খানাপাৰাত বন বিভাগৰ পৰ্যালোচনা বৈঠকত কঠোৰ বাৰ্তা মন্ত্ৰী জয়ন্ত মল্লৰ
ডিজিটেল ডেস্ক, ২২ জুন বন বিভাগৰ কাম-কাজত সততা, স্বচ্ছতা আৰু কৰ্মদক্ষতাক মূল ভিত্তি হিচাপে গঢ়ি তোলাৰ আহ্বান জনাই সোমবাৰে বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বিভাগটোৰ বাবে এক নতুন দৃষ্টিভংগী আগবঢ়ায়।
খানাপাৰাস্থিত অসম প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ত ৰাজ্যৰ সকলো আঞ্চলিক বন সংমণ্ডলৰ পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বনভূমি সুৰক্ষা আৰু চৰকাৰৰ বনভূমি বেদখল উচ্ছেদ অভিযান সফলভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বন বিভাগে ইতিমধ্যে বিশেষ স্বীকৃতি লাভ কৰিছে। এই সাফল্যৰ বাবে তেওঁ বিভাগীয় বিষয়া আৰু ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মচাৰীসকলক কৃতিত্ব প্ৰদান কৰাৰ লগতে একাগ্ৰতা আৰু পেছাদাৰী মনোভাৱেৰে অসমৰ প্ৰাকৃতিক সম্পদ সুৰক্ষাৰ আহ্বান জনায়।
বৈঠকত অন্যতম কঠোৰ বাৰ্তা প্ৰেৰণ কৰি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে বদলি আৰু পদস্থাপনৰ নামত কোনো ধৰণৰ দুৰ্নীতি কোনো পৰিস্থিতিতেই সহ্য কৰা নহ’ব। ৰাজনৈতিক নেতা বা উচ্চপদস্থ বিষয়াৰ নাম ব্যৱহাৰ কৰি ধন লোৱা বা দিয়াৰ দৰে কাৰ্যকলাপৰ সৈতে জড়িত বিষয়া, কৰ্মচাৰী অথবা মধ্যস্থতাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ সকীয়াই দিয়ে।
দিনজোৰা পৰ্যালোচনা বৈঠকত ৰাজহ বৃদ্ধিৰ উপায়, ব্যৱস্থাগত সমস্যাসমূহ চিনাক্তকৰণ, ৰাজহ অপচয় ৰোধ আৰু বিভিন্ন বিভাগৰ মাজত সমন্বয় বৃদ্ধিৰ বিষয়তো বিস্তৃত আলোচনা কৰা হয়। ফলাফলমুখী দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰি জয়ন্ত মল্লবৰুৱাই কয় যে সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰতিশ্ৰুতি অটুট ৰাখি অসমৰ বনজ সম্পদৰ পূৰ্ণ সম্ভাৱনাক ব্যৱহাৰ কৰাৰ দিশত বিভাগটোৱে অধিক মনোনিৱেশ কৰিব লাগিব।
তেওঁ কয়, দক্ষ ব্যৱস্থাপনা, স্বচ্ছতা আৰু অধিক ফলপ্ৰসূ প্ৰয়োগৰ জৰিয়তে বন বিভাগে বৰ্তমানৰ তুলনাত বহুগুণ অধিক ৰাজহ আহৰণৰ সামৰ্থ্য ৰাখে। এই অতিৰিক্ত ৰাজহে ৰাজ্যৰ উন্নয়নমূলক আঁচনি, বিশেষকৈ নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাব পাৰিব।
বিভাগসমূহৰ মাজত অধিক সমন্বয়ৰ জৰিয়তে চৰকাৰী ৰাজহ বৃদ্ধিৰ কৌশল প্ৰস্তুত কৰাৰ উদ্দেশ্যে এই বৈঠকত কৰ বিভাগ আৰু পৰিবহণ বিভাগৰ বিষয়াসকলেও অংশগ্ৰহণ কৰে।
শেষত মন্ত্ৰীগৰাকীয়ে সকলো বিষয়া-কৰ্মচাৰীক য’তেই কৰ্মৰত নহওক কিয়, সততাৰে কাম কৰা, বদলিক চাকৰিৰ শৃংখলাৰ অংশ হিচাপে গ্ৰহণ কৰা, দুৰ্নীতিৰ ঘটনা নিৰ্ভয়ে প্ৰতিবেদন কৰা আৰু সততা, দক্ষতা আৰু জনসেৱাৰ মনোভাৱেৰে বন বিভাগৰ সুনাম অক্ষুণ্ণ ৰখাৰ আহ্বান জনায়।
ডিজিটেল ডেস্ক, ২২ জুন