নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ কোচগাঁৱত ১২টা চোৰাং চিলিণ্ডাৰসহ এজনক আটক

নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ১৩ জুলাই : ৰূপহীহাট আৰক্ষীয়ে আজি দুপৰীয়া এক গোপন সূত্ৰৰ পম খেদি কোচগাঁৱত চোৰাং গেছ চিলিণ্ডাৰৰ বিৰুদ্ধে অভিযান চলায়।

আৰক্ষীৰ অভিযানত ভাৰত গেছ কোম্পানীৰ ১২টাকৈ চিলিণ্ডাৰসহ আটক কৰে এজন বেপাৰীক। ধৃত বেপাৰীজনৰ নাম গিয়াছ উদ্দিন। বেপাৰীজনে চিলিণ্ডাৰসমূহ ক’লা বজাৰত অধিক দামত বিক্ৰী কৰি আহিছিল।

ৰূপহীহাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত বেপাৰীজনক জেৰা অব্যাহত ৰাখিছে।

You might also like