নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ইউচিচিৰ ঐতিহাসিক যাত্রা

দেশজুৰি বহুচর্চিত সম–নাগৰিক সংহিতা বিধি (ইউচিচি) গৃহীত কৰি এক ঐতিহাসিক যাত্রা সূচনা কৰিলে অসম বিধানসভাই৷ একেৰাহে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে ষষ্ঠদশ বিধানসভাৰ প্রথম অধিৱেশনতে ইউচিচি গৃহীত হোৱাৰ ফলত ৰাজ্যৰ আইন ব্যৱস্থাত বিশেষ পৰিৱর্তনৰ পথ প্রশস্ত হৈছে৷

দেশে স্বাধীনতা লাভ কৰাৰ প্রায় আঠ দশক হৈছে যদিও দেশৰ সকলো শ্রেণীৰ নাগৰিকৰ বাবে একেখন আইন বলৱৎ হোৱা নাই৷ দেশৰ সংবিধান প্রস্তুত আৰু কার্যকৰী হোৱাৰ দিনৰে পৰা উমৈহতীয়া দেৱানী বিধিৰ বিষয়টো চর্চিত হৈ আহিছে৷ দেশৰ প্রতিজন নাগৰিকক সম–আইনৰ অধীনত ন্যায় প্রদান কৰাটো এখন কল্যাণকামী ৰাষ্ট্রৰ দায়িত্ব৷

কিন্তু ধর্মীয় আৰু পৰম্পৰাগত কেতবোৰ নীতি–নিয়মৰ বাবে ইউচিচি কার্যকৰীকৰণৰ ক্ষেত্রত বাধাৰ সৃষ্টি হৈছে৷ দেশৰ সংবিধানৰ প্রণেতাসকলেও উমৈহতীয়া দেৱানী বিধিৰ গুৰুত্ব স্বীকাৰ কৰিছিল৷ কিন্তু ক্ষমতা দখলৰ ৰাজনীতি আৰু ভোটবেংকৰ মোহত এনে উমৈহতীয়া দেৱানী বিধি প্রস্তুত অথবা কার্যকৰীকৰণৰ বিষয়টোক ক্ষমতাত থকা ৰাজনৈতিক দলসমূহে গুৰুত্ব আৰোপ কৰা নাছিল৷

ষষ্ঠদশ অসম বিধানসভাত ২৫ মে’ত উত্থাপন কৰা ইউচিচি বিধেয়কখন ২৭ মে’ত গৃহীত হৈছে৷ এতিয়া ৰাজ্যপালৰ অনুমোদন লাভ কৰিলে বিধেয়কখনে আইনৰ ৰূপ লাভ কৰিব৷ ২০১৪ চনত প্রধানমন্ত্রীৰ আসনত অধিষ্ঠিত হৈয়ে নৰেন্দ্র মোদীয়ে ইউচিচি কার্যকৰী কৰাৰ আগ্রহ ব্যক্ত কৰিছিল৷ নতুন দিল্লীৰ লালকিল্লাত স্বাধীনতা দিৱসৰ ভাষণতো প্রধানমন্ত্রীগৰাকীয়্ ইউচিচিৰ বিষয়টো উত্থাপন কৰিছিল৷

ইউচিচি বিধেয়কখনক লৈ দেশজুৰি চলি থকা বিতর্কৰ মাজতে উত্তৰাখণ্ড বিধানসভাই দেশৰ ভিতৰতে প্রথমবাৰৰ বাবে গৃহীত কৰে৷ সম্প্রতি উত্তৰাখণ্ডত বলৱৎ হৈছে ইউচিচি৷ গোৱাতো ইউচিচি কার্যকৰীকৰণ হৈছে৷ গুজৰাট বিধানসভাত ইউচিচি গৃহীত হৈছে যদিও আইনৰ খচৰা চূড়ান্ত পর্যায়ত আছে৷ অসম বিধানসভাত ইউচিচি গৃহীত হোৱাৰ পাছত শীঘ্রে কার্যকৰীকৰণৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই পদক্ষেপ গ্রহণ কৰাৰ আশা আছে৷

