নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহালী সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

ডিজিটেল ডেস্ক, ১৬ জুলাই : বিহালী সংৰক্ষিত বনাঞ্চলত অৰুণাচলী দুৰ্বৃত্তই চলোৱা গুলীচালনাৰ ঘটনাক লৈ সমগ্ৰ সীমান্তৱৰ্তী অঞ্চলটোত তীব্ৰ উত্তেজনা অব্যাহত থকাৰ মাজতে আজি সমগ্ৰ পৰিস্থিতিৰ বুজ ল’বলৈ বিশ্বনাথত উপস্থিত হৈ বিহালী সংৰক্ষিত বনাঞ্চলত এক বিস্তৃত পৰিদৰ্শন চলায়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মন্ত্ৰীগৰাকীয়ে বন বিভাগৰ জ্যেষ্ঠ বিষয়া, অসম আৰক্ষী আৰু প্ৰশাসনৰ লোকৰ সৈতে পৰিস্থিতিৰ পৰ্যালোচনা কৰে আৰু সংৰক্ষিত বনাঞ্চলখন সুৰক্ষিত কৰিবলৈ, ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পুনৰুদ্ধাৰ কৰিবলৈ এলানি জৰুৰী পদক্ষেপৰ কথা ঘোষণা কৰে।

অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী বিহালী বনাঞ্চলৰ ব্যাপক ধ্বংসৰ খবৰ অহাৰ পিছতে এই পৰিদৰ্শন কাৰ্যসূচী হাতত লোৱা হয়। বিগত ছয় মাহৰ বনাঞ্চলৰ অৱস্থাৰ তুলনা কৰি কৃত্ৰিম উপগ্ৰহৰ ছবি আৰু ড্ৰোনৰ জৰিয়তে কৰা মূল্যায়নে নিশ্চিত কৰিছে যে এই সময়ছোৱাত  বনভূমি বেদখল কৰা হৈছে আৰু ব্যাপক ক্ষতিসাধন কৰা হৈছে।

ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত স্থানসমূহ পৰিদৰ্শন কৰাৰ লগতে ড্ৰোনৰ ছবিৰ সহায়ত পৰিস্থিতিৰ বুজ লয় আৰু নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰাৰ লগতে সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাৰ ক্ষেত্ৰত সন্মুখৰ শাৰীৰ বনকৰ্মীসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ পৰীক্ষা কৰে।

বন সংৰক্ষণৰ প্ৰতি অসম চৰকাৰৰ অদম্য প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰী বৰুৱাই ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পুনৰুদ্ধাৰ কাৰ্যসূচী তৎকালীনভাৱে আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ ইক’লজিকেল টাস্ক ফ’ৰ্চক বন বিভাগৰ সৈতে ঘনিষ্ঠ সমন্বয় ৰাখি নিয়মীয়াকৈ বৃক্ষৰোপণ আৰু পৰিৱেশ পুনৰুদ্ধাৰৰ কাম হাতত ল’বলৈ নিৰ্দেশ দিয়ে যাতে ক্ষতিগ্ৰস্ত বনাঞ্চলখন পুনৰ জীপাল কৰি তুলিব পৰা যায় আৰু ইয়াৰ পাৰিপাৰ্শ্বিক ভাৰসাম্য ঘূৰাই আনিব পৰা যায়।

মন্ত্ৰীগৰাকীয়ে সমগ্ৰ অঞ্চলটোত বন সুৰক্ষা আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে এক ব্যাপক পৰিকল্পনাৰ কথাও ঘোষণা কৰে। তেওঁ বৰ্তমানৰ বন শিবিৰসমূহত থকা আসোঁৱাহসমূহ তৎকালীনভাৱে দূৰ কৰিবলৈ, স্পৰ্শকাতৰ স্থানসমূহলৈ যোৱা পথসমূহৰ উন্নতি কৰিবলৈ আৰু প্ৰয়োজনসাপেক্ষে জোৱানসকলৰ দ্ৰুত নিয়োজন নিশ্চিত কৰিবৰ বাবে এটা অতিৰিক্ত সংযোগকাৰী পথ নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ পৰ্যবেক্ষণ কৰে যে অপৰ্যাপ্ত পথ যোগাযোগৰ বাবেই কিছুমান অঞ্চলত সময়মতে পদক্ষেপ গ্ৰহণত বাধাৰ সৃষ্টি হৈছিল আৰু ইয়াৰ ফলত অবৈধ কাৰ্যকলাপ অব্যাহত আছিল।

সংৰক্ষিত বনাঞ্চলখনত নিৰাপত্তা ব্যৱস্থা অধিক সুদৃঢ় কৰিবলৈ মন্ত্ৰীগৰাকীয়ে অসম আৰক্ষী আৰু ফৰেষ্ট বেটেলিয়নক ঘনিষ্ঠ সমন্বয়েৰে কাম কৰিবলৈ আৰু স্পৰ্শকাতৰ অঞ্চলসমূহত নিৰন্তৰ টহলদাৰী অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি যিবোৰ অঞ্চলত বনাঞ্চল ধ্বংস কৰা হৈছে, সেইবোৰ অঞ্চলত অতিৰিক্ত শিবিৰ স্থাপন কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে যাতে আক্ৰান্ত স্থানসমূহ অবিৰত নিৰাপত্তাৰ অধীনত থাকে।

চৰকাৰৰ দৃঢ় সংকল্প দোহাৰি মন্ত্ৰীগৰাকীয়ে কয়, “এজোপাও গছ কাটিবলৈ দিয়া নহ’ব। অসম চৰকাৰে ইয়াৰ প্ৰতি ইঞ্চি বনভূমি সুৰক্ষিত কৰিবলৈ সম্পূৰ্ণ দায়বদ্ধ আৰু অধিক ধ্বংসলীলা ৰোধ কৰিবলৈ সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব।”

