নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰ্মসংস্থাপনৰ বাবে গৈ বহিঃৰাজ্যত মৃত্যু মাজুলীৰ অভিজিতৰ

বহিঃৰাজ্যত পুনৰ এজন অসমীয়া যুৱকৰ আকস্মিক তথা ৰহস্যজনক মৃত্যুৰ ঘটনাই সমগ্ৰ মাজুলী জিলাতে গভীৰ শোকৰ ছাঁ পেলাইছে। মাজুলী জিলাৰ নতুন বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত সোণোৱাল কছাৰী গাঁৱৰ অভিজিত সোণোৱাল (২৮) নামৰ এজন যুৱকৰ হায়দৰাবাদৰ
কাকিনাড়াত ৰহস্যজনকভাৱে মৃত্যু ঘটে।

প্ৰাপ্ত তথ্য মতে, বিগত মঙলবাৰে গাঁৱৰে অন্য তিনিজন যুৱকৰ সৈতে জীৱিকাৰ সন্ধানত কেৰেলা অভিমুখে ৰাওনা হৈছিল অভিজিত। কিন্তু কেৰেলা গৈ পোৱাৰ পূৰ্বেই বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বজাত কাকিনাড়া আৰক্ষীয়ে যুৱকজনক মৃত অৱস্থাত উদ্ধাৰ কৰে।

যুৱকজনৰ এই আকস্মিক মৃত্যুক লৈ এতিয়া তীব্ৰ ৰহস্যৰ সৃষ্টি হৈছে। চলন্ত ৰেলৰ পৰা অসাবধানবশতঃ পৰি যোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ’ল নে ইয়াৰ আঁৰত কোনো চক্ৰ জড়িত হৈ আছে— তাক লৈ পৰিয়ালৰ লোকে গভীৰ সন্দেহ প্ৰকাশ কৰিছে।

কোনো দুষ্কৃতিকাৰীয়ে যুৱকজনক ৰেলৰ পৰা ঠেলি পেলাই দিলে নেকি, তাক লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে। বৰ্তমান আৰক্ষীৰ তদন্তৰ পিছতহে ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ আহিব।

কৰ্মসংস্থাপনৰ বাবে ঘৰৰ পৰা ওলাই যোৱা যুৱকজনৰ এনে কৰুণ মৃত্যুত সমগ্ৰ অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।

ডিজিটেল ডেস্ক, ১৮ জুলাই

You might also like