ভোটবেংকৰ মোহ আৰু পৰম্পৰাগত ৰীতি–নীতিৰ সংস্কাৰ অবিহনে ইউচিচি বলৱৎ নহয়৷ এয়া বিগত সময়ছোৱাত ৰাজ্যসমূহৰ ক্ষমতাত থকা ৰাজনৈতিক দল আৰু মুখ্যমন্ত্রীসকলৰ স্থিতিত স্পষ্ট হৈছে৷ চুবুৰীয়া নাগালেণ্ড, মেঘালয়, মিজোৰাম আদি ৰাজ্যই ইউচিচিৰ তীব্র বিৰোধিতা কৰিছে৷ চুবুৰীয়া পশ্চিমবংগৰ পূর্বৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়েও ইউচিচিৰ তীব্র বিৰোধিতা কৰিছিল৷

পশ্চিমবংগৰ নতুন মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীয়ে শীঘ্রে ৰাজ্যখনত ইউচিচি বলৱৎ কৰা হ’ব বুলি ঘোষণা কৰিছে৷ একেদৰে তামিলনাডু, কেৰালা, কর্ণাটক, তেলেংগানা, পঞ্জাবকে ধৰি দেশৰ বহু ৰাজ্যই ইউচিচি বলৱৎ কৰাৰ নিজাববীয়া পদক্ষেপ গ্রহণ কৰা নাই৷ ৰাজ্যসভাত গৃহীত হ’লেও লোকসভাত ইউচিচি গৃহীত হোৱা নাই৷ কেন্দ্রীয় চৰকাৰৰ আহ্বানৰ ভিত্তিতহে এতিয়া একাংশ ৰাজ্যত ইউচিচি বলৱৎ হৈছে৷

অসমত ইউচিচি বলৱৎ হ’লে সামগ্রিকভাৱে সুৰক্ষিত হ’ব নাৰী সমাজ৷ বিশেষকৈ বাল্য বিবাহ আৰু বহু বিবাহে মহিলাসকলৰ অধিকাৰ খর্ব কৰাই নহয়, ৰাজ্যখনৰ জনগাঁথনিতো বিৰূপ প্রভাৱ পেলাইছে৷ শ্বৰীয়তৰ আধাৰত ইছলামধর্মী লোকসকলেও এতিয়া বহু বিবাহ কৰাব নোৱাৰিব৷ ইউচিচি বলৱৎ হোৱাৰ লগে লগে ১৯৩৭ৰ মুছলিম ব্যক্তিগত আইনেই নহয়, ১৯৫৫ৰ হিন্দু বিবাহ আইন, ১৯৫৬ৰ হিন্দু উত্তৰাধিকাৰী আইন গুৰুত্বহীন হ’ব৷

ইউচিচি কার্যকৰীকৰণৰ লগে লগে বিবাহ আৰু বিবাহ বিচ্ছেদৰ ক্ষেত্রত পঞ্জীয়ন বাধ্যতামূলক হ’ব৷ তিনি তালাক ব্যৱস্থাৰে বিবাহ বিচ্ছেদ ইতিমধ্যে বন্ধ কৰা হৈছে৷ এতিয়া বিবাহযোগ্য বয়স পুৰুষৰ বাবে ২১ বছৰ আৰু মহিলাৰ বাবে ১৮ বছৰ নির্ধাৰণ কৰা হৈছে৷ বিবাহ বিচ্ছেদৰ আনুষ্ঠানিক পঞ্জীয়ন অবিহনে কোনো ব্যক্তিয়ে দ্বিতীয় বিবাহ সম্পন্ন কৰিব নোৱাৰিব৷