তেওঁ সন্মুখৰ শাৰীৰ বনকৰ্মীসকলক আশ্বাস দিয়ে যে তেওঁলোকৰ দায়িত্ব পালনৰ ক্ষেত্ৰত চৰকাৰ সদায় তেওঁলোকৰ লগত দৃঢ়তাৰে থিয় দিব। কৰ্মচাৰীসকলে উত্থাপন কৰা কাম-কাজৰ অসুবিধাৰ প্ৰসংগ উল্লেখ কৰি বৰুৱাই কয় যে বন সুৰক্ষাৰ বাবে প্ৰায়ে কঠিন পৰিস্থিতিৰ মাজত দ্ৰুত সিদ্ধান্ত লোৱাৰ প্ৰয়োজন হয় আৰু বিষয়াসকলে ৰাজ্যৰ বনাঞ্চল সুৰক্ষাৰ স্বাৰ্থত আত্মবিশ্বাসেৰে নিজৰ দায়িত্ব পালন কৰা উচিত।

মন্ত্ৰীগৰাকীয়ে কয় যে কিছুমান ৰাজহুৱা মন্তব্যই বনকৰ্মী আৰু ফৰেষ্ট বেটেলিয়নৰ সদস্যসকলৰ মনোবলত বিৰূপ প্ৰভাৱ পেলাইছে। তেওঁ স্পষ্ট কৰি দিয়ে যে অসমৰ বনাঞ্চল সুৰক্ষাত নিয়োজিত বিষয়াসকলে তেওঁলোকৰ দায়িত্ব পালন কৰাৰ সময়ত চৰকাৰৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। অবৈধ কাৰ্যকলাপ ধৰা পৰিলেই বন সুৰক্ষাৰ ব্যৱস্থাসমূহ কাৰ্যকৰীভাৱে আৰু কোনো দ্বিধাবোধ নকৰাকৈ ৰূপায়ণ কৰাটো নিশ্চিত কৰিবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে।

অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ সামগ্ৰিক সমস্যাক সম্বোধন কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মত প্ৰকাশ কৰে যে সীমান্ত সম্পৰ্কীয় বিষয়সমূহ প্ৰতিষ্ঠিত ৰাজনৈতিক আৰু প্ৰশাসনিক ব্যৱস্থাৰ জৰিয়তে সমাধানৰ চেষ্টা চলাই থকা হৈছে যদিও কোনো পৰিস্থিতিতে বনাঞ্চল ধ্বংস কৰাটো যুক্তিসংগত হ’ব নোৱাৰে।

তেওঁ লগতে আঙুলিয়াই দিয়ে যে সন্মানীয় গুৱাহাটী উচ্চ ন্যায়ালয়েও স্পষ্ট কৰি দিছে যে বনাঞ্চল ধ্বংস কৰা কাৰ্যক কোনো সীমান্ত বিবাদৰ সৈতে সাঙুৰি ল’ব নোৱাৰি বা ইয়াৰ ভিত্তিত ইয়াক যুক্তিসংগত বুলি ক’ব নোৱাৰি। তেওঁ কয় যে আলোচনাৰ জৰিয়তে সীমান্ত সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আলোচনা আৰু সমাধানৰ বাবে ইতিমধ্যে আঞ্চলিক কমিটী গঠন কৰা হৈছে, কিন্তু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব বুলি তেওঁ স্পষ্টকৈ উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক নিৰ্দেশ দিয়ে যে যেতিয়াই অসমৰ ভূখণ্ডৰ ভিতৰত অবৈধ বেদখল, অনুপ্ৰৱেশ বা বনভূমি ধ্বংসৰ ঘটনা ঘটে, তেতিয়াই আইন অনুসৰি উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেওঁ জোৰ দি কয় যে অসমৰ বনাঞ্চলত অবৈধ অনুপ্ৰৱেশৰ সকলো ঘটনা প্ৰতিষ্ঠিত আইনী প্ৰক্ৰিয়াৰ জৰিয়তে দৃঢ়তাৰে মোকাবিলা কৰিব লাগিব।

বনমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে কাইলৈৰ পৰা ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বৃক্ষৰোপণ আৰু পৰিৱেশ পুনৰুদ্ধাৰৰ কাৰ্যসূচী লগে লগে আৰম্ভ হ’ব। একে সময়তে সংৰক্ষিত বনাঞ্চলখনৰ কাৰ্যকৰী সুৰক্ষা নিশ্চিত কৰাৰ বাবে আন্তঃগাঁথনি শক্তিশালী কৰা, পথৰ উন্নতি সাধন কৰা আৰু অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰা কাৰ্য অগ্ৰাধিকাৰ ভিত্তিত কৰা হ’ব।

অসম চৰকাৰে কঠোৰ আইন প্ৰয়োগ, পৰিৱেশ পুনৰুদ্ধাৰ, উন্নত আন্তঃগাঁথনি আৰু সকলো সংশ্লিষ্ট বিভাগৰ মাজত সমন্বয়ৰ জৰিয়তে বনাঞ্চল সুৰক্ষিত কৰিবলৈ সংকল্পবদ্ধ। আজিৰ পৰিদৰ্শন কালত ঘোষণা কৰা ব্যৱস্থাসমূহৰ উদ্দেশ্য হৈছে অধিক বন ধ্বংস ৰোধ কৰা, ক্ষতিগ্ৰস্ত পৰিৱেশতন্ত্ৰ পুনৰুদ্ধাৰ কৰা আৰু ৰাজ্যৰ মূল্যৱান বন সম্পদসমূহ যাতে ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত হৈ থাকে তাৰ ব্যৱস্থা কৰা।

You might also like