নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিমৰীয়াৰ পথাৰত উদ্ধাৰ হোৱা মৃত যুৱতীৰ হত্যাকাৰীক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক, সোণাপুৰ, ৬ জুন : কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত গাঁও ডিমৰীয়াৰ পথাৰত যোৱা ৪ জুনৰ সন্ধিয়া উদ্ধাৰ হোৱা মৃত যুৱতীগৰাকীৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিলে ক্ষেত্ৰী আৰক্ষীয়ে । ইতিমধ্যে হত্যাকাৰীয়ে নিজেই ডেগাৰেৰে যুৱতীগৰাকীক হত্যা কৰা বুলি বিস্ফোৰক স্বীকাৰোক্তি দিছে।

ঘটনা সংঘটিত কৰাৰ পিছৰে পৰা ঘাতক প্ৰেমিক ২নং ঔজাৰী গাঁৱৰ বিপুল মল্লিকে মহানগৰীত আত্মগোপন কৰি আছিল। অৱশেষত ক্ষেত্ৰী আৰক্ষীৰ তীব্ৰ অভিযানত আটক কৰিবলৈ সক্ষম হয় ঘাতক প্ৰেমিক বিপুল মল্লিকক। উল্লেখ্য যে ১নং ঔজাৰী গাঁৱৰ যুৱতীগৰাকীক যুৱকজনে ফুচুলাই আনি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালৰ লোকে। ঘটনা সন্দৰ্ভত ৪ জুনৰ সন্ধিয়া ৭ বজাত ঔজাৰি গাঁৱৰ গাঁওবুঢ়াই ডিমৰীয়াৰ পথাৰত এগৰাকী যুৱতীৰ মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিছিল আৰক্ষীক। ঘটনা পোহৰলৈ অহাৰ পিছতে ক্ষেত্ৰী আৰক্ষীয়ে তৎপৰতাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযুক্তক।

জানিব পৰা অনুসৰি, যুৱতীগৰাকীৰ শৰীৰৰ ভিন্ন স্থানত ডেগাৰেৰে ১৭বাৰ আঘাত কৰিছিল ঘাতক প্ৰেমিকে। উল্লেখ্য যে পূৰ্বেও পকছো গোচৰত জে’ল হাজোতলৈ গৈছিল ঘাতক প্ৰেমিক বিপুল মল্লিক। পিছত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত জে’লৰ পৰা মুকলি আকাশৰ তললৈ আহিছিল বিপুল মল্লিক।

সম্প্ৰতি আৰক্ষীয়ে ধৃত হত্যাকাৰীটোক গ্ৰেপ্তাৰ কৰি সোধা-পোছা অব্যাহত ৰাখিছে ।

You might also like