নলবাৰীত ব্যৱসায়িক প্ৰতিষ্ঠানৰ নামফলকত ক’লা ৰং সানিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে
অসমীয়া ভাষা ব্যৱহাৰ সুনিশ্চিত কৰাৰ দাবীৰে নলবাৰী চহৰত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,নলবাৰী জিলা সমিতিয়ে এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। চহৰখনৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানৰ নামফলকত অসমীয়া ভাষাৰ সলনি কেৱল অন্য ভাষা ব্যৱহাৰ কৰা হৈছিল,সেইসমূহ নামফলকত সংগঠনটোৰ কৰ্মীসকলে ক’লা ৰং সানি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি আচিক আহমেদ আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাৰ নেতৃত্বত অৰ্ধশতাধিক যুৱ-ছাত্ৰ পৰিষদৰ কৰ্মীয়ে উক্ত কাৰ্যসূচী ৰূপায়ণ কৰে।
সংগঠনটোৱে আক্ষেপ প্ৰকাশ কৰে যে একাংশ ব্যৱসায়ীয়ে অসমত ব্যৱসায় কৰিও দীৰ্ঘদিন ধৰি অসমীয়া ভাষাক চৰম অৱজ্ঞা কৰি আহিছে আৰু নিজৰ প্ৰতিষ্ঠানৰ নামফলকত কেৱল ইংৰাজী বা হিন্দী ভাষা ব্যৱহাৰ কৰিছে।
মাতৃভাষাৰ প্ৰতি এনে চূড়ান্ত অৱমাননা আৰু অৱজ্ঞা কোনো কাৰণতে মানি লোৱা নহ’ব বুলিও স্পষ্ট কৰি দি জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদী পদক্ষেপ গ্ৰহণ কৰা হয়। এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে সংশ্লিষ্ট সকলো ব্যৱসায়িক প্ৰতিষ্ঠানক অতিশীঘ্ৰে নিজৰ নামফলকত স্পষ্টকৈ অসমীয়া ভাষা সন্নিৱিষ্ট কৰিবলৈ কঠোৰ দাবী জনায় লগতে সংগঠনটোৱে সকীয়াই দিয়ে যে যদিহে শীঘ্ৰেই এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে অসমীয়া নামফলক ব্যৱহাৰ নকৰে,তেন্তে আগন্তুক দিনত ইয়াতকৈয়ো অধিক কঠোৰ আৰু তীব্ৰতৰ আন্দোলন গঢ়ি তোলা হ’ব।
বিশেষ বাৰ্তা, নলবাৰী, ১৩ জুন