আগন্তুক অম্বুবাচী মহোৎসৱক কেন্দ্ৰ কৰি কামাখ্যা ধাম আৰু তাৰ চৌপাশৰ এলেকাত কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। লাখ লাখ ভক্তৰ সমাগমৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন নিয়ন্ত্ৰণ, পৰিষ্কাৰ-পৰিচ্ছন্নতা, সুৰক্ষা আৰু স্বাস্থ্যসেৱাক বিশেষ গুৰুত্ব দিয়া হৈছে।
প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা নিৰ্দেশনা অনুসৰি, কামাখ্যা মন্দিৰ অভিমুখে যোৱা পথসমূহত বিশেষ যান-বাহন ব্যৱস্থাপনা বলৱৎ থাকিব। অতিৰিক্ত ভিৰ এৰাবলৈ কিছুমান পথত যান-বাহন চলাচল নিয়ন্ত্ৰণ কৰা হ’ব।
ইয়াৰ উপৰি মন্দিৰ চৌহদ আৰু পাহাৰৰ বিভিন্ন স্থানত অবৈধ দোকান-পোহাৰ স্থাপন নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ভক্তসকলক শৃংখলাবদ্ধভাৱে দৰ্শনৰ বাবে সহযোগিতা কৰাৰ আহ্বান জনাইছে প্ৰশাসনে।
সুৰক্ষাৰ স্বাৰ্থত আৰক্ষী, SDRF আৰু স্বাস্থ্য বিভাগৰ বিশেষ দল মোতায়েন কৰা হ’ব। জৰুৰীকালীন চিকিৎসা সেৱাৰ বাবেও অস্থায়ী চিকিৎসা শিবিৰ স্থাপন কৰা হৈছে।
অম্বুবাচীৰ সময়ছোৱাত ভুৱা দান-দক্ষিণা সংগ্ৰহ, দালালচক্ৰ আৰু অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰশাসনে সকীয়াই দিয়ে।
প্ৰশাসনৰ মতে, ভক্তসকলৰ সুৰক্ষা, সুবিধা আৰু শান্তিপূৰ্ণভাৱে অম্বুবাচী মহোৎসৱ সম্পন্ন কৰাটোৱেই মূল লক্ষ্য। ৰাইজক সকলো নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱা হৈছে।
প্ৰশাসনে নিৰ্দেশনাবোৰ এনেধৰণৰ-
- জৰুৰীকালীন বাহনৰ বাহিৰে অন্য বাহন ওপৰলৈ উঠিব নোৱাৰিব।
- সামগ্ৰী কঢ়িওৱা বাহন নিশা চলিব ১১ বজাৰ পৰা পুৱা ৫ বজালৈ।
- ফেৰী কাৰ সোণাৰাম খেলপথাৰৰ পৰা উপলব্ধ হব।
- কেম্পলৈ যোৱা বাহন আদাবাৰী হৈ সদিলাপুৰ যাব লাগিব।
- জালুকবাৰীৰ পৰা অহা বাহন ৰব লাগিব মালিগাঁৱত।
- সাধাৰণ লোকে উৰণ সেতু ব্যৱহাৰ কৰিব লাগিব।
- স্থানীয় লোকে ছাইডলাইন ব্যৱহাৰ কৰিব।
- বিভিন্ন স্থানত পাৰ্কিং স্থানৰ ব্যবস্থা কৰা হব।
- প্ৰশাসনৰ ফালৰ পৰা সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে।
- পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈহে নাৰ্চাৰী পইণ্টৰ পৰা ভক্ত যাব পাৰিব মন্দিৰলৈ।
- ৰাইজে সেই সময়তহে আহিব।
- চেণ্ডেল জোতা ৰখাৰ ব্যৱস্থা ওপৰত নাথাকিব।
- সকলোৰে বাবে তলতে জোতা চেণ্ডেল ৰখাৰ ব্যৱস্থা কৰা হৈছে।
- খোজ কাঢ়োঁতে যাতে অসুবিধা নহয় গৰমৰ বাবে কৰ্পেটিঙৰ ব্যবস্থা কৰা হব।
ডিজিটেল ডেস্ক, ১৭ জুন