নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত লালী নদীৰ বিধ্বংসী খহনীয়া অব্যাহত

জোনাই সমজিলাৰ জোনাই ৰাজহ চক্ৰৰ বদলপুৰত কেউদিশে কৰুণ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। বাৰিষা আগমনৰ লগে লগে মাজে মাজে বৰষুণ দিয়াৰ ফলত জোনাই সমজিলাৰ জান-জুৰি, খাল-নলাৰ উপৰি লালী নদীৰ উপনৈ ৰাজাখানা, ডেতাক, দিখাৰী আদি পাহাৰীয়া খৰস্ৰোতা নদীসমূহৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰা পৰিলক্ষিত হৈছে।

যাৰ ফলত লালী নদীৰ জলপৃষ্ঠও বৃদ্ধি পাবলৈ ধৰাত ৰামধন দিখাৰী গাওঁ পঞ্চায়তৰ বদলপুৰ অঞ্চলত নদীখনে তীবূ খহনীয়াৰ সৃষ্টি কৰিছে। ফলশ্ৰুতিত ১নং বদলপুৰ গাঁৱৰ ললিত বড়ো, হেমন্ত বড়ো, মুহিৰাম বসুমতাৰী, প্ৰবীণ বড়ো, গবিন ৰাভা, ৰঘু নাৰ্জাৰী, মন্টু বসুমতাৰী, দীনেশ দৈমাৰী, জুবিন বসুমতাৰী, সুকীয়াকান্ত বসুমতাৰী, বাপুৰাম বসুমতাৰীকে ধৰি ১৮টা নৈপৰীয়া কৃষিজীৱী পৰিয়ালৰ ঘৰভেটি নদীত উছন যোৱা উপক্ৰম হোৱাৰ লগতে গাঁওখনত থকা জল জীৱন মিছন  আঁচনিখন লালী নদীৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে।

ইয়াৰে কেইটামান নৈপৰীয়া পৰিয়ালৰ ঘৰভেটি উছন যাবলৈ মাত্ৰ তিনি মিটাৰমানহে বাকী আছে। উল্লেখযোগ্য যে ১৯৭০ চনৰ পৰা কামৰূপ জিলাৰ বকো, ছয়গাওঁ,বৰপেটা, গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলৰ পৰা আহি বসতি স্থাপন কৰা বদলপুৰ বড়ো,পাখ্ৰীগুৰী, ১ নং বদলপুৰ, বদলপুৰ শিমলুগুৰী, বদলপুৰ বৰ্মন গাওঁ কেইখনত আতংকই দেখা দিছে।

চৰকাৰ-প্ৰশাসন, নিৰ্বাচিত জনপ্ৰতিনিধিক বিভিন্ন দল-সংগঠন, স্থানীয় ভূক্তভোগী কৃষিজীৱী ৰাইজে বাৰম্বাৰ আবেদন নিবেদন কৰি আহিছে যদিও আজিকোপতি লালী নদীৰ স্থায়ী গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে কোনো বিজ্ঞানসন্মত আৰু শক্তিশালী আঁচনি প্ৰস্তুত কৰি ৰূপায়ণত গুৰুত্ব আৰোপ কৰা নাই।

ইতিমধ্যে ২০১৭ চনৰ পৰা তীব্ৰ ৰূপ ধাৰণ কৰা লালী নদীৰ বিধ্বংসী গৰাখহনীয়াত ১নং বদলপুৰ গাঁৱৰ সোতৰ টা পৰিয়াল,বদলপুৰ বড়ো গাঁৱৰ পাঁচটা পৰিয়াল,বদলপুৰ শিমলুগুৰী গাঁৱৰ চৈধ্য টা পৰিয়ালৰ ঘৰভেটি নদীৰ বুকুত জাহ গ’ল।

