নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত নিশা SBI শাখাত ভেন্টিলেটৰ ভাঙি সোমাল চোৰ

ডিজিটেল ডেস্ক, ৬ জুলাই : বিলাসীপাৰা চহৰৰ এছ বি আই শাখাত নিশা সংঘটিত হয় এক ভয়ংকৰ কাণ্ড। ভেন্টিলেটৰ ভাঙি চোৰৰ দলে বেংকৰ ভিতৰত প্ৰৱেশ কৰি চি চি টিভিৰ হাৰ্ড ডিস্ক ভাঙি লণ্ডভণ্ড কৰাৰ লগতে আপডেট কৰা মেচিনৰো বিস্তৰ ক্ষতিসাধন কৰে।

পিছত বিলাসীপাৰা সমজিলা আৰক্ষী অধীক্ষক বিষয়াৰ নেতৃত্বত আৰক্ষীৰ দল এটাই বেংক পৰিদৰ্শন কৰি তদন্ত আৰম্ভ কৰে। তদন্তকাৰী আৰক্ষীয়ে জনোৱা মতে, বেংকটোৰ লোৰ বাকচসমূহ অক্ষত থকাত টকা নিব নোৱাৰা বুলি নিশ্চিত হৈছে।

অৱশ্যে ফৰেনছিকৰ দলৰ পৰীক্ষাৰ অন্তত বিষয়টোৰ সত্যতা পোহৰলৈ আহিব। ইফালে, চহৰখনৰ মাজমজিয়াত থকা বেংকটোত চোৰ সোমোৱা বিষয়টোৱে বিলাসীপাৰা থানাৰ আৰক্ষীৰ নিৰাপত্তা দিশৰ ফোঁপোলা স্বৰূপটোকে উদঙাই দিয়াৰ অভিযোগ উঠিছে।

You might also like