নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত গীতে-মাতে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক স্মৰণ

ডিজিটেল ডেস্ক, লখিমপুৰ, ২০ জুন : আজি ৰাজ্যজুৰি উদযাপন কৰা হৈছে ৰাভা দিৱস। লখিমপুৰতো বিভিন্ন স্থানত ৰাভা দিৱস উদযাপন কৰা হয়। আন ঠাইৰ লগতে লখিমপুৰ-মাজুলীৰ সীমামূৰীয়া সোৱণশিৰি নদীৰ পাৰৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ পূব তেলাহী অঞ্চলৰ অগ্ৰণী ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ন-আলি অৱনৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সৈনিক শিল্পী, শোষিত- নিষ্পেষিত, মেহনতী জনতা, কৃষক-বনুৱাৰ মুকুতিৰ গান গোৱা মহান বিপ্লৱী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ৫৭ সংখ্যক মৃত্যু তিথিত বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়।

পুৱা ৯ বজাত বিদ্যালয়ৰ প্ৰাতঃসভাত বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অধ্যক্ষ ৰাজীৱ পেগুৱে। পুষ্পার্ঘ্য অৰ্পণ কৰে জ্যেষ্ঠ শিক্ষক মনোৰঞ্জন দাস আৰু বিষয় শিক্ষক কৃষ্ণ কান্ত পেগু আৰু ৰাজাকান্ত পেগুৱে। সহযোগিতা আগবঢ়ায় শিক্ষক-শিক্ষয়িত্ৰী ক্ৰমে নীলকান্ত দলে, কৃষ্ণ কান্ত দলে, সন্ধ্যা ৰাণী বৰা, পূৰবী নাথ আৰু অংকুৰজ্যোতি শইকীয়াই।

ইয়াৰ পাছতে বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে গীতে-মাতে, নৃত্য প্ৰদৰ্শনেৰে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক স্মৰণ কৰে। ইয়াৰ লগতে শিক্ষাৰ্থীসকলৰ মাজত কবিতা আবৃত্তি, গীত পৰিৱেশন, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ গীতৰ আধাৰত একক আৰু দলীয় নৃত্য প্ৰদৰ্শন কৰে। শেষত বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱন দৰ্শনৰ ওপৰত জ্যেষ্ঠ শিক্ষক মনোৰঞ্জন দাসে বিশদভাৱে বক্তব্য আগবঢ়ায়।

You might also like