ডিজিটেল ডেস্ক, ২৯ জুন : বনমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পিছতে একচন মুডত অৱতীৰ্ণ হৈছে বিলাসীপাৰা বন বিভাগ। বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে এতিয়া বিভিন্ন স্থানত চলাবলৈ লৈছে আকস্মিক অভিযান।
অভিযানত চালানবিহীনভাৱে মাটি কঢ়িওৱা AS-27C-6359 নম্বৰৰ ডাম্পাৰ, AS-17AC-0931 নম্বৰৰ ট্ৰেক্টৰ আৰু কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয়। শালকোচা আঞ্চলিক বন বিষয়াৰ নেতৃত্বত ৰোকাখাতা আৰু চিৰাকুটা খণ্ড বন বিষয়াৰ দলে চলাইছিল এই অভিযান।
অভিযানত চিৰাকুটাৰ পৰা ডাম্পাৰ, দ্বিপৰকুটিৰ পৰা ট্ৰেক্টৰ আৰু পশুৱাৰখালৰ পৰা জব্দ কৰে কাঠফলা মিলৰ বিভিন্ন সামগ্ৰী।
সম্প্ৰতি জব্দকৃত ডাম্পাৰ, ট্ৰেক্টৰ আৰু কাঠফলা মিলৰ সামগ্ৰীসমূহ ৰোকাখাতা খণ্ড বন বিষয়া কাৰ্যালয়ত ৰাখি তদন্ত অব্যাহত ৰাখিছে বন বিভাগে।