ব্যক্তিগত সন্মানৰ তালিকাতো স্পেইনৰ আধিপত্য, এমবাপেলৈ গ’ল্ডেন বুট
ফিফা বিশ্বকাপ ২০২৬ত স্পেইনৰ ঐতিহাসিক খিতাপ জয়ৰ প্ৰভাৱ ব্যক্তিগত সন্মানসমূহতো স্পষ্টভাৱে দেখা গ’ল। বিশ্বকাপৰ তিনিটা গুৰুত্বপূৰ্ণ বঁটা স্পেইনৰ খেলুৱৈয়ে দখল কৰাৰ বিপৰীতে ফ্ৰান্সৰ অধিনায়ক কিলিয়ান এমবাপে পুনৰবাৰ গ’ল্ডেন বুট জয় কৰে।
নিউ জাৰ্ছিৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত আৰ্জেণ্টিনাক অতিৰিক্ত সময়ত ১-০ গ’লত পৰাস্ত কৰি স্পেইনে বিশ্বকাপ জয় কৰাৰ পিছত ফিফাই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী খেলুৱৈসকলক সন্মান জনাই বিভিন্ন বঁটা ঘোষণা কৰে।
স্পেইনৰ মিডফিল্ডাৰ ৰ’ড্ৰিয়ে বিশ্বকাপৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হিচাপে গ’ল্ডেন বল লাভ কৰে। মুকুট জয়ৰ সমগ্ৰ অভিযানত তেওঁ মিডফিল্ডত অসাধাৰণ নিয়ন্ত্ৰণ আৰু নেতৃত্ব প্ৰদৰ্শন কৰে।
মানচেষ্টাৰ চিটিৰ এই তাৰকা খেলুৱৈগৰাকীয়ে প্ৰায় প্ৰতিখন খেলতে খেলৰ গতি নিয়ন্ত্ৰণ কৰি স্পেইনক দ্বিতীয়বাৰৰ বাবে ফিফা বিশ্বকাপৰ খিতাপ দখল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
স্পেইনৰ গ’লৰক্ষক উনাই ছিমনে লাভ কৰে গ’ল্ডেন গ্লভ বঁটা। স্পেইনৰ শক্তিশালী ৰক্ষণভাগৰ মূল ভেটি আছিল ছিমন।
তেওঁ ৮খন খেলত ৭খনতে ক্লীন শ্বীট অৰ্জন কৰে। সমগ্ৰ বিশ্বকাপত স্পেইনে মাত্ৰ এটা গ’লহে হজম কৰে। লগতে ছিমনে এক বিশ্বকাপ অভিলেখ গঢ়ি একেৰাহে ৬৫০ মিনিট গ’ল নোখোৱাৰ কৃতিত্ব অৰ্জন কৰে।
স্পেইনৰ ১৯ বছৰীয়া ডিফেণ্ডাৰ পাউ কুবাৰ্ছিয়ে লাভ কৰে ফিফা বেষ্ট ইয়ং প্লেয়াৰ বঁটা। ৰক্ষণভাগত তেওঁৰ শান্ত, পৰিপক্ব আৰু প্ৰভাৱশালী প্ৰদৰ্শনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। স্পেইনৰ অভিলেখ সৃষ্টিকাৰী শক্তিশালী ৰক্ষণ ব্যৱস্থাত কুবাৰ্ছিৰ ভূমিকা আছিল অত্যন্ত গুৰুত্বপূৰ্ণ।
ফ্ৰান্সৰ অধিনায়ক কিলিয়ান এমবাপে বিশ্বকাপৰ সৰ্বাধিক গ’লদাতা হিচাপে গ’ল্ডেন বুট লাভ কৰে। তেওঁ ৮খন খেলত মুঠ ১০টা গ’ল কৰে। ফ্ৰান্সে একেৰাহে তৃতীয়বাৰৰ বাবে বিশ্বকাপ ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলেও এমবাপেৰ ব্যক্তিগত প্ৰদৰ্শন আছিল অসাধাৰণ।
তেওঁ একেৰাহে দুটা বিশ্বকাপত গ’ল্ডেন বুট লাভ কৰা প্ৰথমজন খেলুৱৈ হিচাপে ইতিহাস ৰচনা কৰে। লগতে পুৰুষৰ ফিফা বিশ্বকাপ ইতিহাসত সৰ্বাধিক গ’লদাতা হিচাপে তেওঁৰ মুঠ গ’লৰ সংখ্যা ২২টালৈ বৃদ্ধি পায়।
ইফালে, প্ৰতিযোগিতাত উৎকৃষ্ট শৃংখলা আৰু ক্ৰীড়াসুলভ মনোভাৱ প্ৰদৰ্শনৰ বাবে নেদাৰলেণ্ডছে ফিফা ফেয়াৰ প্লে বঁটা লাভ কৰে।
ফিফা বিশ্বকাপ ২০২৬ৰ বঁটা বিজয়ীৰ তালিকা
গ’ল্ডেন বল: ৰ’ড্ৰি (স্পেইন)
ছিলভাৰ বল: লিঅ’নেল মেছি (আৰ্জেণ্টিনা)
ব্ৰঞ্জ বল: কিলিয়ান এমবাপে (ফ্ৰান্স)
গ’ল্ডেন বুট: কিলিয়ান এমবাপে (ফ্ৰান্স)
ছিলভাৰ বুট: লিঅ’নেল মেছি (আৰ্জেণ্টিনা)
ব্ৰঞ্জ বুট: জুড বেলিংহাম (ইংলেণ্ড)
গ’ল্ডেন গ্লাভ: উনাই ছিমন (স্পেইন)
ফিফা বেষ্ট ইয়ং প্লেয়াৰ: পাউ কুবাৰ্ছি (স্পেইন)
ফিফা ফেয়াৰ প্লে ট্ৰফী: নেদাৰলেণ্ডছ
ডিজিটেল ডেস্ক, ২০ জুলাই