নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীসহ ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণৰ আগজাননী IMD-ৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (IMD)-এ আগন্তুক ৩-৪ দিনৰ বাবে অসমত ধাৰাসাৰ বৰষুণৰ লগতে বজ্ৰ-বিদ্যুৎসহ ধুমুহাৰ সম্ভাৱনা ব্যক্ত কৰাৰ পিছতে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (ASDMA) জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে।

ASDMA-ই প্ৰকাশ কৰা এক জাননীত উল্লেখ কৰা হৈছে যে বৰ্তমানৰ মৌচুমী বায়ুৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীকে ধৰি ৰাজ্যৰ অধিকাংশ জিলাত বজ্ৰ-বিদ্যুৎসহ লঘুৰ পৰা মধ্যমীয়া বৰষুণ (প্ৰায় ৬ চেণ্টিমিটাৰলৈ) হোৱাৰ সম্ভাৱনা আছে।

এই বৰষুণৰ ফলত জলাবদ্ধতা, বানপানী, আকস্মিক বান, যান-বাহন চলাচলত বিঘিনি ঘটাৰ লগতে পাহাৰীয়া আৰু স্পৰ্শকাতৰ অঞ্চলসমূহত ভূমিস্খলনৰ আশংকাও বৃদ্ধি পাব পাৰে বুলি ASDMA-ই সতৰ্ক কৰি দিছে।

জাননী অনুসৰি, জিলা প্ৰশাসন আৰু ASDMA-ই পৰিস্থিতিৰ ওপৰত নিৰৱচ্ছিন্নভাৱে নজৰ ৰাখিছে আৰু যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ বাবে দুৰ্যোগ সঁহাৰি ব্যৱস্থা সাজু কৰি ৰখা হৈছে।

বিশেষকৈ গুৱাহাটী মহানগৰীৰ বাসিন্দাসকলক প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱাৰ লগতে দৈনিক যাতায়াত কৰা লোক আৰু দূৰৱৰ্তী যাত্ৰীসকলক যাত্ৰাৰ সময়সূচী আগতীয়াকৈ পৰিকল্পনা কৰিবলৈ আৰু প্ৰবল বৰষুণৰ সময়ত অতি প্ৰয়োজন নোহোৱালৈকে বাহিৰলৈ নোলাবলৈ পৰামৰ্শ দিয়া হৈছে।

ইয়াৰ উপৰি নিম্নাঞ্চল আৰু পাহাৰীয়া এলেকাৰ বাসিন্দাসকলক বানপানী বা ভূমিস্খলনৰ যিকোনো লক্ষণৰ প্ৰতি সজাগ হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে।

ASDMA-ই জনোৱা মতে, বতৰৰ শেহতীয়া তথ্য আৰু সতৰ্কবাণীসমূহ সময়মতে সংস্থাটোৰ চৰকাৰী ৱেবছাইট আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰকাশ কৰা হ’ব। জনসাধাৰণক চৰকাৰী বতৰ বুলেটিন আৰু স্থানীয় প্ৰশাসনৰ নিৰ্দেশনা অনুসৰণ কৰি সুৰক্ষিত হৈ থাকিবলৈও আহ্বান জনোৱা হৈছে।

ডিজিটেল ডেস্ক, ৯ জুলাই

You might also like