যোৱা তিনি বছৰ আগত হোৱা লালী নদীৰ খহনীয়াত বদলপুৰ বড়ো প্ৰাথমিক বিদ্যালয়, বদলপুৰ বাথৌ মন্দিৰ, অঙ্গনবাড়ী কেন্দ্ৰকে ধৰি বিভিন্ন সামাজিক অনুষ্ঠান বিলীন গৈছে নদীৰ বুকুত ।অতি পৰিতাপৰ বিষয় যে লালী নদীৰ বান-খহনীয়াত বিধ্বস্ত বহু দুৰ্ভগীয়া পৰিয়ালে ভবিষ্যতৰ নিৰাপদ বিছাৰি কোকৰাঝাৰ, ঢেকিয়াজুলি, বিশ্বনাথ জিলাৰ বিভিন্ন অঞ্চললৈ গৈ বসতি স্থাপন কৰিবলৈ লৈছে।

আন কিছুমান পৰিয়ালে জাগুনলৈ ঢাপলি মেলিছে। প্ৰতিবছৰে সৃষ্টি কৰি অহা গৰাখহনীয়াৰ লগতে লালী নদীৰ প্ৰলয়ংকাৰী বানে বদলপুৰ অঞ্চলৰ গাওঁ সমূহৰ খেতি পথাৰত বালি পলস পেলাই কৃষিভূমি বিস্তৰ ক্ষতিগ্ৰস্ত কৰি আহিছে।

যাৰ ফলত কৃষিজীৱি ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হোৱা দেখা গৈছে। যোৱা পাঁচ বছৰৰ আগতে অসম চৰকাৰৰ জলসম্পদ বিভাগে বাহিৰ জোনাইৰ পৰা চেঙাজান ফেৰীঘাটলৈ লালী নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে বাইশ কোটি টকা ধাৰ্য্যকৃত আঁচনি ৰূপায়ণৰ কাম হাতত লৈছিল যদিও আঁচনিখন সঠিকভাৱে ৰূপায়ণ নোহোৱা বাবে নৈপৰীয়া বানপীড়িত ৰাইজ সুৰক্ষিত হোৱা নাই বুলি ভূক্তভোগী ৰাইজে আক্ষেপ প্ৰকাশ কৰিছে।

বানমুক্ত অসমৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰে শাসনভাৰ লোৱা বিজেপিৰ নেতৃত্বৰ চৰকাৰখনে বাৰিষা আগমনৰ আগমূহূৰ্তলৈকৈ বদলপুৰ অঞ্চলত লালী নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে অদ্যাপি কোনো ব্যৱস্থা গ্ৰহণ নকৰাত পুনৰ আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ।

উন্মুক্ত অৱস্থাত থকা বাবে ভৰবাৰিষাত লালী নদীৰ বিধ্বংসী গৰাখহনীয়াই পাখ্ৰীগুৰী গাঁৱৰ লগতে সমগ্ৰ বদলপুৰ অঞ্চলত পুনৰ  ভয়াবহভাবে তাণ্ডৱ চলোৱাটো নিশ্চিত হৈ পৰিছে।ভৰবাৰিষাৰ পূৰ্বে নৈপৰীয়া অঞ্চলৰ সুৰক্ষা আৰু নিৰাপত্তা প্ৰদান কৰিবলৈ  গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ জোনাই জিলা সমিতিৰ সভাপতি হেমকান্ত দৈমাৰী, সাধাৰণ সম্পাদক কুমেশ্বৰ মৰাং,এবছুৰ মধ্য জোনাই আঞ্চলিক সমিতিৰ সভাপতি  দীন বড়ো,সাধাৰণ সম্পাদক বিপুল বসুমতাৰী, ইউবিপিঅৰ মধ্য জোনাই আঞ্চলিক সমিতিৰ সভাপতি ৰজনী ৰামচিয়াৰী,সাধাৰণ সম্পাদক বিলাদ নাৰ্জাৰী , নিখিল ৰাভা ছাত্র সন্থাৰ লাইমেকুৰী ৰামধন আঞ্চলিক সমিতিৰ সভাপতি বিক্ৰম ৰাভা, সাধাৰণ সম্পাদক ধনঞ্জয় ৰাভা,স্থানীয় ভূক্তভোগী ৰাইজে চৰকাৰ-প্ৰশাসন আৰু নিৰ্বাচিত জনপ্ৰতিনিধিক দাবী জনাইছে।

নিয়মীয়া বাৰ্তা জোনাই, ১৮ জুন

You might also like