নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা আক্ৰান্ত ৰোগীৰ হাস্পতাল আইছুলেচন কেন্দ্ৰত সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ ক’ভিড-১৯ৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ক’ৰোনা হাস্পতাল-আইছুলেচন ৱাৰ্ডত সাংবাদিকক প্ৰৱেশ নকৰিবলৈ পৰামৰ্শমূলক জাননী জাৰি কৰিছে নিউজ ব্ৰডকাষ্টিং ষ্টেণ্ডাৰ্ড অথ’ৰিটীয়ে (এন বি এছ এ) । শুকুৰবাৰে এন বি এছ এয়ে এক বিবৃতিযোগে ক’ৰোনা ৰোগীক চিকিৎসা কৰা হাস্পতাল, আইছুলেচন কেন্দ্ৰকে ধৰি এনেধৰণৰ স্থানত প্ৰৱেশ নকৰিবলৈ সংবাদমাধ্যমৰ কৰ্মীক সকীয়নি দিছে । দেশজুৰি লকডাউন অব্যাহত থকাৰ সময়ত ক’ৰোনা ভাইৰাছক লৈ সংবাদ মাধ্যমৰ লোকসকলে বাতৰি পৰিৱেশন কৰি নিজৰ জীৱনলৈ যাতে বিপদ নমাই নানে , তাৰ প্ৰতি সজাগতাৰ বাবে এন বি এছ এয়ে সাংবাদিক, কেমেৰামেন, এন বি এৰ সদস্যসকলক পৰামৰ্শমূলক জাননী জাৰি কৰিছে । সেই জাননীত বাতৰি পৰিৱেশনৰ সময়ত সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ লগতে ৰোগত আক্ৰান্ত সন্দেহজনক ব্যক্তিৰ লগত বাৰ্তালাপ কৰাৰ পৰাও আঁতৰি থাকিবলৈ আহ্বান জনায় এন বি এছ এয়ে । ক’ৰোনা ভাইৰাছক লৈ দেশবাসীক তথ্য যোগান ধৰাৰ লগতে সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ বাবে ভূয়সী প্ৰশংসা কৰে এন বি এছ এয়ে । উল্লেখ্য যে ক’ভিড-১৯ৰ বাতৰি পৰিৱেশনৰ বাবে একাংশ চেনেলৰ সাংবাদিকো হাস্পতাল, আইছুলেচন ৱাৰ্ড, হোটেল , ৰোগী তথা চিকিৎসা কৰ্মীৰ সৈতে বাৰ্তালাপ কৰি আহিছে । এনে কাৰ্য নিজৰ বাবেই বিপজ্জনক বুলি মন্তব্য কৰি সাংবাদিকসকলক সাৱধান হ’বলৈ আহ্বান জনায় এন বি এছ এয়ে ।

You might also like