নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ মণিকাঞ্চন মিলন ক্ষেত্ৰত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণৰ সামৰণি 

সংগীত  নাটক অকাডেমী নতুন দিল্লীৰ অনুমোদন সাপেক্ষে সত্ৰীয়া কেন্দ্ৰ , গুৱাহাটীৰ  দ্বাৰা “মাজুলীৰ সাহিত্য”ৰ উদ্যোগত আঁহতগুৰিত অৱস্থিত  মণিকাঞ্চন মিলন ক্ষেত্ৰ আদিস্থান শ্ৰীশ্ৰীধূৱাহাট বেলগুৰি থানত যোৱা ২ জুলাইৰ পৰা পোন্ধৰদিনীয়া সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ আজি সফল সামৰণি পৰে।

সংগীত নাটক একাডেমীৰ প্ৰশিক্ষক তথা সংগীত নাটক অকাডেমী বঁটা প্ৰাপক গুৰু হৰিচৰণ ভূঞা বৰবায়নৰ তত্বাৱধানত দুগৰাকী প্ৰশিক্ষক উপেন ভড়ালী আৰু পাপুল শইকীয়াৰ পৰিচালনাত  হোৱা এই শিৱিৰত  গায়ন- বায়ন, বৰগীত  আৰু সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰে। বৰ্তমান আঁহতগুৰি মৌজাৰ কেন্দ্ৰ স্থল শিকলি চাপৰিত থকা কুৰিখনতকৈয়ো অধিক  চৰ- চাপৰি গাঁৱত প্ৰথমবাৰলৈ এই প্ৰশিক্ষণ অনুষ্ঠিত হয়।

কেউটা বিভাগত ৮০ গৰাকীতকৈয়ো অধিক  শিক্ষাৰ্থীয়ে প্ৰশিক্ষণ লাভ কৰে। দুজনা গুৰুৰ মহামিলন আদিস্থানৰ কীৰ্তন ঘৰত শুভাৰম্ভ ঘটা প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় ন-মাটি তিনিআলিৰ সমীপত অৱস্থিত চেচুগুৰি কমিউনিটী হলত।

আৰম্ভণিতে থান পৰিচালনা সমিতিৰ সভাপতি ৰূপচন্দ্ৰ গোস্বামৰ আৰু উপদেষ্টা আনন্দ খাউণ্ডে বন্তি প্ৰজ্বলন কৰে আৰু থান পৰিচালনা সমিতিৰ সম্পাদক ভৱেন ফুকনে সভাৰ আঁত ধৰে। সভাত প্ৰশিক্ষক সকলক উদ্যোক্তা সকলৰ পৰা আদৰণি জনায়।

আদৰণি গ্ৰহণ কৰি প্ৰশিক্ষক সকলৰ হৈ পাপুল শইকীয়া আৰু উপেন ভৰালীয়ে বক্তব্য আগবঢ়াই কয়, এসময়ত মাজুলীৰ ভিতৰতে শৎস-মৎস্য আৰু সাংস্কৃতিক সম্ভাৰেৰে পৰিপূৰ্ণ  তথা ৰাজধানী স্বৰূপ আঁহতগুৰি ব্ৰহ্মপুত্ৰৰ খহনীয়াত বিধ্বস্ত হৈছিল যদিও আজি পুনৰ আঁহতগুৰিয়ে প্ৰাণ পাই উঠিছে।

অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক মণিকাঞ্চন মিলন ক্ষেত্ৰ আদিস্থান এই মাজুলীৰ আঁহতগুৰিত মাজুলীৰ সাহিত্যই ৰাইজৰ সহযোগত পুনৰুজ্জীৱিত কৰি আঁহতগুৰিক সেই প্ৰাণ পুনৰ প্ৰদান কৰিলে। যি কাম সত্ৰ, সত্ৰানুষ্ঠানৰ সংগঠন,জাতীয় সংগঠনে কৰিব লাগিছিল।

মাজুলীৰ সাহিত্যৰ বাবেই আজি প্ৰথমবাৰলৈ এনে প্ৰশিক্ষণ আৰম্ভ সম্ভৱ হ’ল। সভাত থান পৰিচালনা সমিতিৰ সভাপতি ৰূপচন্দ্ৰ গোস্বামী য়ে, সংগীত নাটক অকাডেমী, নতুন দিল্লী, সত্ৰীয়া কেন্দ্ৰ-গুৱাহাটীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। চৰ চাপৰিৰ শিশু- শিক্ষাৰ্থীসকলক দুজনা গুৰুৰ অপূৰ্ব অৱদান সত্ৰীয়া নৃত্য ,বৰগীত, আৰু গায়ন-বায়নৰ প্ৰশিক্ষণৰ এই চমু সুবিধা প্ৰদান কৰি  চৰকাৰী বিভাগটোৱে আঁহতগুৰিবাসীক মূল সূঁতিৰ লগত সংযোগ ঘটালে।

চৰ চাপৰিৰ ৰাইজৰ আশা আকাংক্ষা পুৰণৰ বাবে এক দীঘলীয়া প্ৰশিক্ষণ কাৰ্যসূচী তেখেতে বিচাৰি আবেদন জনায় নিজৰ বক্তব্যত। আনগৰাকী বন্তীপ্ৰজ্বলক আনন্দ খাউণ্ডে নিজৰ বক্তব্যত মণিকাঞ্চন মিলন ক্ষেত্ৰত এই প্ৰশিক্ষণ অনুমোদন পোৱাৰ ক্ষেত্ৰত মাজুলীৰ  সাহিত্যৰ পদক্ষেপক শলাগ জনায় আৰু ভৱিষ্যতৰ দিনত মণিকাঞ্চন মিলন ক্ষেত্ৰত সংগীত নাটক অকাডেমীৰ পৰা এটি সাংস্কৃতিক কেন্দ্ৰ গঢ়ি তুলিবলৈ আহ্বান জনায়।

প্ৰশিক্ষাৰ্থী সকলে বৰগীত, সত্ৰীয়া নৃত্য আৰু গায়ন-বায়ন প্ৰদৰ্শন কৰে। মাত্ৰ চৈধ্যটা দিন প্ৰশিক্ষণ লাভ কৰিয়েই শিক্ষাৰ্থীসকলে কেউটা বিভাগত সফলতাৰে নিজৰ পৰিপক্কতা প্ৰদৰ্শন কৰিব পৰাত প্ৰশিক্ষক, উদ্যোক্তা আৰু অভিভাৱক অভিভাৱিকাসকল আচৰিত হয়।

সকলোৱে এই প্ৰশিক্ষণ কমেও মাহজোৰা কৰিলে শিক্ষাৰ্থীসকল সকলোতে ফেৰ মাৰিব পৰা হ’ব বুলি মন্তব্য আগবঢ়াই অদূৰ ভৱিষ্যতে তেনে পদক্ষেপ বিচাৰি এক ৰাজহুৱা প্ৰস্তাৱ গৃহীত কৰে। প্ৰশিক্ষাৰ্থী সকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰাৰ পিছত সাংস্কৃতিক বিভাগৰ পৰা শলাগৰ শৰাই আগবঢ়াই কাৰ্যসূচী সামৰণি মাৰে ।

নিয়মীয়া বাৰ্তা, বনগাঁও, ১৫ জুলাই

You might also like