নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলিগুৰি–শিলচৰলৈ হ’ব এক্সপ্রেছ হাইৱে’, মুখ্যমন্ত্রীৰ বৃহৎ ঘোষণা

অৰুণোদয়, নিযুত মইনা, জীৱন প্রেৰণা আদিকে ধৰি ইতিমধ্যে বন্ধ হৈ থকা ৰাজ্য চৰকাৰৰ কেইবাখনো আঁচনি অতি সোনকালে পুনৰ আৰম্ভ কৰা হ’ব৷ অহা আগষ্ট মাহৰ প্রথম সপ্তাহৰ পৰাই এই আঁচনিসমূহৰ অধীনত ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে তেওঁলোকৰ প্রাপ্যসমূহ নিয়মীয়াকৈ লাভ কৰিব৷

২–৩ আগষ্টৰ পৰাই অৰুণোদয়ৰ হিতাধিকাৰীসকলে ১,২৫০ টকা নিয়মীয়াকৈ লাভ কৰিব৷ এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সামাজিক মাধ্যম ফেচবুকযোগে মুখ্যমন্ত্রীগৰাকীয়ে সদৰী কৰে যে অহা ৬ জুলাইৰ পৰা আৰম্ভ হ’বলগা পূর্ণাংগ বাজেট গ্রহণ কৰাৰ পিছৰে পৰাই ৰাজ্যৰ হিতাধিকাৰীসকলে অৰুণোদয়, নিযুত মইনা, বাবু মইনা, জীৱন প্রেৰণা, অন্ন সুৰক্ষা যোজনা আদি আঁচনিৰ সুবিধাসমূহ লাভ কৰিব৷

সামাজিক মাধ্যমত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে অহা ৬ জুলাইৰ পৰাই অসম বিধানসভাৰ পূর্ণাংগ বাজেট অধিৱেশন অনুষ্ঠিত হ’ব আৰু ৰাজ্য চৰকাৰে পূর্ণাংগ বাজেট গ্রহণ কৰিব৷ আইমাতৃ হিতাধিকাৰীসকলে যোৱা মাহটোত পূর্ণাংগ বাজেট গ্রহণ নোহোৱাৰ বাবে বিভিন্ন উন্নয়নমূলক কামত জড়িত হ’ব পৰা নাই৷

কাৰণ ৰাজ্য চৰকাৰৰ ভোট অৱ একাউণ্টছৰ বাজেটৰ বাবেই এনে কাম কৰিব পৰা হোৱা নাই৷ জুলাই মাহত পূর্ণাংগ বাজেট গ্রহণ কৰাৰ লগে লগে আগষ্ট মাহৰ প্রথম সপ্তাহৰ পৰা বা ২–৩ আগষ্টৰ পৰাই হিতাধিকাৰীসকলে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব৷

হিতাধিকাৰীসকলে এই লৈ কোনোধৰণৰ চিন্তা কৰিব নালাগে৷ তাৰ উপৰি চেনি–দাইল–নিমখ আদিকে ধৰি সামগ্রী প্রদান কৰা আঁচনি অন্ন সুৰক্ষা যোজনাও অহা আগষ্ট মাহৰ পৰাই আৰম্ভ হ’ব৷

হিতাধিকাৰীসকললৈ আশাৰ বতৰা দি মুখ্যমন্ত্রীগৰাকীয়ে অন্ন সুৰক্ষা যোজনা নতুন ৰূপত হিতাধিকাৰীসকলে লাভ কৰিব বুলি উল্লেখ কৰি আগন্তুক পূর্ণাংগ বাজেটত হিতাধিকাৰীসকলে ইয়াৰ বিষয়ে সবিশেষ গম পাব বুলি স্পষ্ট কৰে৷

তেওঁ কয় যে নিযুত মইনা, নিযুত বাবু, জীৱন প্রেৰণা এই গোটেই আঁচনিসমূহ আগষ্ট মাহৰ পৰাই আৰম্ভ হ’ব৷ এই সমগ্র আঁচনি আগষ্ট মাহৰ পৰা হিতাধিকাৰীসকলে নিৰৱচ্ছিন্নভাৱে পাই থাকিব৷

অসমৰ বিকাশ আৰু উন্নয়নৰ নতুন ধাৰাৰ সূচনা কৰা কেতবোৰ আঁচনি আৰু যোজনাৰ কথাও মুখ্যমন্ত্রীগৰাকীয়ে সামাজিক মাধ্যমযোগে আজি সদৰী কৰে৷ নতুন চৰকাৰখনে অসমৰ বাবে বহুকেইটা বৃহৎ বৃহৎ প্রকল্প আৰু আঁচনি লৈ ৰাজ্যবাসীৰ আশা পূৰণৰ দিশে আগবাঢ়িছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে এই প্রকল্পসমূহৰ ভিতৰত ইতিমধ্যে গুৱাহাটী ৰিং ৰোডৰ নির্মাণকার্য আৰম্ভ হৈছে৷

