নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্দিয়া আৰক্ষীৰ সফলতা, চুৰি হোৱা ই-ৰিক্সাসহ গ্ৰেপ্তাৰ জাকিৰ হুছেইন

বৰপেটা জিলাৰ মন্দিয়া আৰক্ষী চকীৰ অধীনস্থ ২নং চাছৰা গাঁৱৰ পৰা জাকিৰ হুছেইন (৩৭) নামৰ এটা চোৰক মন্দিয়া আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে আৰক্ষী চকীটোৰ এলেকাধীন অঞ্চলৰ পৰা চুৰি হয় দুখনকৈ ই-ৰিক্সা। তাৰ পিছতেই গৰাকীয়ে মন্দিয়া আৰক্ষীত দাখিল কৰা এজাহাৰৰ ভিত্তিত খুব কম সময়ৰ ব্যৱধানত চকীটোৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মাইনা দাসৰ সাহসী নেতৃত্বত যোৱা এটি দলে ২ নং চাছৰাৰ বাসগৃহৰ পৰা জাকিৰ হুছেইনক আটক কৰিবলৈ সক্ষম হোৱাৰ সমান্তৰালকৈ আটকাধীন চোৰটোক লৈ আৰক্ষীয়ে ৩নং লাৰকুছি ৰামপুৰৰ এক বিশেষ ঠাইৰ পৰা চুৰি হোৱা দুখনকৈ ই-ৰিক্সা উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা ই-ৰিক্সা দুখন গৰাকীক পৰৱৰ্তী সময়ত গতাই দিব আৰক্ষীয়ে।

ইফালে, পৰৱৰ্তী সময়ত জাকিৰ হুছেইনৰ বিৰুদ্ধে বাঘবৰ থানাৰ PS CASE NO- 53/26U/S-303(2)BNS এটা গোচৰ পঞ্জীয়ন কৰি ধৃত জাকিৰক জে’ল-হাজোতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মাইনা দাসৰ এনে সাহসী নেতৃত্বক এতিয়া সকলোৱে শলাগিছে ।

নিয়মীয়া বাৰ্তা, বাঘবৰ, ২০ জুন :

You might also like