গোসাঁইগাঁৱৰ বল্লমগুৰি গাঁৱত শুকুৰবাৰে নিশা সংঘটিত এক ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে । গাঁৱৰ সচেতন ৰাইজে সন্দেহজনকভাৱে ৰাতিৰ আন্ধাৰত ঘুৰি ফুৰা অস্ত্ৰধাৰী চাৰিজন বহিঃৰাজ্যৰ যুৱকক আটক কৰি আৰক্ষীক চমজাই দিয়ে।
জানিব পৰা মতে, নিশা প্ৰায় ৯ বজাত চাৰিজন যুৱকে বল্লমগুৰি গাঁৱৰ ভিতৰুৱা পথেদি সন্দেহজনকভাৱে ঘূৰি ফুৰিছিল। তেওঁলোকৰ আচৰণত সন্দেহ হোৱাত গাঁৱৰ লোকে সোধা-পোছা কৰিবলৈ আগবাঢ়ি যোৱাত যুৱককেইজনে দৌৰি পলায়নৰ চেষ্টা কৰে। কিন্তু ৰাইজৰ তৎপৰতা আৰু সাহসিকতাৰ ফলত চাৰিওজনকে ৰাইজে খেদি খেদি আটক কৰিবলৈ সক্ষম হয় ৷
ঘটনাৰ খবৰ পোৱাৰ লগে লগে গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়া মণ্টুৰাম বৰাৰ নেতৃত্বত গোসাঁইগাঁও আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ আটকাধীন যুৱককেইজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ধৃত যুৱককেইজনৰ পৰা এটা হস্তনিৰ্মিত বন্দুক আৰু এটা সক্ৰিয় গুলী জব্দ কৰিছে। গ্ৰেপ্তাৰ হোৱা চাৰিজন হৈছে উত্তৰপ্ৰদেশৰ বাসিন্দা ধৰম বীৰ গৌতম, সূৰুয গৌতম, বিকাশ চৌধুৰী আৰু নিমাজিছ আলী।
গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়া মন্টুৰাম বৰাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে যুৱককেইজন চুপাৰি কিলাৰ আৰু ডকাইতিৰ উদ্দেশ্যে অঞ্চলটোত ঘূৰা ফুৰা কৰি থকাৰ সন্দেহ কৰা হৈছে ৷ যদিও তেওঁলোকৰ সৈতে আন কোনো ব্যক্তি বা অপৰাধী চক্ৰ জড়িত আছে নেকি, সেই বিষয়ত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
নিয়মীয়া বাৰ্তা, গোসাঁইগাঁও, ১৭ জুলাই :