কাজিৰঙা এলিভেটেড কৰিড’ৰৰ নিবিদাৰ কামো ইতিমধ্যে আৰম্ভ হৈছে৷ অহা এমাহৰ ভিতৰত নুমলীগড়–গহপুৰৰ্ মাজৰ সুৰংগ পথ অহা জুলাই মাহৰ ভিতৰতে প্রায় ১৮ হাজাৰ কোটি টকাৰে নিবিদা প্রক্রিয়াৰ কাম আৰম্ভ হ’ব৷ মুখ্যমন্ত্রীগৰাকীয়ে অসমৰ ৰাইজলৈ আশাৰ বতৰা কঢ়িয়াই আনি সামাজিক মাধ্যমযোগে উল্লেখ কৰে যে তেওঁ নতুন দিল্লীত থকা সময়ছোৱাত প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ৰাষ্ট্রীয় পৰিবহণ মন্ত্রী নীতিন গাডকাৰিক সাক্ষাৎ কৰিছিল৷

সেই সাক্ষাতৰ সময়ছোৱাত দুয়োগৰাকী ৰাষ্ট্রনেতাই অসমৰ বাবে তিনিখন আঁচনি তৎপৰতাৰে অনুমোদন দিয়াৰ প্রতিশ্রুতি দিছে৷ ইয়াৰ প্রথমখন আঁচনি হ’ল– বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈ চাৰিলেনযুক্ত পথ নির্মাণ৷

এই দাবী দৰং–বাইহাটা চাৰিআলিবাসী ৰাইজৰ দাবী আছিল৷ ইয়াৰ ফলত তেজপুৰৰ দিশৰ পৰা ই বাইহাটা চাৰিআলিত পোনে পোনে ৰিং ৰোডত লগ লাগিব৷ দ্বিতীয়খন নতুন আঁচনি অনুসৰি গুৱাহাটী লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ পৰা গড়ল–ধাৰাপুৰ–গুৱা বিশ্ববিদ্যালয় এই ১০–১২ কিলোমিটাৰ পথত এটা এলিভেটেড কৰিড’ৰ বা এখন উৰণ সেতু নির্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে৷

ইয়াৰ ফলত বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ মাত্র ৭–৮ মিনিটত দূৰত্ব অতিক্রম কৰিব পৰা যাব৷ এই আঁচনিখনো অহা কেইমাহমানৰ ভিতৰতে অনুমোদন কৰা হ’ব বুলি কেন্দ্রীয় চৰকাৰে অৱগত কৰিছে৷ তৃতীয়তে, শিলিগুৰিৰ পৰা শিলচৰলৈকে এটা এক্সপ্রেছ হাইৱে’ নির্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে৷

ইতিমধ্যে প্রথম পর্যায়ত শিলচৰৰ পৰা বৰাপানীলৈ ২৫ হাজাৰ কোটি টকাৰ এখন আঁচনিৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শিলচৰত আধাৰশিলা স্থাপন কৰিছে৷ এতিয়া দ্বিতীয় পর্যায়ত বৰাপানীৰ পৰা গুৱাহাটীলৈ থকা পথৰ অনুমোদন হ’ব৷ তৃতীয় পর্যায়ত গুৱাহাটীৰ পৰা শ্রীৰামপুৰলৈ আৰু চতুর্থ পর্যায়ত শ্রীৰামপুৰৰ পৰা শিলিগুৰিলৈ ইয়াক সংযোগ কৰা হ’ব৷

এই আঁচনিখন অহা ৫ বছৰীয়া কার্যকালত সমাপ্ত কৰাৰ আশা কৰা হৈছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমত চলি থকা আন কেইবাটাও অভিলাষী প্রকল্প তথা আঁচনিৰ কথা সামাজিক মাধ্যমত সদৰী কৰে৷ সেই অনুসৰি গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ এটা এক্সপ্রেছ হাইৱে’ নির্মাণৰ প্রচেষ্টা চলি আছে বুলি সদৰী কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷

তাৰ উপৰি ডিব্রুগড়ক দ্বিতীয় ৰাজধানী হিচাপে নির্মাণ কৰা হৈছে বুলি সদৰী কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে ডিব্রুগড়ৰ উন্নয়নৰ কাৰণে ইতিমধ্যে ৰাজ্য চৰকাৰৰ কেবিনেটে ৫০০ কোটি টকাৰ অনুমোদন দিছে৷ ডিব্রুগড়ৰ বিধায়ক প্রশান্ত ফুকনক দ্বিতীয় ৰাজধানী উন্নয়ন প্রাধিকৰণৰ দায়িত্ব দি ইয়াক চোৱাচিতা কৰিবৰ বাবে আৰু ডিব্রুগড়খনক নতুনকৈ পুনঃনির্মাণৰ কাৰণে দায়িত্ব দিয়া হৈছে৷

