নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিফা বিশ্বকাপ : হাইটিক হৰুৱাই পৰিচিত ছন্দলৈ উভতিল ব্রাজিল

ডিজিটেল ডেস্ক, ২১ জুন : বিশ্বকাপ আহি পোৱাৰ লগে লগে ব্রাজিলক কেন্দ্র কৰি প্রত্যাশা বাঢ়িবলৈ আৰম্ভ কৰে৷ পাঁচবাৰৰ বিশ্ব চেম্পিয়নৰ পৰা কেৱল জয়েই নহয়, অনুৰাগীয়ে বিচাৰে সৌন্দর্য, গতি, ছন্দ আৰু ছাম্বাৰ যাদু৷

চলিত বিশ্বকাপৰ প্রথমখন মেচত মৰক্কোৰ বিৰুদ্ধে ১–১ গ’লত ড্র খেলাৰ পাছত কঠোৰ সমালোচনাৰ সন্মুখীন হৈছিল৷ অৱশেষত বিশ্বকাপৰ মঞ্চত ছাম্বাৰ ছন্দই গতি লাভ কৰিছে৷ শনিবাৰে পুৱা অনুষ্ঠিত গ্রুপ চিৰ মেচ এখনত ব্রাজিলে হাইটিক ৩–০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি সম্পূর্ণ পইণ্ট অর্জন কৰে৷ ইফালে, গ্রুপৰ এখন মেচ বাকী থকা অৱস্থাত কেৰিবিয়ান দেশখন বিশ্বকাপৰ পৰা বাহিৰ হোৱা প্রথমটো দল হিচাপে পৰিগণিত হয়৷

শনিবাৰে ব্রাজিলৰ এই সহজ জয়ৰ পথ প্রশস্ত কৰে মেথিউজ কুনহাৰৰ দুটা আৰু ভিনিছিয়াচ জুনিয়ৰৰ এটা দর্শনীয় গ’লে৷ চলিত বিশ্বকাপত প্রথমটো জয়ৰ সোৱাদ লাভ কৰা ব্রাজিলে মেচখনৰ প্রথমার্ধতে তিনিওটা গ’ল স্ক’ৰ কৰি খেলখন নিজৰ আয়ত্তত ৰাখিছিল৷ মেচখনৰ ২৩ মিনিটত কুনহাই প্রথমটো গ’ল স্ক’ৰ কৰি ব্রাজিলক গুৰুত্বপূর্ণ অগ্রগতি প্রদান কৰে৷ ২৩ মিনিটত বাঁওফালৰ পৰা ভিনিছিয়াচ জুনিয়ৰে লোৱা শ্বটটো হাইটিৰ গ’লৰক্ষক জ’নি প্লেচিডে ব্লক কৰিছিল যদিও কুনহাই বলটো পুনৰ নেটত সোমাই দিয়াত ব্রাজিলে অগ্রগতি লাভ কৰে৷ ইয়াৰ কিছু সময় পিছতে অর্থাৎ ৩৬ মিনিটত কুনহাই ব্যক্তিগতভাৱে দ্বিতীয়টো গ’ল স্ক’ৰ কৰি দলটোক ২–০ গ’লত অগ্রগতি প্রদান কৰে৷

প্রথমার্ধত ব্রাজিলৰ আধিপত্য ইমানেই বেছি আছিল যে হাইটি কার্যতঃ নিজৰ অর্ধত আবদ্ধ হৈ পৰিছিল৷ প্রথমার্ধৰ ইনজুৰি সময়ৰ তিনি মিনিটত ভিনিছিয়াছ জুনিয়ৰে এক দর্শনীয় গ’ল স্ক’ৰ কৰি ব্রাজিলক ৩–০ গ’লত অগ্রগতি প্রদান কৰে৷

ইপিনে, দ্বিতীয়ার্ধত হাইটিয়ে দলটোত সামান্য সালসলনি কৰে৷ মিড ফিল্ডত অধিক খেলুৱৈক আনি খেলখনত নিয়ন্ত্রণ কৰিবলৈ চেষ্টা কৰে৷ ৪৮ মিনিটত হাইটিয়ে গ’ল স্ক’ৰ কৰাৰ সুযোগ লাভ কৰিছিল যদিও ব্যর্থ হয়৷ ইয়াৰ কিছু সময় পিছতে হাইটিয়ে গ’ল কৰাৰ আন এক সুযোগ পাইছিল যদিও সফলতাৰ মুখ নেদেখিলে৷ দ্বিতীয়ার্ধত ব্রাজিলেও গ’ল কৰাৰ কেইবাটাও সুযোগ লাভ কৰিছিল যদিও সফলতাৰ মুখ নেদেখিলে আৰু মেচখনত ৩–০ গ’লত জয়ৰ সোৱাদ লাভ কৰে ব্রাজিলে৷

ইফালে, ১৯৭৪ চনৰ পিছত প্রথমবাৰৰ বাবে বিশ্বকাপলৈ যোগ্যতা অর্জন কৰা হাইটিয়ে নকআউট ৰাউণ্ডৰ পূর্বে বিশ্বকাপৰ পৰা বিদায় লোৱাটো নিশ্চিত হোৱা প্রথম দল হিচাপে পৰিগণিত হয়৷ মন কৰিবলগীয়া যে আঘাতৰ পৰা সুস্থ নোহোৱা ব্রাজিলৰ তাৰকা খেলুৱৈ নেইমাৰে শনিবাৰৰ মেচখনতো অংশ লোৱাৰ পৰা বিৰত থাকে৷

You might also like