৰ সেৱন কৰিছে স্কটলেণ্ডৰ অনুৰাগীয়ে৷

চলিত বিশ্বকাপৰ গ্রুপ চিৰ প্রথমখন মেচত হাইটিক পৰাস্ত কৰি অভিযান আৰম্ভ কৰিছে স্কটলেণ্ডে৷ পৰৱর্তী মেচখনত শুকুৰবাৰে নিশা মৰক্কোৰে মুখামুখি হয় দলটো৷ ১৯৯৮ চনৰ পিছত পুনৰ বিশ্বকাপত অংশগ্রহণ কৰা স্কটলেণ্ডক সমর্থন কৰিবলৈ চহৰখনত ৫০ হাজাৰ অনুৰাগী সমবেত হয়৷ প্রথমখন মেচ জয়ৰ উদযাপনৰ সময়ত স্কটলেণ্ডৰ অনুৰাগীসকলে সমগ্র চহৰখনৰ বীয়েৰ শেষ কৰিলে৷ পৰিস্থিতি ইমানেই বেয়া হৈ পৰিছে যে বিশ্বকাপৰ প্রথম সপ্তাহতে বীয়েৰ আনিবলৈ জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে৷ সময় মতে বীয়েৰ আহি নাপালে ব্যৱসায়ৰ ক্ষতি হ’ব বুলি বহু ব্যৱসায়ীয়ে আশংকা প্রকাশ কৰিছে৷

You might also like