এক ভয়ংকৰ খবৰ। আপুনি যদি গাহৰিৰ মাংস খায় তেন্তে আজিৰে পৰায়ে সাৱধান হওক। কাৰণ গাহৰিৰ শৰীৰত এতিয়া ক্ৰমাৎ বৃদ্ধি পাইছে অচিন ৰোগ।
নগাঁও জিলাৰ চামগুৰি, পুৰণিগুদাম, বঢ়মপুৰৰ লগতে বিভিন্ন অঞ্চলত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে গাহৰিৰ দেহত এই ৰোগ। যাৰ ফলত এতিয়া শংকিত হৈ পৰিছে গাহৰি পালক সকল।
ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে বহু গাহৰিৰ, আনপিনে গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে বহু সংখ্যক গাহৰি। এতিয়া নিজৰ গাঁঠিৰ ধন ভাঙি গাহৰি পালনেৰে স্বাৱলম্বী হোৱাৰ চেষ্টা চলোৱা গাহৰি পালক সকল গাহৰিৰ দেহত এই ৰোগ বৃদ্ধি পোৱা বাবে বিপদত পৰা দেখিবলৈ পোৱা গৈছে।
উল্লেখ্য যে এই ৰোগবিধ আফ্ৰিকান ছোৱাইন ফিভাৰ ৰোগ বুলিয়েই এতিয়া সন্দেহ প্ৰকাশ কৰিছে গাহৰি পালক সকলে। উল্লেখ্য যে এইক্ষেত্ৰত এতিয়া গাহৰি পালক সকলে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ লগতে নগাঁও জিলা প্ৰশাসনক সহায়ৰ আহ্বান জনাইছে।
এতিয়া এই সকল গাহৰি পালকক সহায়ৰ বাবে নগাঁও জিলা প্ৰশাসন তথা পশুপালন আৰু পশুচিকিৎসা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব।
ডিজিটেল ডেস্ক, ২৯ জুন