আজি ১৭ জুলাই, আহাৰ মাহৰ ৩২ তাৰিখ
শুকুৰবাৰ : তিথি–তৃতীয়া, নক্ষত্র : মঘা, যাত্রা : নাই
মেষ : আজি পৰিয়ালত সুখ–সমৃদ্ধি বৃদ্ধি পাব৷ শৰীৰৰ যত্ন ল’ব৷ ব্যৱসায়ত বাধা আহিব পাৰে৷ শিক্ষার্থীৰ বাবে শুভ৷ চাকৰিয়ালসকলে কর্মস্থানত প্রশংসা লাভ কৰিব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৫
বৃষ : আজি আপোনাৰ কোনো আত্মীয়ৰ সৈতে বিবাদ হ’ব পাৰে৷ আর্থিক দিশত সমস্যা থাকিব৷ প্রেমত শুভ৷ কর্মস্থানত সমস্যা থাকিব যদিও সহকর্মীৰ দ্বাৰা উপকৃত হ’ব৷ যান–বাহনৰ পৰা সাৱধান৷ পেটৰ সমস্যাত ভুগিব পাৰে৷ শুভ ৰং গুলপীয়া শুভ সংখ্যা – ২
মিথুন : আজি আর্থিক দিশত ডন্নতি হ’ব৷ পৰিয়ালৰ কোনো লোকৰ বিবাহৰ যোগ দেখা যায়৷ শাৰীৰিক অসুস্থতাত ভুগিব পাৰে৷ প্রেমত সঁহাৰি লাভ৷ শত্রুৰ পৰা সাৱধান৷ শুভ ৰং ক’লা, শুভ সংখ্যা – ৪
কর্কট : আজি স্বাস্থ্যৰ প্রতি সচেতন হৈ চলিব৷ মানসিক চিন্তা বৃদ্ধি হ’ব৷ প্রেমত মধ্যম৷ বিদ্যার্থীৰ শুভ৷ ভ্রমণ কৰোঁতে সাৱধান হ’ব৷ খৰচৰ মাত্রা বৃদ্ধি হ’ব পাৰে৷ সন্তানৰ পৰা আনন্দিত হ’ব৷ শুভ ৰং – হালধীয়া, শুভ সংখ্যা – ৯
সিংহ : আজি কোনো অতীতৰ কথাই আপোনাক আমনি কৰা দেখা যায়৷ খৰচৰ মাত্রা বাঢ়িব৷ মনত সাহসবৃদ্ধি পাব৷ আনৰ কথাত ভুল নাযাব৷ প্রেমত মধ্যম৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ১
কন্যা : আজি যান–বাহনৰ পৰা সাৱধান হ’ব৷ পুৰণি কোনো বন্বুূৰ সৈতে সাক্ষাৎ হ’ব৷ বিদ্যার্থীৰ শুভ৷ সন্তানৰ পৰা আনন্দিত হ’ব৷ প্রেমৰ ক্ষেত্রত নতুন প্রস্তাৱ পাব পাৰে৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা – ৮
তুলা : আজি আয় বৃদ্ধি হ’ব৷ বেপাৰ–বাণিজ্যত ধন লাভ৷ কর্মস্থানত সমস্যা থাকিব যদিও সহকর্মীৰ দ্বাৰা উপকৃত হ’ব৷ শাৰীৰিক সমস্যাত ভুগিব পাৰে৷ প্রেমত সঁহাৰি লাভ৷ শুভ ৰং – বগা, শুভ সংখ্যা – ৪
বৃশ্চিক : আজি পিতৃৰ শৰীৰক লৈ চিন্তা হ’ব পাৰে৷ গোপন শত্রুৰ পৰা সাৱধান৷ গৃহত আলহীৰ আগমন হ’ব পাৰে৷ প্রেমত শুভ৷ শুভ ৰং ৰূপালী, শুভ সংখ্যা ২
ধনু : আজি কোনো শুভ সংবাদ পাব পাৰে৷ নতুন কার্য সিদ্ধি হ’ব৷ আত্মীয়ৰ পৰা আনন্দ লাভ হোৱা দেখা যায়৷ প্রেমত আনন্দ৷ শুভ ৰং – কমলা, শুভ সংখ্যা – ৩
মকৰ : আজি দিনটো মংগল কাম সিদ্ধিৰ বাবে শুভ দিন৷ প্রেমত শুভ দেখা যায়৷ শৰীৰৰ যত্ন লব৷ ভ্রমণৰ যোগ দেখা যায়৷ আর্থিক দিশত মধ্যম৷ পৰিয়ালত বিবাহৰ চর্চা হ’ব পাৰে৷ শুভ ৰং – বগা, শুভ সংখ্যা – ৭
কুম্ভ : আজি কর্মস্থানত প্রশংসা লাভ কৰিব৷ ভ্রমণ কৰোঁতে সাৱধান হ’ব৷ দক্ষিণ দিশত ভ্রমণ নকৰিব৷ বিভিন্ন দিশত সুনাম অর্জন কৰিব৷ বিদ্যাত শুভ৷ প্রেমত শুভ৷ শুভ ৰং – বেঙুনীয়া. শুভ সংখ্যা – ৯
মীন : আজি প্রেমত শুভ দেখা নাযায়৷ কোনো অন্য লোকৰ আগমনৰ দ্বাৰা সমস্যা হ’ব পাৰে৷ বিদ্যার্থীসকলৰ শুভ যদিও অধিক যত্ন লোৱাৰ প্রয়োজন৷ ব্যৱসায়ত শুভ৷ শুভ ৰং – মেৰুণ, শুভ সংখ্যা – ৬