নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত ভয়াৱহ বান পৰিস্থিতি, পানীৰ তলত শতাধিক গাঁও

ডিজিটেল ডেস্ক, জোনাই, ২৯ জুন : জোনাইৰ অসম-অৰুণাচল সীমান্ত অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা কেইবাখনো খৰস্ৰোতা নৈৰ বাঢ়নী পানীয়ে আজিও লৈছে ভয়ংকৰ ৰূপ। বানত প্লাৱিত হৈছে এশখনতকৈও অধিক গাঁও। ডুব গৈছে খেতিপথাৰ, ঘৰ-বাৰী, মূল্যৱান সা-সম্পত্তি। মৃত্যু হৈছে পশুধনৰ।

ইফালে, অঞ্চলটোত বহু বিদ্যালয় পানীৰ তলত ডুব যোৱাৰ ফলত বন্ধ হৈ পৰিছে বিদ্যালয়। বাতিল কৰিছে বিদ্যালয়সমূহৰ পৰীক্ষা। ইয়াৰে জোনাইৰ বাহিৰ চিলে, বাহিৰ জোনাই আদি পঞ্চায়তত বেছিকৈ বানত প্লাৱিত হৈছে। বাহিৰ চিলে গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাভা কাঠনি, শান্তিপুৰ, মালভোগ, সোণোৱাল কাঠনি আদিকে ধৰি প্ৰায় ৪০খনতকৈও অধিক গাঁও ডুব গৈছে পানীৰ তলত। আনহাতে, বাহিৰ জোনাই পঞ্চায়তৰ অন্তৰ্গত ৰোহিতপুৰ দেউৰী, লুহিজান, বগীনদী, অকলেণ্ড, লুহিজান মাজগাঁও, মিলন তীৰ্থ, গোবিন্দপুৰ আদিকে ধৰি ৬০খনতকৈও অধিক গাঁও পানীৰ তলত।

আনহাতে, বাহিৰ চিলে গাঁও পঞ্চায়তৰ চিলে নদীৰ বাঢ়নী পানীয়ে ছিঙিলে নৱনিৰ্মিত গাইড বান্ধ। এই গাইড বান্ধ ছিঙি পেলোৱাৰ পিছতে সম্পূৰ্ণৰূপে বানত ডুব গৈছে অকলেণ্ড গাঁও। বানত বুৰ গৈছে খেতিপথাৰ, ঘৰ-বাৰী, মূল্যৱান সা-সম্পত্তি, গড়কাপ্টানী পথ। যাতায়াত ব্যৱস্থা ব্যাহত হোৱাত ঘৰৰ ভিতৰতে আবদ্ধ হৈ পৰিছে শ শ পৰিয়াল। খাদ্য সংকটত ভুগিছে বানপীড়িত পৰিয়াল। মৃত্যু হৈছে পশুধনৰ।

