ইৰানত গায়িকাক ৭৪ চাবুকৰ শাস্তি…
ডিজিটেল ডেস্ক, ২১ জুন : হিজাব নিপিন্ধাৰ অপৰাধত এইবাৰ মধ্যযুগীয় শাস্তি প্রদান কৰা হ’ল ইৰানৰ এগৰাকী গায়িকাক৷
জানিব পৰা মতে, পাৰাস্তু আহমাদি নামৰ গায়িকাগৰাকীক ইতিপূর্বে গ্রেপ্তাৰ কৰা হৈছিল৷ এইবাৰ তেওঁক ৭৪বাৰ চাবুক মৰাৰ শাস্তি দিছে ইৰানৰ আদালতে৷ ২০২৪ চনত নিজৰ ইউটিউব চেনেলত এক অনলাইন কনছার্টত হিজাব নিপিন্ধাকৈ গান গাইছিল তেওঁ৷ তাতেই ক্ষুব্ধ ইৰানৰ মোল্লাতন্ত্র৷
তাৰ পিছতেই তেওঁক গ্রেপ্তাৰ কৰা হয়৷ কোম প্রদেশৰ আদালতে বিচাৰ কৰি তেওঁক এই অপৰাধত ৭৪বাৰ চাবুক মৰাৰ শাস্তি প্রদান কৰে৷