নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰ্বভাৰতীয় নীট পৰীক্ষাত উজলিল নাজিৰাৰ দীক্ষিতা কলিতা

সদ্যঘোষিত নীট পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নাজিৰা তথা শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে দীক্ষিতা কলিতাই।

নাজিৰাৰ সমজিলাৰ অন্তৰ্গত শ্ৰীশ্ৰী চলিহা বাৰেঘৰ সত্ৰৰ নিৱাসী সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপ-সম্পাদক তথা নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক, প্ৰধান শিক্ষক শৈলেন্দ্ৰ কলিতা আৰু প্ৰণামী কলিতাৰ কন্যা দীক্ষিতা কলিতাই ২০২৬ বৰ্ষৰ নীট পৰীক্ষাত অৱতীৰ্ণ হৈ ৯৮.৭ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হয়।

মুঠ ৫৬৬ নম্বৰ লাভ কৰা দীক্ষিতা কলিতাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯১.৩৩ শতাংশ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮৬.৪ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। দীক্ষিতা কলিতাৰ এই সফলতাত শ্ৰীশ্ৰী চলিহা বাৰেঘৰ সত্ৰবাসীৰ লগতে নাজিৰাবাসী উৎফুল্লিত হৈ পৰিছে।

নিয়মীয়া বাৰ্তা, গেলেকী, ১৭ জুলাই :
You might also like