আজি ৩০ জুন, আহাৰ মাহৰ ১৫ তাৰিখ
মঙলবাৰ : তিথি– প্রতিপদ, নক্ষত্র : পূর্বাষাঢ়া, যাত্রা : নাই
মেষ : আজি কর্মক্ষেত্রত শুভ যোগ৷ শত্রু নাশ হ’ব৷ ভ্রমণত মধ্যম৷ মাংগলিক কার্যত ব্রতী থাকিব৷ আইনী কামত অগ্রগতি হ’ব৷ শাৰীৰিক দুর্বলতা থাকিব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৫৷
বৃষ : আজি শুভ কার্যসিদ্ধি কৰিব পাৰিব৷ পূব দিশত ভ্রমণ কৰিব৷ কর্মত উন্নতি৷ শৰীৰ মধ্যম৷ পুৰণি বিনিয়োগৰ পৰা লাভৱান হ’ব পাৰে৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷
মিথুন : আজি ৰাজনীতি আৰু সামাজিক ক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব৷ প্রতিৱেশীৰ পৰা কষ্ট পাব পাৰে৷ ব্যৱসায়ত খৰচৰ মাত্রা বৃদ্ধি পাব৷ প্রেমত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৬৷
কর্কট : আজি শিল্পী–সাহিত্যিকৰ সন্মান বৃদ্ধি৷ মানসিক শান্তি বজাই থাকিব৷ ব্যৱসায়ত বাধা আহিব পাৰে৷ খৰচ বাঢ়িব৷ সন্তানৰ সফলতাৰ বাবে মনত আনন্দ পাব৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৯৷
সিংহ : আজি সৎ লোকৰ সান্নিধ্য লাভ কৰিব৷ কর্মব্যস্ততা বৃদ্ধি পাব৷ ভ্রমণত মধ্যম৷ পুৰণি ধাৰে দিয়া পইচা ঘূৰাই পাব৷ স্বাস্থ্যৰ যত্ন লওক৷ শৰীৰত আঘাত পাব পাৰে৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ১৷
কন্যা : আজি মূল্যৱান সম্পদ লাভ কৰিব৷ বিদ্যা–বুদ্ধিত উন্নতি৷ উদাৰতা ভাব প্রকাশ৷ যিকোনো ডাঙৰ সিদ্ধান্ত লওঁতে অলপ ভাবি–চিন্তি ল’ব৷ প্রেমত শান্তি৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৬৷
তুলা : আজি তীর্থ ভ্রমণৰ যোগ৷ বন্যপ্রাণীৰ পৰা সাৱধান৷ বিদ্যাত শুভ৷ অংশীদাৰী ব্যৱসায়ত উন্নতি৷ আৱেগিক হৈ কোনো সিদ্ধান্ত নল’ব৷ প্রেমত বাধা৷ শুভ ৰং গুলাপীয়া, শুভ সংখ্যা ৫৷
বৃশ্চিক : আজি কঠোৰ পৰিশ্রমৰ মর্যাদা পাব৷ দক্ষিণ দিশত ভ্রমণ কৰিব৷ ব্যৱসায়ত সফলতা লাভ৷ ধৈর্যৰে আগবাঢ়িলে ভাল ফল পাব৷ বিদ্যার্থীসকলে ভবা মতে ফল নাপাব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৮৷
ধনু : আজি আনক অৱহেলা নকৰিব৷ শৰীৰ মধ্যম৷ কর্তব্যৰ প্রতি দায়বদ্ধতা বৃদ্ধি৷ সামাজিক কামত সন্মান লাভ কৰিব৷ গুৰুত্বপূর্ণ সিদ্ধান্ত লওঁতে মনৰ কথা শুনক৷ প্রেমত সন্দেহ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৪৷
মকৰ : আজি জ্ঞানী গুৰু আৰু সৎ লোকৰ সান্নিধ্যই উপকৃত কৰিব৷ শত্রুৰ পৰা সাৱধান৷ নিজৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়ক৷ কোনো শুভ খবৰ পোৱাৰ সম্ভাৱনা৷ প্রেমত শুভ৷ শুভ ৰং ৰূপালী, শুভ সংখ্যা ৩৷
কুম্ভ : আজি কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব৷ ভ্রমণত মধ্যম৷ অর্থ নাশ হ’ব পাৰে৷ ঘৰত আলহীৰ আগমনৰ যোগ৷ চলা–ফুৰা কৰোঁতে সতর্ক থাকিব৷ প্রেমত বিবাহৰ যোগ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২৷
মীন : আজি অন্ধবিশ্বাসে ক্ষতি কৰিব পাৰে৷ ব্যৱসায়ত মধ্যম ফল৷ কোনো শুভ সংবাদৰ যোগাযোগত আনন্দ লাভ৷ পাৰিবাৰিক কিছু সমস্যা থাকিব৷ বিদ্যাত মনোযোগ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৭৷