নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৈঠালাংছʼত পুৱতি নিশা অৰ্ধলক্ষাধিক টকাৰ চোৰাং কাঠসহ বাহন জব্দ

প্ৰাকৃতিক সৌন্দৰ্য আৰু প্ৰচুৰ বনজ সম্পদেৰে ভৰপূৰ কাৰ্বি পাহাৰৰ বুকু উদং কৰি একাংশ দুষ্ট চক্ৰই দীৰ্ঘদিনৰে পৰা চলাই আহিছে মূল্যৱান গছ-গছনিৰ চোৰাং কাৰবাৰ। বিশেষকৈ কাৰ্বি আংলঙৰ দাঁতিকাষৰীয়া নগাঁও জিলাৰ মাধৱপাৰা, শিঙিমাৰী আৰু শিমলুগুৰি আদি অঞ্চলৰ একাংশ অসাধু চোৰাং কাঠ ব্যৱসায়ীয়ে স্থানীয় কিছু দুষ্ট প্ৰকৃতিৰ লোকৰ সহযোগত বন বিভাগৰ চকুত ধূলি দি অতি কৌশলেৰে নিতৌ সৰবৰাহ কৰি আহিছে বিয়াগোম বিয়াগোম চোৰাং কাঠৰ কুণ্ডা আৰু ফান্তা।

পাহাৰৰ এই অমূল্য সম্পদসমূহ চোৰাং চক্ৰটোৱে কাটি তহিলং কৰাৰ ফলত বনাঞ্চলসমূহৰ অস্তিত্ব এতিয়া সংকটৰ দিশে গতি কৰিছে। এনে এক স্পৰ্শকাতৰ সময়তে আজি পুৱতি নিশা বৈঠালাংছʼ বন বিভাগে চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে এক মোক্ষম আঘাত হানিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ পম খেদি বৈঠালাংছʼ খণ্ড বন কাৰ্যালয়ৰ উপ-বনপালক নকুল কুমাৰ মজুমদাৰ, খণ্ড বন বিষয়া পংকজ বৰা আৰু চিত্ৰে নেৱাৰৰ নেতৃত্বত বন বিভাগৰ এটা সক্ৰিয় টহলদাৰী দলে অঞ্চলটোত এক বিশেষ অভিযান চলায়।

অভিযানকাৰী দলটোৱে ওমজাখিনি বনাঞ্চলৰ পৰা এটা নিৰ্দিষ্ট দিশলৈ অতি সন্দেহজনকভাৱে আহি থকা এখন কাঠভৰ্তি ট্ৰাক প্ৰত্যক্ষ কৰে আৰু লগে লগে তাক কৰায়ত্ত কৰে। নিৰ্ভৰযোগ্য সূত্ৰই প্ৰকাশ কৰা অনুসৰি, তীব্ৰবেগী নম্বৰবিহীন ট্ৰাকখনে ওমজাখিনি বনাঞ্চলৰ দুৰ্গম পাহাৰীয়া অঞ্চলৰ পৰা চোৰাং কাঠখিনি বোজাই কৰি বৈঠালাংছʼ অভিমুখে লৈ গৈ আছিল। বন বিভাগৰ দলটোক দেখাৰ লগে লগে গাড়ীখনৰ চালকজনে নিশাৰ গভীৰ অন্ধকাৰ আৰু অঁকোৱা-পকোৱা পাহাৰীয়া পথৰ সুযোগ লৈ বাহনখন এৰি থৈ ঘটনাস্থলীৰ পৰা চকুৰ পচাৰতে পলাই সাৰিবলৈ সক্ষম হয়।

পৰৱৰ্তী সময়ত বন বিভাগে কাঠসহ ট্ৰাকখন জব্দ কৰি কাৰ্যালয়লৈ লৈ আহে। বন বিভাগে জব্দকৃত এই বিশাল পৰিমাণৰ চোৰাং কাঠখিনিৰ বজাৰ মূল্য অৰ্ধ লক্ষাধিক টকা হ’ব বুলি জানিবলৈ দিয়ে। বৰ্তমান বন বিভাগে পলায়ন কৰা চালকজনৰ সন্ধানত অভিযান তীব্ৰতৰ কৰাৰ লগতে এই চোৰাং কাৰবাৰৰ আঁৰত থকা মূল মাফিয়া চক্ৰটোক কৰায়ত্ত কৰিবলৈ সমগ্ৰ ঘটনাৰ এক তদন্ত অব্যাহত ৰাখিছে।

লক্ষী প্ৰসাদ নাথ, বৈঠালাংছʼ, ৪ জুন :

You might also like