তাৰ উপৰি শিলচৰত এটা নতুন বিমানবন্দৰ নির্মাণৰ অনুমোদনৰ চেষ্টা কৰা হৈছে৷ মুখ্যমন্ত্রীগৰাকীয়ে ধুবুৰীৰ ৰূপসী বিমানবন্দৰত এটা ডাঙৰ ল’জিষ্টিক হাব নির্মাণ কৰাৰ কথা চিন্তা কৰা হৈছে বুলি সদৰী কৰে৷ ফেচবুক লাইভযোগে মুখ্যমন্ত্রীগৰাকীয়ে সদৰী কৰে যে অসমৰ উন্নয়নৰ কাৰণে নির্বাচনৰ সময়ত আমি বহু উন্নয়নমূলক কামৰ প্রতিশ্রুতি দিছিলোঁ৷

তাৰ ভিতৰত প্রতিখন জিলাতে বিশ্ববিদ্যালয়, মেডিকেল কলেজ, অভিযান্ত্রিক কলেজ নির্মাণ কৰা হ’ব বুলি ঘোষণা কৰিছিলোঁ৷ এই প্রচেষ্টাৰ অংশ হিচাপে প্রতিখন জিলাতে বিশ্ববিদ্যালয়, মেডিকেল কলেজ, অভিযান্ত্রিক কলেজ স্থাপন কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ আৰু আমি ইতিমধ্যে ইয়াৰ অংশ হিচাপে হাইলাকান্দি, হোজাই, বজালী আৰু গোৱালপাৰাত নতুনকৈ চাৰিখন মেডিকেল কলেজ বিভিন্ন পর্যায়ত নির্মাণৰ কাম আৰম্ভ কৰিছে৷

মুখ্যমন্ত্রীগৰাকীয়ে আৰু সদৰী কৰে যে অনাগত ৫ বছৰত অসমখন সর্বাংগসুন্দৰ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ আমাৰ চৰকাৰ দায়বদ্ধ৷ ইয়াৰ অংশ হিচাপে বহু দিন বন্ধ হৈ থকা কামাখ্যা কৰিড’ৰৰ নির্মাণৰ কাম আৰম্ভ কৰা হৈছে৷ নির্বাচনৰ সময়ত প্রতিশ্রুতি দিয়া হৈছিল যে ৰাজ্যৰ নিবনুৱাসকলৰ বাবে ২ লাখ চাকৰি প্রদান কৰা হ’ব৷

পূর্বে আমি ১ লাখ নিবনুৱাক নিযুক্তি প্রদান কৰিলোঁ৷ এতিয়া ২ লাখ চাকৰি প্রদানৰ বাবে ৰাজ্য চৰকাৰে বিভাগসমূহত খালী হৈ থকা পদৰ লগতে নতুনকৈ পদ সৃষ্টি কৰিব পাৰি নেকি এই বিষয়বোৰ চিন্তা–চর্চা কৰি আগবাঢ়িছোঁ৷

নির্বাচনৰ সময়ত দিয়া প্রতিশ্রুতি আমাৰ বাবে কেৱল নির্বাচনী প্রতিশ্রুতি নহয়, ই অসমখনক উন্নয়নৰ মন্ত্রৰে বিকাশৰ পথলৈ লৈ যোৱাৰ আমাৰ পৱিত্র কর্তব্য আৰু দায়িত্ব৷ অসমৰ সংস্কৃতি, অসমৰ পৰিচয়– এই গোটেইবোৰ আমাৰ বাবে ৰাজনৈতিক শ্লোগান নহয়৷

অসমৰ পৰিচয়, অসমৰ সংস্কৃতি, অসমৰ ভূমি ৰক্ষণাবেক্ষণ এই গোটেই সিদ্ধান্ত বা আদর্শ ৰাজনীতি বা নির্বাচনৰ সময়ত হোৱা আদর্শ নহয়, ই আমাৰ এক কর্মযজ্ঞ৷ অসমত মূল্য বৃদ্ধিৰ প্রসংগটো মুখ্যমন্ত্রীগৰাকীয়ে ফেচবুকযোগে প্রতিক্রিয়া প্রকাশ কৰে৷

তেওঁ কয় যে পশ্চিম এছিয়াৰ যুদ্ধকালীন পৰিস্থিতিৰ বাবে বিশ্বজুৰি ইন্ধনজাত সামগ্রীৰ সংকট হৈছে আৰু ইয়াৰ ফলত সমগ্র বিশ্বৰ লগতে ভাৰত আৰু অসমতো ইয়াৰ প্রভাৱ পৰিছে৷ যুদ্ধ পৰিস্থিতিৰ অন্ত পৰিলেই ৰাজ্যত পেট্র’ল–ডিজেলৰ মূল্য হ্রাস পাব বুলি আশা কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷

ডিজিটেল ডেস্ক, ১৫ জুন

You might also like