- দক্ষিণ কামৰূপত হৃদয়বিদাৰক ঘটনা
- চানডুবিৰ ৰাজাপাৰাত গছ বাগৰি থিতাতে নিহত পিতা-পুত্ৰ
- নিহত কাৰ্তিক ৰাভা (৩৫) আৰু তেওঁৰ ৮ বছৰীয়া পুত্ৰ ভৃগুমণি ৰাভা
- জানিব পৰা মতে ৰাজাপাৰাত আত্মীয়ৰ ঘৰলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই শোকাৱহ ঘটনা।
- মুদুকী–হাতীগড় চ’ক অতিক্ৰম কৰাৰ পিছতেই পথৰ কাষৰ এডাল মৰা গছ হঠাতে বাগৰি পৰে স্কুটী আৰু আৰোহীৰ ওপৰত।
- গছৰ বাগৰি পৰাত ঘটনাস্থলীতে মৃত্যু হয় পিতাপুত্ৰৰ।
- ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলজুৰি শোকৰ ছাঁ।
- পলাশবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ।
- দক্ষিণ কামৰূপক স্তম্ভিত কৰা এই ঘটনাই অঞ্চলজুৰি গভীৰ শোকৰ সৃষ্টি কৰিছে।
ডিজিটেল ডেস্ক, ২৩ জুন