নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ফোঁপোলা ফিতাহি

মানুহে নিজৰ কর্ম অভিজ্ঞতাৰ পৰাও জ্ঞান আহৰণ কৰে৷ সেইবাবেই কোৱা হয়– ঠেকিলেহে শিকে৷ যিবোৰ কামত শ’লঠেকত পৰা যায়, তাৰ পৰা বহু ব্যৱহাৰিক জ্ঞান আহৰণ হয়৷ কিন্তু কিছুমানে আকৌ নাও বুৰিলেও টিঙৰ পৰা নামিব নোখোজাৰ ফলত তেওঁলোকৰ বাবে এই ব্যৱহাৰিক জ্ঞান আহৰণ কৰাটো কঠিন হৈ পৰে৷ এয়া কেৱল মানুহৰ ব্যক্তিগত জীৱনতে সঁচা নহয়, সমাজ বা দেশৰ ক্ষেত্রতো সঁচা৷ নিজৰ কৃতকর্মৰ পৰা শিকিবলৈ আগ্রহী নোহোৱা আমাৰ দুই চুবুৰীয়া দেশ পাকিস্তান আৰু বাংলাদেশ ইয়াৰ এটা প্রকৃষ্ট উদাহৰণ৷ নিজৰ সুবিধাৰ বাবেই ভাৰতৰ বিভাজনেৰে নিজৰ এখন সার্বভৌম ৰাষ্ট্র গঢ়ি তোলাৰ পিছতো পাকিস্তানৰ নাগৰিক তথা নেতৃত্বই ভাৰতৰ প্রতি শত্রুতা আজিও এৰিব খোজা নাই৷ ভাৰতৰ শত্রুতা কৰাই যেন তেওঁলোকৰ একমাত্র লক্ষ্য আৰু উদ্দেশ্য৷ একাধিকবাৰ ভাৰতৰ সৈতে যুদ্ধত অৱতীর্ণ হৈও বাৰে বাৰে পৰাজয় স্বীকাৰ কৰিবলগীয়া হোৱাৰ পিছতো ফিতাহি কমা নাই তেওঁলোকৰ৷ এতিয়া পোনপটীয়া সমৰত বলে নোৱাৰাৰ কথা বুজিব পাৰি সন্ত্রাসবাদীক নিজৰ দেশতে পোহপাল দি সীমা পাৰ কৰোৱাই ভাৰতত কূটাঘাত কৰি দেশখনত অস্থিৰতা সৃষ্টি কৰিবলৈ যেন উঠি–পৰি লাগিছে পাকিস্তানে৷ ভাৰতত চলোৱা কেইবাটাও সন্ত্রাসবাদী আক্রমণৰ আঁৰত যে পাকিস্তানৰ পোনপটীয়া বা আওপকীয়া হাত আছে সেই কথা জলজল-পটপটকৈ প্রমাণ হোৱাৰ পিছতো দেশখনে তাক বাৰে বাৰে অস্বীকাৰ কৰি আহিছে৷ শেহতীয়াকৈ পেহেলগামত ধর্মৰ নামত যি সন্ত্রাসবাদী আক্রমণ সংঘটিত কৰোৱালে তাৰ পিছত ‘অপাৰেচন সিন্দূৰ’ আৰম্ভ কৰি পাকিস্তানত থকা সন্ত্রাসবাদীৰ ঘাটিসমূহ বিধ্বস্ত কৰি পেলোৱাই নহয়, পাক সেনাৰো বহু ক্ষতিসাধন কৰিবলৈ বাধ্য হৈছে ভাৰত৷ তদুপৰি, পাকিস্তানক হাতে নামাৰি ভাতে মৰাৰ কৌশলেৰে এসেকা দিয়াৰ বাবে সিন্ধু নদীৰ জলবণ্টন চুক্তি স্থগিত ৰাখিছে ভাৰতে৷ সেইদিন ধৰি তীব্র জল সংকটত ভুগি আছে দেশখনে৷ তাৰ পিছতো একাংশই ভাৰতক ভাবুকি দিবলৈ এৰা নাই৷ সিন্ধু নদীৰ অৱবাহিকাটোৱে পাকিস্তানৰ ৮০ শতাংশ কৃষিভূমিলৈ পানী যোগান ধৰে৷ সিন্ধু নদীৰ পানী যোগান ৰুদ্ধ হৈ পৰাত দেশখনৰ অর্থনীতিত ব্যাপক প্রভাত পৰাত দিকবিদিক শূন্য হৈ পৰি পাকিস্তান পিপলছ পাৰ্টীৰ  অধ্যক্ষ বিলৱাল ভূট্টো জর্দাৰীয়ে ভাৰতক পাৰমাণৱিক আক্রমণ কৰাৰো ভাবুকি দিয়াৰ মৰসাহ গোটাব পৰা হৈছে৷ দেশখনৰ উপ–প্রধানমন্ত্রী তথা বৈদেশিক মন্ত্রী ইশ্বাক ডৰে ভাৰতে একপক্ষীয়ভাৱে সিন্ধু চুক্তি স্থগিত কৰাক মানি লোৱা নাই৷ শেহতীয়াকৈ ইছলামাবাদত অনুষ্ঠিত এখন আলোচনা–চক্রত ভাষণ দি তেওঁ ১৯৬০ চনৰ চুক্তিখনক ‘বৈধ, বাধ্যতামূলক আৰু কার্যকৰী’ বুলি ঘোষণা কৰে৷ তেওঁ সকীয়াই দিয়ে যে পাকিস্তানক আবণ্টিত পানীৰ পৰা বঞ্চিত কৰাৰ যিকোনো প্রচেষ্টা বা নদীৰ প্রৱাহত হেতালি খেলা যিকোনো প্রচেষ্টাই আঞ্চলিক নিৰাপত্তাৰ বাবে গভীৰ পৰিণতি কঢ়িয়াই আনিব আৰু ইয়াক ‘যুদ্ধৰ কার্য’ হিচাপে গণ্য কৰিব পাৰি৷ মানে প্রকাৰান্তৰে যুদ্ধৰেই ভাবুকি৷ তথাপি তেওঁলোকে চলাই থকা অন্যায় কার্যক লৈ কোনোধৰণৰ অনুশোচনা নাই৷ কিন্তু তাৰ বিপৰীতে ভাৰত আৰু পাকিস্তানৰ শতাধিক বিশিষ্ট ব্যক্তিয়ে দুয়োখন দেশৰ মাজত শান্তি আলোচনা আৰু স্বাভাৱিক দ্বি–পাক্ষিক সম্পর্ক ঘূৰাই আনিবলৈ এটা গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে৷

‘চেণ্টাৰ ফৰ পীচ এণ্ড প্রগ্রেছ’ নামৰ সংস্থাটোৰ উদ্যোগত প্রকাশ কৰা এখন মুকলি পত্রত ভাৰতৰ ৬১গৰাকী আৰু পাকিস্তানৰ ১১৭গৰাকী ব্যক্তিয়ে স্বাক্ষৰ কৰি দুয়োখন চৰকাৰৰ দীর্ঘদিনীয়া শত্রুতা সমাপ্ত কৰিবলৈ অনুৰোধ জনাই দুয়োখন দেশৰ প্রধানমন্ত্রী দুগৰাকীকক আহ্বান জনাইছে৷ স্বাক্ষৰকাৰীসকলে দুয়োখন দেশৰ নেতাক বিশ্বাসযোগ্যতা পুনৰ ঘূৰাই আনিব পৰা পদক্ষেপ ল’বলৈ আহ্বান জনাইছে৷ এয়া নিশ্চয়কৈ প্রশংসনীয় প্রয়াস৷ অনাহক শত্রুতাই যে দুয়োখন দেশৰে ক্ষতি কৰিছে, সেই কথা বিশেষকৈ পাকিস্তানৰ বিশিষ্ট ব্যক্তিসকলে পাক নেতৃত্বক বুজনি দিয়া উচিত৷ সিন্ধু নদীৰ জলবণ্টন চুক্তি স্থগিত ৰখাত পাকিস্তানে যিদৰে ঘোটে ঘোটে পানী খাবলগীয়া অৱস্থা হৈছে, সিয়েই প্রমাণ কৰে যে সদায় চুবুৰীয়াৰ সৈতে সৌহার্দ্যপূর্ণ সম্পর্ক বজাই ৰাখিব লাগে৷ কিন্তু তাকে নকৰি ওভতগোৰে নাচিবলৈ ল’লে নিজৰেই ক্ষতি৷ উদাহৰণস্বৰূপে ভাৰতে নিজৰ বল–শক্তি