নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰায়ণপুৰত জালনোটসহ আটক দুই সৰবৰাহকাৰী

নাৰায়ণপুৰৰ ধলপুৰত বৃহৎ পৰিমাণৰ জালনোটসহ আটক দুই সৰবৰাহকাৰী৷ ধলপুৰ আৰক্ষীয়ে পুৱাই গোপন সূত্ৰৰ পম খেদি বঙালমৰাৰ পৰা গুৱাহাটী অভিমুখী AS 01 GK 7439 নম্বৰৰ চুজুকী বেলেনো বাহনখনত সৰবৰাহ কৰা ৩৫.৫০ লাখ টকা জব্দ কৰাৰ লগতে সৰবৰাহকাৰী জেহেৰুল ইছলাম আৰু হাইদৰ আলীক আটক কৰে৷

বঙালমৰাৰ দৌলতপুৰৰ দুই সৰবৰাহকাৰীক দৌলতপুৰৰ আফজালুৰ ৰহমান নামৰ কুখ্যাত বেপাৰীটোৱে সৰবৰাহ কৰিবলৈ দিছিল বুলি আটকাধীন দুই সৰবৰাহকাৰীয়ে জানিবলৈ দিছে৷

লখিমপুৰ জিলাৰ বঙালমৰাত দীঘদিনে অব্যাহত আছে জালনোটৰ ব্যৱসায়। বৃহৎ পৰিমাণৰ জালনোট আৰক্ষীৰ হাতত জব্দ হোৱাৰ পাছত পুনৰ উন্মোচিত হৈছে জাল নোটৰ ক’লা বেপাৰ৷

ডিজিটেল ডেস্ক, ২৯ জুন

You might also like