চৰাইদেউ অসামৰিকত চাকৰিত যোগদান কৰিবলৈ গৈ হতভম্ব যুৱক-যুৱতী
শিক্ষিত নিৱনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ প্ৰলোভনেৰে লাখ লাখ টকা সংগ্ৰহ কৰা কুখ্যাত অপৰাধী চক্ৰটোৰ কৱলত পৰি চৰাইদেউৰ শতাধিক যুৱক-যুৱতীৰ মুৰত সৰগ ভাঙি পৰিছে।
দীৰ্ঘ সময়ৰ পৰাই আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দি কুখ্যাত অপৰাধী চক্ৰটোৱে অন-লাইনৰ জৰিয়তে ধন সংগ্ৰহ কৰি চাকৰি দিয়াৰ প্ৰলোভন দি আহিছিল। তেনে চক্ৰান্তৰে অংশ বিশেষত চৰাইদেউ জিলাৰ কিছু সংখ্যক নিবনুৱা যুৱক-যুৱতীয়ে আজি হাতত এপইণ্টমেণ্ট লেটাৰ লৈ জীৱনৰ প্ৰথমটো চাকৰিত যোগদানৰ বাবে ৰজাপুখুৰীস্থিত চৰাইদেউ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈছিল।
কিন্তু চাকৰিত যোগদানৰ বাবে যোৱা যুৱক-যুৱতীৰ এপইণ্টমেণ্ট লেটাৰ দেখি অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষ হতভম্ব হয়। কাৰণ সংশ্লিষ্ট এপইণ্টমেণ্ট লেটাৰ সমূহ সম্পূৰ্ণ ভুৱা আছিল।তেতিয়াহে জোলোঙাৰ মেকুৰী ওলাই পৰে।
প্ৰাপ্ত তথ্য মতে, সামাজিক মাধ্যমৰ জৰিয়তে চাকৰি প্ৰদান কৰাৰ প্ৰলোভন দিয়া কিছু “ছাইট” আৰু “ৱাটছ-আপ” গ্ৰুুপত চাকৰিৰ আশা কৰিয়েই জিলাখনৰ নিৱনুৱা যুৱক-যুৱতীয়ে অন-লাইনৰ জৰিয়তে আৱেদন কৰিছিল।
চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত ক্ৰমে ষ্টাফ মেনেজমেণ্ট, ৰিচিপষ্টনিষ্ট, লেৱটেৰি টেকনেচিয়ান,ৱাৰ্ড বয়, কেণ্টিন মেনেজমেণ্ট, নাৰ্ছ (এ এন এম ), চুপাৰ ভাইজাৰ, চিকিৎসকৰ ব্যক্তিগত সহায়ক, চিকিউৰিটি গাৰ্ড আদি পদত নিযুক্তি দিয়াৰ কথা উল্লেখ কৰিছিল কুখ্যাত অপৰাধী চক্ৰটোৱে।
অপৰাধী চক্ৰটোৱে চাকৰিত মকৰল হোৱাৰ পাছতেই মাহে ২৫ হাজাৰ টকাৰ দৰমহা লাভ কৰিব বুলিও কৈছিল।ইফালে, অন-লাইনৰ জৰিয়তে চাকৰিৰ আৱেদন কৰাৰ পাছতেই চাকৰি প্ৰাৰ্থীৰ সততে অপৰাধী চক্ৰটোৱে মবাইলত বাৰ্তালাপ কৰি ধন আদায় কৰাত জপিয়াই পৰে।
বিভি্ন্ন প্ৰলোভন আৰু চলাহী কথাৰে প্ৰাৰ্থীসকলৰ পৰা কুখ্যাত চক্ৰটোৱে অন-লাইনৰ জৰিয়তে ক্ৰমে, ৫০০, ৪,৫০০, ১০,০০০ টকাকৈ সংগ্ৰহ কৰে। অন-লাইনৰ জৰিয়তে সংগ্ৰহ কৰা এই ধন নাজিৰুদ্দিন নামৰ লোকজনৰ একাউণ্টত জমা হৈছিল।
মন কৰিবলগীয়া যে, কুখ্যাত অপৰাধী চক্ৰটোৱে কালিলৈকে অন-লাইনৰ জৰিয়তে ধন সংগ্ৰহ কৰি আছিল।ইফালে, চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত ভুৱা চাকৰি দিয়াৰ নামত কুখ্যাত চাইবাৰ অপৰাধী চক্ৰটোৱে শিক্ষিত নিৱনুৱা যুৱক-যুৱতীক প্ৰতাৰণা কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ৰাইজৰ মাজত সৃষ্টি হোৱা ক্ষোভ আৰু প্ৰতিক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই শেহতীয়াকৈ চৰাইদেউ জিলা আৰক্ষী প্ৰশাসনে ঘটনাত জৰিত চাইবাৰ অপৰাধী চক্ৰটোৰ সন্ধানৰ লগতে গ্ৰেপ্তাৰ কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি চলোৱা বুলি জনা গৈছে।
জানিব পৰা মতে,চাইবাৰ অপৰাধী চক্ৰটোৱে গুৱাহাটীৰ পৰাই ধন সংগ্ৰহ অভিযান চলাইছিল যদিও চৰাইদেউ জিলাৰো একাধিক ব্যক্তি জৰিত থকাৰ তথ্য পোহৰলৈ আহিছে।
বিশেষ বাৰ্তা, সোণাৰি, ১২ জুন