নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুমডুমাত শোকাৱহ পথ দুৰ্ঘটনাত স্কুটী আৰোহীৰ থিতাতে মৃত্যু

ডিজিটেল ডেস্ক, ১৭ জুলাই : তিনিচুকীয়া জিলাৰ ডুমডুমাৰ চামদাং বাইপাছত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন স্কুটী আৰোহীৰ থিতাতে মৃত্যু হয়। নিহত যুৱকজন ফিল’বাৰী অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে যদিও তেওঁৰ পৰিচয় এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত কৰা হোৱা নাই।

দুৰ্ঘটনাগ্ৰস্ত স্কুটীখনৰ পঞ্জীয়ন নম্বৰ AS-23AK-0372। খবৰ পাই ডুমডুমা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। পিছত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মাকুমস্থিত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

আৰক্ষীৰ মতে, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছত ঘটনাটো কেৱল পথ দুৰ্ঘটনা নে ইয়াৰ আঁৰত আন কোনো ৰহস্য আছে, সেই বিষয়ে অধিক স্পষ্ট তথ্য পোৱা যাব।

You might also like