ব্যয় কৰি স্বাধীনতা আনি দিয়া চুবুৰীয়া বাংলাদেশে ইমানদিনে বন্ধুত্বপূর্ণ সম্পর্ক ৰাখি আহিছিল যদিও শেহতীয়াকৈ মহম্মদ ইউনুছৰ অন্তর্ৱর্তীকালীন চৰকাৰখনৰ দিনৰ পৰা তেওঁলোকৰ ভাৰতবিদ্বেষ প্রকট হৈ উঠিছে৷ এচাম মৌলবাদীয়ে ধৰ্মীয় মেৰু বিভাজন কৰি অশান্তি বিয়পাইছে৷ পৰৱৰ্তী সময়ত তাৰিক ৰহমানৰ নির্বাচিত চৰকাৰখনে ভাৰতৰ প্রতি মুকলি মনোভাব দেখুৱাইছিল যদিও কার্যক্ষেত্রত তাৰ ওলোটাহে কৰা দেখা গৈছে৷ শেহতীয়াকৈ তেওঁ প্রধানমন্ত্রী হিচাপে প্রথমটো ভ্রমণ কার্যসূচী লৈ চীনলৈ গৈছে আৰু ভাৰতৰ নিৰাপত্তাৰ প্রতি ভাবুকিৰ সৃষ্টি কৰিব পৰা মংলা বন্দৰ আৰু তিস্তা নদী প্রকল্পৰ কাম চীনক অর্পণ কৰি থৈ আহিছে৷ অথচ এই দুয়োটা প্রকল্পৰ কাম কৰিবলৈ ভাৰতৰ সৈতে চুক্তি কৰিছিল পূর্বৱৰ্তী শ্বেখ হাছিনা চৰকাৰে৷ ভাৰতে কিছু কাম আগবঢ়াইছিল৷ কিন্তু তাৰ পিছতো উদ্দেশ্যপ্রণোদিতভাৱে তাৰিক ৰহমানে এই প্রকল্প দুটা চীনক গতাই দিয়ে৷ আনহাতে, শেহতীয়াকৈ পশ্চিমবংগত বিজেপি চৰকাৰ অহাৰ পিছতো দেশখনত ভাৰতবিদ্বেষ অধিক মুকলি হৈ পৰিছে৷ পশ্চিমবংগৰ শুভেন্দু অধিকাৰীৰ চৰকাৰখনে অবৈধ বাংলাদেশীক বিতাড়নৰ যি পন্থা হাতত লৈছে তাত ক্ষুণ্ণ হৈ পৰিছে বাংলাদেশ৷ পূর্বৱৰ্তী চৰকাৰখনে বাধা দি থকা আন্তঃৰাষ্ট্রীয় সীমান্ত ছীল কৰাৰ বিষয়টোতো কঠোৰ স্থিতি লৈছে নতুন চৰকাৰখনে৷ সেইমর্মে ভাৰত–বাংলা উন্মুক্ত সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰা দিয়াৰ কাম আৰম্ভ কৰা হৈছে৷ অতি স্পর্শকাতৰ হিচাপে বিবেচিত শিলিগুড়ি কৰিড’ৰ বা চিকেন নেকৰ দায়িত্ব সম্পূর্ণৰূপে সেনা আৰু বিএছএফৰ হাতত তুলি দিয়াৰ পিছত বাংলাদেশৰ চকুৰ টোপনি হৰিছে৷ ইয়াক লৈ সীমান্তত বাংলাদেশী সেনা আৰু সাধাৰণ নাগৰিকে অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ সেইবাবেই ভাৰতৰ কেঁচামাল আৰু শক্তিৰ ওপৰত নির্ভৰশীল বাংলাদেশৰ অর্থনীতিত আঘাত হানিবলৈ ভাৰতৰ পৰা যোৱা পণ্যৰ ওপৰত ৫০ শতাংশ অতিৰিক্ত শুল্ক আৰোপৰ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে৷ ফলত, বাংলাদেশৰ অৱস্থা কাহিল৷ ইয়াকে কয়– ‘ঠেলাৰ নাম বাবাজী’৷

You might also like