নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত দিহানামৰ কৰ্মশালাৰ সামৰণি

অসমীয়া সমাজ-সংস্কৃতিৰ এক অমূল্য ঐতিহ্য দিহানাম আৰু নেগেৰা বাদনৰ সংৰক্ষণ তথা নতুন প্ৰজন্মৰ মাজত ইয়াৰ প্ৰতি আগ্ৰহ সৃষ্টিৰ লক্ষ্যৰে অন্তৰংগ গোট, ডিব্ৰুগড়ৰ উদ্যোগত লক্ষ্মীনাথ বেজবৰুৱা ভৱনত আয়োজিত তিনিদিনীয়া দিহানাম আৰু নেগেৰা বাদন প্ৰশিক্ষণ কৰ্মশালাৰ সফল সামৰণি হয়।

কৰ্মশালাত ডিব্ৰুগড়ৰ লগতে বিভিন্ন প্ৰান্তৰ প্ৰায় তিনি শতাধিক জীয়ৰী-বোৱাৰী, কিশোৰ-কিশোৰীয়ে উৎসাহেৰে অংশগ্ৰহণ কৰে।কৰ্মশালাৰ প্ৰথম দিনাৰ কাৰ্যসূচী উদ্বোধন কৰে বিশিষ্ট লেখক তথা সমাজসেৱক লম্বিত বৰুৱাই।

প্ৰথম দিনা কমলাবাৰী সত্ৰৰ বৈষ্ণৱ শিৱপ্ৰসাদ হাজৰিকাই দিহানামৰ প্ৰশিক্ষণ প্ৰদান কৰে। দ্বিতীয় দিনা ডিব্ৰুগড়ৰ বিশিষ্ট নামাচাৰ্য তথা দিহানামৰ সাধক মুক্তিনাথ বৰগোহাঁইয়ে আৰু অন্তিম দিনা ভাগৱত আচাৰ্য তথা দিহানামৰ সাধক লোহিত সন্দিকৈয়ে অংশগ্ৰহণকাৰীসকলক প্ৰশিক্ষণ দিয়ে।

কৰ্মশালাজুৰি নেগেৰা বাদনৰ প্ৰশিক্ষণ প্ৰদান কৰে বিশিষ্ট নেগেৰা বাদক মাধুৰ্য্য বৰগোহাঁই,খোল আৰু তালত বাদ্য সংগত কৰে ৰাজীৱ দত্ত আৰু দুৰ্লভ গগৈয়ে৷সামৰণি অনুষ্ঠানত সমাজসেৱাৰ ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে নীৰৱ সমাজসেৱক কমল হাজৰিকাক অন্তৰংগ গোটৰ তৰফৰ পৰা “সমাজ প্ৰাণ বঁটা” প্ৰদান কৰা হয়। লগতে কৰ্মশালাত অংশগ্ৰহণ কৰা তিনি শতাধিক শিক্ষাৰ্থীক মানপত্ৰ বিতৰণ কৰা হয়।

সামৰণী অনুষ্ঠানত তিনিচুকীয়া জিলাৰ আদৰ্শ সত্ৰৰ সত্ৰাধিকাৰ মুনমুন দেৱগোস্বামী, নামাচাৰ্য প্ৰশান্ত বৰা, নামাচাৰ্য-কবি জোনমণি চেতিয়া আৰু ভাৱৰীয়া বৈষ্ণৱ ৰাহুল দাস উপস্থিত থাকে।

বিবিজান দত্তই আঁত ধৰা মুকলি সভাত ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক তথা সাংবাদিক ৰাতুল বুঢ়াগোহাঁই, ডিব্ৰুগড় আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক চান্দম সোণোৱাল, এম ডি ফাউণ্ডেচনৰ অধ্যক্ষ মাধৱ দাস, সদৌ অসম কৈৱৰ্ত যুৱ-ছাত্ৰ সন্মিলনৰ সাংগঠনিক সম্পাদক আনিত্য দাস, সদৌ অসম বাঙালী ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক তাপস দাসকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

বিশিষ্ট অতিথিৰ ভাষণত সাংবাদিক ৰাতুল বুঢ়াগোহাঁইয়ে অন্তৰংগ গোটৰ এই প্ৰশংসনীয় পদক্ষেপক শলাগ লৈ কয় যে, দিহানাম অসমীয়া সমাজ-সংস্কৃতিৰ এক অমূল্য ঐতিহ্য। দিহানামে ঈশ্বৰৰ প্ৰতি ভক্তি, সমাজৰ ঐক্য আৰু মানৱীয় মূল্যবোধৰ এক সুন্দৰ প্ৰকাশ ঘটায়।

তেওঁ কয়, দিহানাম গোৱা বা শ্ৰৱণ কৰিলে মন শান্ত হয়, আত্মিক শক্তি বৃদ্ধি পায় আৰু নামঘৰ, ঘৰুৱা পূজা, শুভ অনুষ্ঠান তথা বিভিন্ন ধৰ্মীয় উৎসৱত এক পৱিত্ৰ পৰিৱেশৰ সৃষ্টি হয়। লগতে দিহানামে মানুহৰ মাজত ভ্ৰাতৃত্ববোধ, সহযোগিতা আৰু সামাজিক সম্প্ৰীতি সুদৃঢ় কৰাৰ লগতে নতুন প্ৰজন্মক নিজৰ ভাষা, সংস্কৃতি আৰু আধ্যাত্মিক মূল্যবোধৰ সৈতে সংযোগ স্থাপনতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

এই দিশত অন্তৰংগ গোটে গ্ৰহণ কৰা গঠন মূলক পদক্ষেপক তেওঁ সময়োপযোগী আৰু অত্যন্ত প্ৰশংসনীয় বুলি অভিহিত কৰে। আনহাতে সত্ৰাধিকাৰ মুনমুন দেৱগোস্বামীয়ে দিহানামৰ তাৎপৰ্য সন্দৰ্ভত বক্তব্য প্ৰদান কৰাৰ লগতে অংশগ্ৰহণকাৰী সকলক আৰ্শীবাদ প্ৰদান কৰে।

বিশেষ বাৰ্তা, ডিব্ৰুগড়, ১৮ জুলাই

You might also like