নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যুতৰ তাঁৰত লাগি ২ শিশুৰ প্ৰাণহানি, নুমলীগড়ত শোকৰ ছাঁ

অতি মৰ্মান্তিক শোকাৱহ ঘটনা। নুমলীগড়ৰ মাধৱপুৰত সংঘঠিত হৈছে এই কৰুণ ঘটনা। বনৰীয়া হাতীয়ে দীৰ্ঘদিন এলেকাটোত সন্ত্ৰাস চলাই থকাৰ বাবেই ভাইটি ওৰাং নামৰ এজন লোকে নিজ বাৰীৰ চুকত সংযোগ কৰিছিল বিদ‍্যুতৰ তাঁৰ।

উক্ত তাঁৰত লাগি নিজৰ কন‍্যাসহ আন এটি শিশু কৰুণভাৱে মৃত‍্যু হ‍য়। নিহত শিশু দুটাৰ নাম দিবীকা ওৰাং (১১) আৰু হিমাংশু খেৰিয়া (৯)। উল্লেখ‍্য যে ঘটনাৰ সময়ত তেঁওলোকৰ গৃহত কোনে নাছিল। ঘৰৰ মানুহ বাগিচাত কামৰ বাবে গৈছিল বুলি ঘৰৰ লোকে প্ৰকাশ কৰিছে।

ইফালে বিদ‍্যূত সংযোগ কৰা তাৰ পিতৃয়ে খুলি দিছিল যদিও নিহত শিশুৱে সংযোগ কৰি দিয়াৰ ফলত এনে ঘটনা সংঘঠিত হয় বুলি ভাইটি ওৰাঙে অভিযোগ কৰিছে। দুইটি শিশুৱে উক্ত এলেকাত খেলি থকাৰ সময়তে এনে ঘটনা সংঘঠিত হোৱাৰ পিচত মাটিত ঢলি পৰিছিল।

তেওঁলোকক চিকিৎসালয়লৈ লৈ গৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। সমগ্ৰ ঘটনাৰ প্ৰকৃত সত‍্য আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।

নিয়মীয়া বাৰ্তা, নুমলীগড়, ১৫ জুলাই

You might also like