বিশিষ্ট সাহিত্যিক তথা পদ্মশ্রী গীতা উপাধ্যায়ৰ কালি তেজপুৰৰ চানমাৰিস্থিত বাসগৃহত পৰলোকপ্রাপ্তি ঘটিছে৷ উল্লেখ্য যেবার্ধক্যজনিত অসুস্থতাত ভুগি থকা পদ্মশ্রীগৰাকীৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত যোৱা ১০ জুলাইত তেজপুৰৰ দ্বাৰিকা চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল৷ ইয়াত তেওঁ ইণ্টেনছিভ কেয়াৰ ইউনিটত চিকিৎসাধীন হৈ থকাৰ পিছত চিকিৎসকৰ পৰামর্শ অনুসৰি চানমাৰিৰ নিজা বাসভৱনলৈ নিয়া হয় যদিও নিশা তেওঁৰ বিয়োগ ঘটে৷
উল্লেখ্য যে বিশ্বজুৰি বহুল পথিত এন ফ্রাংকৰ ডায়েৰী অসমীয়ালৈ অনুবাদ কৰা তথা দীঘলীয়া সময় অসমীয়া আৰু নেপালী সাহিত্যলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা তেজপুৰ নিৱাসী প্রবীণ সাহিত্যিক অশীতিপৰ গীতা উপাধ্যায়লৈ ৰাজ্য চৰকাৰে আগবঢ়াহছিল সতী সাধনী বঁটা৷
ভালেসংখ্যক গ্রন্থৰ ৰচক সাহিত্যিকগৰাকীৰ মেৰ’ স্বদেশ হৈছে এখন অন্যতম শ্রেষ্ঠ নেপালী উপন্যাস, যাৰ বাবে তেওঁ ২০১৬ত লাভ কৰিছিল সাহিত্য অকাডেমি বঁটা৷ তদুপৰি তেওঁ কথাঞ্জলি গল্প সংকলন, আমা মা ফাষ্ট ভয়েঁ আদি শিশু উপযোগী ডপন্যাসৰ লগতে কলা সূৰুয, থলুৱা সন্তান আদিৰ দৰে গ্রন্থ ৰচনা কৰিছে৷
তদুপৰি, মহাপুৰুষ শংকৰদেৱঃ জীৱনৰ কর্ম, অলকানন্দাকো তিৰৈতীৰ বদ্রী কেদাৰসন্ম, জীৱনলাহ ফার্কেৰা হের্দা আদি গ্রন্থও ৰচনা কৰা সাহিত্যিকগৰাকীয়ে কর্মবীৰ ধন বাহাদুৰ সোনাৰ, কাৰেঙৰ লিগিৰীৰ নেপালীলৈ অনুবাদ ৰাজদৰবাৰকী সুসাৰীৰ উপৰি অসমীয়ালৈ অনুবাদ কৰিছে আনন্দী গোপাল নামৰ মূল মাৰাঠী উপন্যাসৰ উপৰি বাসন্তী লস্কৰৰ স’তে এন ফ্রাংকৰ ডায়েৰী, ভানুভক্তৰ ৰামায়ণ, মুনা–মদন আদিৰ দৰে প্রসিদ্ধ গ্রন্থ৷
উল্লেখ্য যে দুবাৰকৈ সাহিত্য অকাডেমি অনুবাদ বঁটা লাভ কৰাৰ লগতে কেন্দ্রীয় চৰকাৰৰ অন্যতম অসামৰিক সন্মান পদ্মশ্রী বঁটাৰে বিভূষিত হোৱা বিশিষ্ট সাহিত্যিকগৰাকী বিগত প্রায় এবছৰ ধৰি শাৰীৰিক অসুস্থতাৰ বাবে বাসগৃহতে চিকিৎসাধীন হৈ আছিল৷
নিজৰ মাতৃভাষা দুটা বুলি কোৱা আৰু হয়াৰে এটা নেপালী আৰু আনটো অসমীয়া বুলি কৈ অহা সাহিত্যিকগৰাকী দেশৰ স্বাধীনতা সংগ্রামী ছবিলাল উপাধ্যায়ৰ নাতিনী৷ ১৯৩৯ৰ ১৪ ফেব্রুৱাৰীত বর্তমানৰ বিশ্বনাথ জিলাৰ গাংমৌথান গাঁৱত জন্মগ্রহণ কৰা গীতা উপাধ্যায়ৰ পিতৃৰ নাম টংকনাথ উপাধ্যায় আৰু মাতৃৰ নাম ভাগীৰথী দেৱী৷
উল্লেখ্য যে তেজপুৰৰ প্রাক্তন সাংসদ স্বৰূপ ডপাধ্যায়ৰ জ্যেষ্ঠ ভগ্নী৷ প্রণিধানযোগ্য যে শিৱসাগৰ মহাবিদ্যালয়ত দীর্ঘকাল অধ্যাপনা কৰি ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা হিচাপে ১৯৯৯ত অৱসৰ গ্রহণ কৰে গীতা উপাধ্যায়ে৷
তেজপুৰৰ চানমাৰি নিৱাসী এইগৰাকী সাহিত্যিকে শেহতীয়াকৈ স্মৃতি বিভ্রম ৰোগত আক্রান্ত হয় আৰু এবছৰে তেওঁ প্রায় শয্যাশায়ী অৱস্থাত আছিল৷ তেওঁৰ বিয়োগৰ বাতৰি লাভ কৰাৰ লগে লগে শোণিতপুৰ প্রশাসন, বিধায়ক পৃথ্বিৰাজ ৰাভা, ঋতুবৰণ শর্মা, শোণিতপুৰ জিলা সাহিত্য সভা, তেজপুৰ সাহিত্য সভা,বাণ থিয়েটাৰ, অসমীয়া ক্লাব, তৰুণ অসম সংঘ, নটৰাজম কলামন্দিৰ, শোণিতপুৰ জার্নেলিষ্ট হডনিয়ন, শোণিতপুৰ প্রেছ ক্লাব, জাফাৰ শোণিতপুৰ জিলা সমিতি আদি অনুষ্ঠানে গভীৰ শোক প্রকাশ কৰিছে৷
বার্তা ব্যুৰ’, তেজপুৰ, ১৪ জুলাই