নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইনষ্টাগ্ৰামত শিশু সুৰক্ষাক লৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কেন্দ্ৰৰ

ইনষ্টাগ্ৰামত শিশুৰ যৌন শোষণৰ সৈতে জড়িত আপত্তিজনক পেইড বিজ্ঞাপন আৰু কন্টেন্টক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে মেটাক এনে সকলো কন্টেন্ট আৰু বিজ্ঞাপন তৎকালীনভাৱে আঁতৰাবলৈ নিৰ্দেশ দিয়াৰ লগতে সমগ্ৰ বিষয়টো সন্দৰ্ভত স্পষ্টীকৰণো বিচাৰিছে।

চৰকাৰৰ নিৰ্দেশ অনুসৰি, যিকোনো ধৰণে শিশুৰ যৌন শোষণমূলক সামগ্ৰী (CSAM)-ত প্ৰৱেশৰ সুবিধা প্ৰদান কৰা বা তেনে বিষয়বস্তুৰ প্ৰচাৰত সহায় কৰা সকলো পেইড বিজ্ঞাপন আৰু কন্টেন্ট অবিলম্বে নিষ্ক্ৰিয় কৰিব লাগিব। চৰকাৰে স্পষ্ট কৰি দিছে যে এনে ধৰণৰ বিষয়বস্তুৰ ক্ষেত্ৰত কোনো ধৰণৰ সহনশীলতা প্ৰদৰ্শন কৰা নহ’ব।

সূত্ৰ অনুসৰি, মেটাক এই ঘটনাৰ ব্যাখ্যা দিবলৈ ৭ দিনৰ সময় দিয়া হৈছে। চৰকাৰে সুধিছে—ইনষ্টাগ্ৰামত কেনেকৈ এনে কন্টেন্ট প্ৰকাশ পালেহি, ইয়াক প্ৰতিৰোধ কৰিবলৈ এতিয়ালৈকে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু কন্টেন্ট মডাৰেচন তথা বিজ্ঞাপন পৰ্যালোচনা ব্যৱস্থাত কেনেকৈ ত্ৰুটি ঘটিল।

ইয়াৰ উপৰি এনে আপত্তিজনক বিষয়বস্তু অধিক সংখ্যক ব্যৱহাৰকাৰীৰ ওচৰলৈ পোৱাত সহায় কৰা যিকোনো এলগৰিডমিক ব্যৱস্থা বা প্ৰযুক্তিগত প্ৰচাৰ পদ্ধতি তৎক্ষণাত বন্ধ কৰিবলৈও মেটাক নিৰ্দেশ দিয়া হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ মতে, ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ দায়িত্ব কেৱল আপত্তিজনক বিষয়বস্তু আঁতৰোৱাতে সীমাবদ্ধ নহয়। ভৱিষ্যতে যাতে এনে বিষয়বস্তু চিনাক্ত, প্ৰতিহত আৰু প্ৰচাৰ ৰোধ কৰিব পৰা যায়, তাৰ বাবে অধিক শক্তিশালী কাৰিকৰী ব্যৱস্থা গঢ়ি তোলাটোও প্লেটফৰ্মসমূহৰ দায়িত্ব।

উল্লেখযোগ্য যে, ছ’চিয়েল মিডিয়াত শিশুৰ সুৰক্ষা আৰু অনলাইন নিৰাপত্তাক লৈ দেশজুৰি উদ্বেগ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

ডিজিটেল ডেস্ক, ৬ জুলাই

You might also like