পাক সেনাৰ কনভয়ত বেলুচ বিদ্ৰোহীৰ ভয়ংকৰ আক্ৰমণ, ৪৫জন জোৱান নিহত
ডিজিটেল ডেস্ক, ১৭ জুলাই : পাকিস্তান সেনাৰ এটা কনভয়ক লক্ষ্য কৰি বেলুচ বিদ্ৰোহীয়ে এক ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে। এই আক্ৰমণত অতিকমেও ৪৫জন পাক সেনা জোৱান নিহত হোৱা বুলি দাবী কৰিছে নিষিদ্ধঘোষিত সংগঠন ‘বেলুচিস্তান লিবাৰেচন আৰ্মী’ (BLA)-এ। ঘটনাটোত আন বহুকেইজন জোৱান গুৰুতৰভাৱে আহত হৈছে। অৱশ্যে পাকিস্তান সেনাৰ তৰফৰ পৰা বৰ্তমানলৈকে এই আক্ৰমণক লৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।
বিএলএৰ (BLA) মুখপাত্ৰ জিয়ান্দ বেলুচে এক বিবৃতিযোগে প্ৰকাশ কৰা মতে, তেওঁলোকৰ সংগঠনৰ বিশেষ ‘ফাতাহ স্কোয়াড’-এ এই আক্ৰমণ চলাইছে। পাকিস্তান সেনাৰ জোৱান কঢ়িয়াই নিয়া এখন বাছক লক্ষ্য কৰি বিদ্ৰোহীসকলে খাপ পিটি আছিল। মুস্তং জিলাৰ খডকোচা অঞ্চলত সেনাৰ বাছখন উপস্থিত হোৱাৰ লগে লগে তাত এক শক্তিশালী বোমা বিস্ফোৰণ ঘটোৱা হয়। বিএলএৰ দাবী অনুসায়ী, বাছখনত থকা অধিকাংশ পাক সেনাৰে থিতাতে মৃত্যু ঘটে।
সংগঠনটোৱে জনাইছে যে অতি সোনকালে তেওঁলোকে এই আক্ৰমণৰ সবিশেষ তথ্য আৰু ভিডিঅ’ ৰাজহুৱা কৰিব। ইফালে, পাকিস্তান চৰকাৰ বা সামৰিক বাহিনীয়ে সমগ্ৰ ঘটনাটোক লৈ এতিয়াও নিমাত হৈ আছে।
উল্লেখযোগ্য যে বেলুচিস্তানত পাকিস্তান সেনাৰ ওপৰত বেলুচ বিদ্ৰোহীৰ আক্ৰমণৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। বিদ্ৰোহীসকলক দমন কৰিবলৈ পাক সেনায়ো অভিযান চলাই আহিছে, যাৰ ফলত দুয়োপক্ষৰ মাজত প্ৰায়ে সংঘৰ্ষৰ সৃষ্টি হয়। ইয়াৰ পূৰ্বে বিগত মে’ মাহতো সেনাৰ কনভয়ক লক্ষ্য কৰি বিএলএই এক আইইডি আক্ৰমণ চলাইছিল, য’ত ১২গৰাকী সামৰিক কৰ্মীৰ মৃত্যু হৈছিল।