আনহাতে, জোনাইৰ অসম–অৰুণাচল সীমান্তৱৰ্তী কেমি নদীৰ জলস্তৰ বিপজ্জনকভাৱে বৃদ্ধি পোৱাৰ পিছতে কেমি নদীৰ প্ৰলয়ংকৰী বানে চিলে নদী ওপৰত নিৰ্মিত কেমি–জেলম সংযোগী লোহাৰ দলংখন নৈৰ তীব্ৰ সোঁতে উটুৱাই নিয়ে। দলংখন উটুৱাই নিয়াৰ পিছতে কেমি–পুৰণা জেলম অঞ্চলৰ সৈতে জোনাই সদৰৰ যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। ফলস্বৰূপে অঞ্চলটোৰ সাধাৰণ জনজীৱন বিপৰ্যস্ত হৈ পৰাৰ লগতে যাতায়াত ব্যৱস্থাও সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। বানত জলমগ্ন হৈ পৰে কেমি গাঁৱৰ শতাধিক পৰিয়াল। বানৰ সংহাৰী ৰূপ দেখি দেওবাৰে নিশা বানাক্ৰান্ত ৰাইজে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে। ইয়াৰে অৰ্ধশতাধিক পৰিয়াল অসম-অৰুণাচল সীমান্তৱৰ্তী অৰুণাচলৰ অয়ান গাঁৱত আশ্ৰয় শিবিৰত থকা বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে প্ৰায় দুবছৰ পূৰ্বে লাখ লাখ টকা ব্যয় কৰি প্ৰায় ৩০০ মিটাৰ দৈৰ্ঘ্যৰ এই লোহাৰ দলংখন নিৰ্মাণ কৰা হৈছিল। দলংখন উটুৱাই নিয়াৰ ফলত ছাত্ৰ-ছাত্ৰীকে ধৰি সহস্ৰাধিক লোকে এতিয়া চূড়ান্ত দুৰ্ভোগৰ সন্মুখীন হৈছে। দৈনন্দিন যাতায়াত, শিক্ষা, ব্যৱসায়-বাণিজ্য আৰু জৰুৰী সেৱাসমূহো গুৰুতৰভাৱে ব্যাহত হৈছে।

আনহাতে কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত জোনাই ৰাজহ চক্ৰৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ জামুগুৰি, উলুৱনী অঞ্চলত আজি বান পৰিস্থিতি শোচনীয় হৈ আছে। দিখাৰী নদীৰ বাঢ়নী পানীয়ে জলমগ্ন কৰি পেলাইছে ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ উলুৱনী, জামুগুৰি অঞ্চলৰ পোন্ধৰখনৰো অধিক গাঁও। কেইবাদিনৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বৃদ্ধি পাইছে দিখাৰী নদীৰ বাঢ়নী পানী। দিখাৰী নদীৰ বাঢ়নী পানীয়ে জোনাই ৰাজহ চক্ৰৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ ১ নং, ২ নং, ৩ নং জামুগুৰি, ১ নং, ২ নং উলুৱনী, উলুৱনী মাজগাঁও, উলুৱনী জয়পুৰ, বিঞ্চুপুৰ, লংকা, ১ নং,২ নং, ৩ নং মলান, নলাপাৰা, তাকাবাৰী, চিয়াৰী আদি পোন্ধৰখনৰো অধিক কৃষিজীৱী গাঁৱৰ পথ, পথাৰ বুৰাই পেলায়। উলুৱনী, জামুগুৰি অঞ্চলৰ গাঁওসমূহৰ বাট-পথবিলাক দিখাৰী নদীৰ বানে বুৰাই পেলোৱাৰ লগতে কৃষিজীৱী গাঁওসমূহৰ বিঘাই বিঘাই শস্যপথাৰ বুৰ যোৱাৰ ফলত গঞা ৰাইজৰ বিস্তৰ ক্ষতি হোৱা পৰিলক্ষিত হৈছে।

ইপিনে, তেলাম গাঁও পঞ্চায়তৰ অৰুণ চাপৰি, চিক্কেৰ, উজনি মিছামৰা, ৰাঙলী, লোহিত গাঁৱৰ পথ পথাৰ বুৰাই পেলাইছে পঃতে নলা, দিখাৰী নদীৰ বাঢ়নী পানীয়ে। ৰামধন দিখাৰী আৰু তেলাম গাঁও পঞ্চায়তৰ বানপীড়িত অঞ্চলত পথ, পথাৰ বানত জলমগ্ন হৈ পৰাৰ ফলত পশুধনৰ মাজত ভীষণ খাদ্য সমস্যাই দেখা দিয়া পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে দিখাৰী নদীৰ বাঢ়নী পানীত চিয়াৰীৰ পৰা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পঃতে নলা সংযোগী পথছোৱা জলমগ্ন হৈ পৰাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত অবৰ্ণনীয় সমস্যাই দেখা দিছে ।

You might also like