নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাত ৩ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ

  • বৰপেটাত ৩ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ
  • বাঘবৰ থানাৰ অন্তৰ্গত বিভিন্ন স্থানত অভিযানত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ
  • গ্ৰেপ্তাৰ হোৱা তিনিজন হল ক্ৰমে চচৰা সত্ৰকণৰা গাঁৱৰ ৰাশিদুল ইছলাম, আন্নাছ পৰামাণিক আৰু মঞ্জুৰুল হাছান
  • ধৃত চাইবাৰ অপৰাধীকেইটাৰ পৰা চাইবাৰ অপৰাধত ব্যৱহৃত ৩খন এটিএম ডেবিট কাৰ্ড, ২টা ৰিয়েলমি (Realme) ব্ৰেণ্ডৰ মোবাইল ফোন, নগদ ১,১০০ টকা আৰু কেইবাটাও সন্দেহজনক বেংক একাউণ্টৰ নথিপত্ৰ জব্দ কৰে।
  • আৰক্ষীৰ প্ৰাথমিক জেৰাত পোহৰলৈ অহা মতে, ধৃত অপৰাধীকেইজনে এই বেংক একাউণ্ট আৰু এটিএম কাৰ্ডসমূহৰ জৰিয়তে সাধাৰণ জনতাক প্ৰৱঞ্চনা কৰি ধনৰ অবৈধ লেনদেন চলাই আহিছিল।

ডিজিটেল ডেস্ক, ৯ জুলাই

You might also like