নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাভ জেহাদ : প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰা বাবেই হিন্দু ছাত্ৰীক ব্লেকমেইলিং

ধুবুৰী জিলাৰ গোলকগঞ্জত পুনৰ সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা। জানিব পৰা মতে, প্ৰায় ছমাহৰ পৰাই নালিয়া আৰক্ষী চকীৰ অন্তৰ্গত বিন্নাচৰা দ্বিতীয় খণ্ড গাঁৱৰ আঞ্জাৰুল হক নামৰ যুৱক এজনে গোলকগঞ্জৰ চিলাৰায় মহাবিদ্যালয়ৰ এগৰাকী নাবালিকা হিন্দু ছাত্ৰীক ফেছবুক ইনষ্টাগ্ৰাম যোগে দি আহিছে প্ৰেমৰ প্ৰস্তাৱ।

কিশোৰীগৰাকীয়ে প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাত ইনষ্টাগ্ৰামৰ পৰা ফটো লৈ অশ্লীল ফটো বনাই ভাইৰেল কৰাৰ ভাবুকি দিছিল যুৱকজনে। ভয়ত কিশোৰীগৰাকীয়ে পৰিয়ালৰ লোকক অৱগত কৰে সমগ্র ঘটনা।

পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত গোলকগঞ্জ আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ। এজাহাৰৰ ভিত্তিত গোলকগঞ্জ আৰক্ষীয়ে আঞ্জাৰুল হকক গ্ৰেপ্তাৰ কৰি ১৩৭/২৬ নম্বৰত গোচৰ পঞ্জীয়ন কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

আনহাতে কমতাপুৰ পিপলছ পাৰ্টিৰ ধুবুৰী জিলাৰ সভাপতি নিখিল ৰায়ে অসমৰ প্ৰতিখন বিদ্যালয়, মহাবিদ্যালয়ত অসম চৰকাৰে লাভ জেহাদৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰাৰ দাবী কৰে।

নিয়মীয়া বাৰ্তা, আগমনি, ১৯ জুন

You might also like