সম্পাদকীয় : বসুধৈৱ কুটুম্বকম
‘অয়ং নিজঃ পৰো বেতি গণনা
লঘুচেতসাম্৷
উদাৰচৰিত্রানাং তু বসুধৈৱ
কুটুম্বকম্৷৷’ –(এইটো মোৰ, এইটো আনৰ –এইধৰণৰ সংকীর্ণ মানসিকতা কেৱল সৰু মনৰ মানুহৰহে থাকে৷ আনহাতে বিশাল হূদয়ৰ লোকসকলৰ বাবে গোটেই পৃথিৱীখনেই নিজৰ পৰিয়ালৰ দৰে)৷
মহা উপনিষদৰ এই মহান বাণীৰ প্রতিফলন ঘটিছে এইবাৰৰ ফিফা বিশ্বকাপত৷ ফুটবল কেৱল খেল নহয়, ই আৱেগৰ নামান্তৰ মাথোঁ৷ ই বিশ্বজনীন ভাতৃত্ববোধ আৰু একতাৰ শক্তিশালী মাধ্যম৷ এইবাৰৰ ফিফা বিশ্বকাপে ক্রীড়াপ্রেমীসকলৰ মাজত উন্মাদনা সৃষ্টি কৰাৰ লগতে বিশ্বৰ চুকে–কোণে থকা কোটি কোটি লোকৰ হিয়াত উছাহ–উদ্দীপনাৰ আলোড়ন তুলিছে৷ ২২ জুনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্র, কানাডা আৰু মেক্সিকোৰ যুটীয়া উদ্যোগত অনুষ্ঠিত এই মেগা ইভেণ্টে ক্রীড়া জগতত ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে৷ এইবাৰৰ বিশ্বকাপ বহু অর্থত অনবদ্য আৰু ঐতিহাসিক ৰূপে চিহ্ণিত– ফিফাৰ ইতিহাসত প্রথমবাৰৰ বাবে একেলগে তিনিখন ৰাষ্ট্রই এই প্রতিযোগিতাখনৰ আয়োজন কৰিছে৷ ফলত মেক্সিকোৱে বিশ্বৰ একমাত্র দেশ হিচাপে তিনিবাৰ বিশ্বকাপ আয়োজনকাৰী হোৱাৰ বিৰল গৌৰৱ অর্জন কৰিছে৷ তদুপৰি এইবাৰ মুঠ ৪৮টা দলে অংশগ্রহণ কৰাৰ ফলত বিশ্বৰ বিভিন্ন প্রান্তৰ উদীয়মান তথা প্রতিভাশালী খেলুৱৈসকলে ক্রীড়া নৈপুণ্য উজাৰি দিয়াৰ সোণালী সুযোগ লাভ কৰিছে৷ গ্রুপ পর্যায়ৰ কেইবাখনো ৰোমাঞ্চকৰ আৰু উত্তেজনাপূর্ণ খেল সমন্বিতে আকর্ষণীয় প্রতিযোগিতাৰ সামৰণিত বর্তমান ছেমিফাইনেল লাইন–আপ সাজু হৈ উঠিছে৷ ফ্রান্স বনাম স্পেইন আৰু আর্জেণ্টিনা বনাম ইংলেণ্ডৰ মৰণপণ যুঁজ চাবলৈ সমগ্র বিশ্বৰ ফুটবল অনুৰাগী উদ্বাউল হৈ আছে৷ এইখিনিতে অসমত ফুটবল মহাৰণৰ আলোড়নে স্পর্শ কৰা অভূতপূর্ব পৰিৱেশৰ কথা উল্লেখনীয়৷ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ফুটবলপ্রেমীৰ উছাহক দুগুণ কৰিবলৈ অসম চৰকাৰে গুৱাহাটীৰ লতাশিল, ডিব্রুগড়ৰ চৌকিডিঙী খেলপথাৰ, শিলচৰৰ ষ্টেডিয়াম আৰু যোৰহাটত বিশেষভাৱে ‘চি এম ফিফা ফেন পার্ক’ৰ ব্যৱস্থা কৰিছে৷ মেগা স্ক্রীনত ৰাজ্যৰ ফুটবল অনুৰাগীসকলে ফুটবলৰ সর্বোচ্চ মঞ্চৰ তীব্র প্রতিদ্বন্দ্বিতাপূর্ণ খেলবোৰ একেলগে চোৱাৰ সুযোগ লাভ কৰি উচ্ছ্বসিত হৈ পৰিছে৷ এনে বিশেষ পদক্ষেপে ৰাজ্য তথা উত্তৰ–পূর্বাঞ্চলৰ ফুটবলৰ প্রেক্ষাপটত সঞ্জীৱনীৰ দৰে কাম কৰিব৷
উচ্ছ্বাসপূর্ণ পৰিৱেশত ফুটবলৰ মহাশক্তিধৰ দেশৰ ছুপাৰষ্টাৰসকলৰ সুনিপুণ ক্রীড়াশৈলী উপভোগ কৰি ইয়াৰ মাদকতা অনুভৱ কৰিছে অনুৰাগীসকলে৷ আশাব্যঞ্জক কথাটো হ’ল নতুন প্রজন্মৰ মাজত ফুটবলৰ প্রতি ধাউতি বৃদ্ধি পাইছে৷ গতিকে ক্রীড়া উপযোগী পৰিৱেশ ৰচনা হোৱাটো সকলো ক্রীড়াপ্রেমীৰ একান্ত কাম্য৷ ভাৰতে ভৱিষ্যতে ফিফা বিশ্বকাপত অংশগ্রহণৰ বাবে যোগ্যতা অর্জন কেতিয়া কৰিব? –এই প্রশ্ণই আমাক অহৰহ খেদি ফুৰাটো কেতিয়া বন্ধ হ’ব? সেয়া সময়েহে ক’ব৷ তাৰ বাবে নিৰৱচ্ছিন্ন আৰু একনিষ্ঠ প্রচেষ্টা লাগিবই! ফুটবল অনুকূল পৰিৱেশ পোনতে সৃষ্টি হ’লেহে সুদক্ষ খেলুৱৈৰ বাবে অগ্রগামী পথ মসৃণ হ’ব৷ যিয়েই নহওক কিয়, ফুটবলৰ এই গোলকীয় উৎসৱে বর্ণ–ধর্ম–জাতি–ভাষা আৰু ভৌগোলিক পৰিসীমা অতিক্রম কৰি সমগ্র বিশ্বক একেডাল সূতাৰে বান্ধিবলৈ সক্ষম হৈছে৷ ১৯ জুলাইত নিউয়র্কৰ নিউ জার্ছী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ফাইনেলখন উপভোগ কৰিবলৈ আমি আটায়ে ব্যগ্রভাৱে অপেক্ষা কৰি আছোঁ৷ কোন দেশে সুদৃশ্য সোণালী ট্রফী অর্জন কৰিব সেয়া মাথোঁ এসপ্তাহৰ ভিতৰতে স্পষ্ট হ’ব৷ ক্রিষ্টিয়ানো ৰ’নাল্ডো, লিঅ’নেল মেছি তথা লুকা মড্রিচৰ দৰে মহাতাৰকাৰ বাবে সম্ভৱতঃ এইখন অন্তিম বিশ্বকাপ৷ এই কথাই ক্রীড়ানুৰাগীক ইতিমধ্যে আৱেগিক কৰি তুলিছে৷ বর্ণবাদ, ভূ–ৰাজনীতি, যুদ্ধ আৰু সংঘাত বিদীর্ণ বিশ্বত ফুটবলৰ মহাৰণে আমাক সোঁৱৰাই দিছে সামূহিক প্রয়াস আৰু নিয়মানুৱর্তিতাৰে কেনেদৰে সুন্দৰ পৃথিৱী গঢ়িব পাৰি৷ ভাতৃত্ববোধ আৰু ক্রীড়া সংস্কৃতিৰ জয়গানে সকলো দেশৰ নাগৰিকক উজ্জীৱিত কৰি তুলিব, ‘বসুধৈৱ কুটুম্বকম্’ বাণীয়ে সকলোকে একত্রিত হ’বলৈ নিশ্চয় অনুপ্রাণিত কৰিব৷