বিচ্ছেদৰ পাছত যদিহে সন্তানৰ বয়স পাঁচ বছৰৰ তলৰ হয় তেন্তে সেই সন্তান মাতৃৰ সৈতে থাকিব৷ উত্তৰাধিকাৰী সূত্রে সম্পত্তি লাভত পুত্র–কন্যাৰ মাজত সম অধিকাৰৰ ব্যৱস্থা কৰা হৈছে৷ বহুবিবাহ আৰু বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ উপৰি পশ্চিমীয়া সংস্কৃতিৰ প্রভাৱত অসমতো বৃদ্ধি হোৱা লিভ ইন ৰিলেচনৰ নাকী লগোৱাৰ বাবে কেতবোৰ কঠোৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷

এতিয়া ইউচিচি বলৱৎ হোৱাৰ লগে লগে লিভ ইন ৰিলেচনত থাকিলে পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছে৷ অসমৰ মিঞা অধ্যুষিত অঞ্চলত বহুবিবাহ আৰু বাল্যবিবাহ এক মহাব্যাধিত পৰিণত হৈছে৷ দেশৰ প্রচলিত আইন ব্যৱস্থাৰ বিপৰীতে শ্বৰীয়তৰ নামত চলি থকা বহু বিবাহৰ ফলত জনগাঁথনিৰো বিশেষ পৰিৱর্তন দেখা গৈছে৷

চৰ আৰু মিঞা অধ্যুষিত অঞ্চলত বাল্যবিবাহ পূর্ণগতিত চলি থকাৰ ফলতো জনগাঁথনিগত পৰিৱর্তন হৈছে৷ ২০০৬ৰ বাল্যবিবাহ প্রতিৰোধ আইনৰ অধীনত ১৮ বছৰৰ তলত কোনেও বিবাহ সম্পন্ন কৰিব নোৱাৰিব৷ ২০২১ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যখনৰ পৰা বাল্যবিবাহ সমুলঞ্চে উৎখাত কৰিবলৈ এলানি কঠোৰ ব্যৱস্থা লৈছিল৷ ৰাজ্যখনত বাল্যবিবাহৰ সমস্যা কিমান ভয়াৱহ হৈ উঠিছিল সেয়া থানাসমূহত পঞ্জীভুক্ত গোচৰৰ সংখ্যাই প্রমাণ কৰে৷

২০২১ৰ এক এপ্রিলৰ পৰা ২০২৩ৰ ফেব্রুৱাৰীলৈকে ৰাজ্যখনত ৪,৬৭০টা গোচৰ পঞ্জীভুক্ত হৈছিল আৰু গোচৰসমূহত ৭,১৪২জন লোকৰ নাম আছে৷ বাল্যবিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা বিশেষ অভিযানত ৩,৪৮৩জন লোকক গ্রেপ্তাৰ কৰা হয়৷ ইয়াৰে ২,২৫৩জনে জামিন লাভ কৰে আৰু ১,১৮২জন লোকক কাৰাগাৰলৈ নিক্ষেপ কৰে৷

২০২১ৰ পূর্বে দেশত বাল্যবিবাহৰ ৰাষ্ট্রীয় হাৰ ২৩.৩ শতাংশৰ বিপৰীতে অসমৰ হাৰ আছিল ৩১.৮ শতাংশ৷ বাংলাদেশ সীমান্তৱর্তী ধুবুৰী জিলাত বাল্যবিবাহ ৫০ শতাংশৰো অধিক আছিল৷ দক্ষিণ শালমাৰা–মানকাচৰ, দৰং, নগাঁও, গোৱালপাৰা, বঙাইগাঁও আৰু বৰপেটাত এই হাৰ আছিল ৪০ শতাংশৰো অধিক৷ ইউচিচি ৰূপায়ণৰ লগে লগে বহুবিবাহ আৰু বাল্যবিবাহৰ দৰে মহাব্যাধি প্রতিৰোধ হ’ব৷ ইয়াৰ লগে লগে অধিক সুৰক্ষিত হ’ব ৰাজ্যখনৰ কন্যা শিশুৰ লগতে মহিলাসকল৷

You might also like