নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬–৭ আগষ্টত নিযুত মইনা–নিযুত বাবুৰ প্র–পত্র বিতৰণ

ডিজিটেল ডেস্ক, ১৭ জুলাই : বিধানসভা নির্বাচনৰ বাবে বন্ধ হৈ থকা অৰুণোদয় আঁচনি অহা ৩ আগষ্টৰ পৰা পুনৰ আৰম্ভ কৰিব ৰাজ্য চৰকাৰে৷ বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ফেচবুক লাইভযোগে এই কথা ঘোষণা কৰে৷

মুখ্যমন্ত্রীয়ে প্রকাশ কৰা অনুসৰি, ৩ আগষ্টত প্রতিখন পঞ্চায়তত একোখন সভা অনুষ্ঠিত কৰি অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হ’ব৷ আনহাতে, ৬ আৰু ৭ আগষ্টত বিতৰণ কৰা হ’ব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্র–পত্র৷ ফেচবুক লাইভযোগে ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে ২ লাখ চৰকাৰী চাকৰিৰ বাবে ৰাজ্য চৰকাৰে দিয়া প্রতিশ্রুতি পূৰণৰ লক্ষ্যৰে ইতিমধ্যে হাতে-কামে আগবাঢ়িছে৷ তদুপৰি নির্বাচনৰ বাবে যিবোৰ কল্যাণকামী আঁচনি স্তব্ধ হৈ আছিল, সেই আঁচনিসমূহো আৰম্ভ কৰা হ’ব৷

মুখ্যমন্ত্রী ড০ শর্মাই মাচ্চা চাহৰ কথা উল্লেখ কৰি ফেচবুক লাইভযোগে কয়– জাপানৰ এই মাচ্চা চাহ ইতিমধ্যে অসমত মাচ্চা চাহৰ উৎপাদন হৈছে৷ এই চাহপাত প্রতি কিলোগ্রামত তিনি হাজাৰ টকাত গুৱাহাটী টী অক্সন চেণ্টাৰৰ জৰিয়তে বিক্রী কৰা হৈছে৷ অসমৰ বাগিচাসমূহত এনেধৰণে মাচ্চা চাহ, অর্থড’ক্স টী উৎপাদনৰ জৰিয়তে চাহৰ ৰপ্তানি বৃদ্ধি কৰিব পাৰি৷ এই লক্ষ্যৰে এইবাৰ বাজেটত প্রতি কিলোগ্রাম অর্থড’ক্স চাহপাত, মাচ্চা চাহ বা চিটিচি বিদেশলৈ ৰপ্তানি কৰিলে বিশেষ ৰাজসাহায্য প্রদানৰ কথা উল্লেখ কৰা হৈছে৷

গুৱাহাটীৰ উৰণ সেতুত উলম্ব উদ্যান নির্মাণৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই সামাজিক মাধ্যমযোগে কয়– উৰণ সেতুসমূহত নির্মাণ কৰিব খোজা হেংগিং গার্ডেন যদি ৰাইজে ভাল পায় তেন্তে আন আন স্থানলৈ সম্প্রসাৰিত কৰা হ’ব৷

কামাখ্যা মন্দিৰ কৰিড’ৰৰ কথা উল্লেখ কৰি ফেচবুক লাইভযোগে মুখ্যমন্ত্রীয়ে কয়– কাশী বিশ্বনাথ মন্দিৰ কৰিড’ৰৰ দৰে কামাখ্যাতো আজিৰে পৰা ৫০০ কোটি টকা ব্যয়েৰে আৰম্ভ হৈছে কামাখ্যা কৰিড’ৰৰ কাম৷ ২০০৪ চনতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আধাৰশিলা স্থাপন কৰা এই কৰিড’ৰ যোৱা সময়ছোৱাত উচ্চ ন্যায়ালয়ৰ এক গোচৰৰ বাবে স্থগিত হৈ আছিল যদিও এই কৰিড’ৰৰ নির্মাণৰ কাম আৰম্ভ হৈছে৷ ইয়াৰ ফলত অসমৰ পর্যটনৰ দৃষ্টিকোণেৰে ই এক বৃহৎ সংযোজন হ’ব৷

মুখ্যমন্ত্রীয়ে লাচিত বৰফুকনক লৈ ৰাষ্ট্রীয় পর্যায়ত অথবা বাণিজ্যিক ভিত্তিত এখন চিনেমা নির্মাণৰ কথা উল্লেখ কৰে৷ ফেচবুক লাইভযোগে এই প্রসংগত মুখ্যমন্ত্রীয়ে কয় যে ‘ধুৰন্ধৰ’ হিন্দী ছবিখনে যিদৰে ব্লকব্লাষ্টাৰ ছবিৰূপে পৰিগণিত হৈছে সেই একেই ধৰণে লাচিত বৰফুকন সন্দর্ভত এক ছুপাৰহিট ছবি নির্মাণৰ পৰিকল্পনা কৰা হৈছে৷ ধুৰন্ধৰৰ পৰিচালক আদিত্য ধৰৰ সৈতে ইয়াৰ বাবে টেলিফোনযোগে বার্তালাপ কৰা হৈছে৷ লাচিত বৰফুকন সন্দর্ভত হিন্দী ভাষাত গোটেই দেশে চাব পৰাকৈ এখন ছবি নির্মাণ কৰা বিষয়টো সন্দর্ভত আদিত্য ধৰৰ সৈতে আলোচনা কৰা হৈছে৷ অহা আগষ্ট মাহত এই সন্দর্ভত আদিত্য ধৰে কথা পাতিব বুলিও উল্লেখ কৰিছে৷

মিছন বসুন্ধৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে ফেচবুক লাইভযোগে কয়– মিছন বসুন্ধৰাৰ জৰিয়তে ইতিমধ্যে ১০ লাখ পৰিয়াল উপকৃত হৈছে৷ কিন্তু ইয়াৰ পিছতো ভূমিৰ সমস্যা এতিয়াও শেষ হৈ যোৱা নাই৷ দেৱোত্তৰ ভূমি, ভিজিআৰ, বনভূমিকে ধৰি কেইবাটাও শ্রেণীত থকা হেতুকে প্রচলিত আইনৰ অধীনত ভূমি আবণ্টন দিয়াটো সহজ নহয়৷ এই লক্ষ্যৰে ২৫ ডিচেম্বৰৰ পৰা বসুন্ধৰা–৪.০ৰ কাম আৰম্ভ কৰা হ’ব৷ সেয়েহে এই মিছন আৰম্ভ কৰাৰ পূর্বে যিসকলে এনেধৰণৰ ভূমিৰ সমস্যাত ভুগি আছে, তেওঁলোকে এক প’র্টেলৰ জৰিয়তে চৰকাৰক অৱগত কৰিব পাৰিব৷ বসুন্ধৰা সম্পর্কত চৰকাৰে পৰামর্শ গ্রহণ কৰিবলৈ এক প’র্টেল মুকলি কৰা হ’ব৷ সেই প’র্টেলত ভূমি সম্পর্কীয় বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰিব পাৰিব৷

You might also like