নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চানডুবিত গছ বাগৰি থিতাতে নিহত পিতা-পুত্ৰ

  • দক্ষিণ কামৰূপত হৃদয়বিদাৰক ঘটনা
  • চানডুবিৰ ৰাজাপাৰাত গছ বাগৰি থিতাতে নিহত পিতা-পুত্ৰ
  • নিহত কাৰ্তিক ৰাভা (৩৫) আৰু তেওঁৰ ৮ বছৰীয়া পুত্ৰ ভৃগুমণি ৰাভা
  • জানিব পৰা মতে ৰাজাপাৰাত আত্মীয়ৰ ঘৰলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই শোকাৱহ ঘটনা।
  • মুদুকী–হাতীগড় চ’ক অতিক্ৰম কৰাৰ পিছতেই পথৰ কাষৰ এডাল মৰা গছ হঠাতে বাগৰি পৰে স্কুটী আৰু আৰোহীৰ ওপৰত।
  • গছৰ বাগৰি পৰাত ঘটনাস্থলীতে মৃত্যু হয় পিতাপুত্ৰৰ।
  • ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলজুৰি শোকৰ ছাঁ।
  • পলাশবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ।
  • দক্ষিণ কামৰূপক স্তম্ভিত কৰা এই ঘটনাই অঞ্চলজুৰি গভীৰ শোকৰ সৃষ্টি কৰিছে।

ডিজিটেল ডেস্ক, ২৩ জুন

You might also like